পৃষ্ঠা:সম্ভৱতঃ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰিলে। দেউতাকৰ ব্যক্তিত্বৰ আঁৰত সদায় লুকাই থকা মাকৰ বুকুৰ হাহাকাৰখিনি, কাঁহিত ভাত বাঢ়ি লওঁতে চকুৰ কোণত লুকুৱাই ৰখা চকুপানীখিনি ডেৰশ কিলোমিটাৰ দূৰত থাকিও ব্যস্ততাৰ আঁৰে আঁৰে মাজনীয়ে অনুভৱ কৰি থাকিল। সেইবাৰ মাজনীৰ একমাত্ৰ ননদ বসুন্ধৰা ঘৰলৈ আহিছিল। প্ৰথম প্ৰসৱৰ সময়। মাকৰ ঘৰৰ আদৰ-যত্ন আৰু নিৰাপত্তাবোধৰ আৱশ্যক।

 ‘ইয়াৰ পাছত ছুটী পালেই...’ তাইৰ মূৰত হাত বুলাই যথেষ্ট সহমৰ্মিতাৰে অনুজে তাইক প্ৰতিশ্ৰুতি দিছিল— বসুন্ধৰা যোৱাৰ পাছতে দুয়ো এইবাৰ ঘৰলৈ যাব।

 নতুন ঘৰখনৰ চুক কোণবোৰ মাজনীৰ চিনাকি হৈ উঠিল। দেওৰেকে ভাল পোৱা চিকেন-বিৰিয়ানি, শাহুৱেকৰ আলু পৰঠা আৰু অনুজৰ প্ৰিয় নৰসিংহৰ জোলখন বনোৱাত মাজনী পাকৈত হ’ল। কলেজৰ ক্লাচ কেইটা সামৰি আহি আজৰি পৰত খিৰিকী খুলি গজল শুনাৰ পৰিৱৰ্তে অনুজৰ ইচ্ছামতে চিনেমা চাবলৈ বা শাহুৱেকক সংগ দিবলৈ টিভিৰ ওচৰত বহিবলৈ তাইৰ বেয়া নলগা হ'ল। কিন্তু আনৰ পচন্দমতে ৰন্ধাৰ সময়ত মাজনীৰ ঠিকেই মনত থাকিল তাইৰ অনুপস্থিতিত তাইৰ প্ৰিয় মাছ জাতিলাওৰ আঞ্জাখন বনাবলৈ মাকৰ ছাগৈ কষ্ট হয়...। দেউতাকে বজাৰ কৰি অনাৰ পাছত কলডিলটো কাটিবলৈ ধৰা মাকক ছাগৈ কয় “আজি নালাগেচোন দিয়া। মাজনী আহেইবা! তাই আকৌ কলডিল বৰ ভাল পায় নহয়।” স্মৃতিৰ অনুচ্ছ গুণগুণনিবোৰে অনবৰতঃ তাইৰ সোঁৱে-বাঁৱে অগা-ডেৱা কৰি থাকিলেও কলেজ আৰু ভৰা ঘৰ এখনৰ আব্দাৰ অনুযোগবোৰ আওকাণ কৰি মাক উেতাকৰ দেউতাকৰ উৎকণ্ঠা প্ৰতীক্ষাৰ অন্ত পেলাবলৈ বহাগ বিহুৰ আগলৈকে তাই ঘৰলৈ যাব নোৱাৰিলে। বহাগ বিহুৰ সময়তে শাহুৱেকৰ সৰু ষ্ট্ৰক এটা হ’ল। ডাঙৰ জাক-বৰজনাক, দেওৰেক আৰু আলধৰা মানুহ এজাক থাকিলেও ঘৰখনত তাইৰ উপস্থিতিৰ বোলে অতীব প্ৰয়োজন। নহ’লে বেয়া দেখি। অনুজৰ যুক্তি!

 এসোপা অভিযোগ আৰু তাৰ আঁৰে আঁৰে এটা প্ৰবল ক্ষোভ মাজনীৰ বুকুৰ ভিতৰত উমি উমি জ্বলিবলৈ ধৰিলে।

 গোসাঁই বিহুৰ দিনা খুৰাকৰ ল’ৰা বিজয়ে ফোন কৰিলে— ‘মাজনীবা, বৰদেউতাই মোকে পঠিয়ালে তোৰ খবৰ ল’বলৈ। বৰদেউতাৰ কেইদিনমানৰ পৰা জ্বৰ। ফোন কৰিবলৈ আহিব পৰা নাই। ভাল পালেই আহিব।’ মাজনীহঁতৰ ঘৰৰ পৰা টাউনৰ পিচিঅ লৈ সাত কিলোমিটাৰ দূৰ।

 ‘অনুজ, কাইলৈ মই ঘৰলৈ যাম।’ সেইদিনা ৰাতি খুউব শীতল দৃঢ় সুৰ এটাৰে মাজনীয়ে ক’লে। ব্যৱসায় সম্পৰ্কীয় কাগজ-পত্ৰ অলপ খুব মনোযোগেৰে খুচৰি থকাৰ পৰা বিৰক্তিৰে মূৰ তুলি অনুজে প্ৰশ্নবোধক দৃষ্টি এটা নিক্ষেপ কৰিলে তাইলৈ।

 ‘দেউতাৰ অলপ জ্বৰ হেনো! বিজয়ে ফোন কৰিছিল।’ এক গভীৰ অক্ষমতাৰ দুখে তাইৰ মাতটো বিৰিণা পাতৰ দৰে কঁপাইছিল।

 ‘কিন্তু, মাৰ এই অৱস্থাত এনেদৰে...। মা আৰু বৌক কি বুলি ক’বা? বসুধাহঁতেও হাঁহিব মোক৷’ অলপ ইতঃস্ততঃ কৰি অনুজ বিছনাখনতে পোন হৈ বহিল।

 ‘মা এতিয়া সম্পূৰ্ণ সুস্থ। মই ভাবিছিলো তোমাকো যোৱাৰ কথা ক’ম। কিন্তু…….’ চকুলৈ

সম্ভৱতঃ ● ৭৩