৪৬
(দ্বাৰকাৰ বাহিৰৰ সাগৰৰ পাৰত। চিত্ৰ এখোজ দুখোজকৈ গৈ থাকে; অনিৰুদ্ধ মুগ্ধ অৱস্থাত পাছে পাছে।)
অনিৰুদ্ধ:
|
সঁচাকৈয়ে ইমান সুন্দৰী? মোৰ কল্পনাৰ সেই অনিন্দ্য সুন্দৰ মূৰ্তিখনি তোমাৰ প্ৰত্যেক কথাই কথাই উজ্জ্বল হৈ আহিব লাগিছে; সহস্ৰ সুন্দৰ হৈ মোৰ আগত হাঁহিব লাগিছে। চিত্ৰ—
|
চিত্ৰ:
|
জোনালী নিশা যেতিয়া গোটেই পৃথিৱীত ৰূপৰ জেউতি চৰি উঠে—আকাশত যেতিয়া শত-সহস্ৰ তৰাবোৰে জেউতি বিলাই হাঁহি উঠে আৰু সেই সৌন্দৰ্যত বুৰ গৈ নিজৰাটিয়ে যেতিয়া কুলকুলুকৈ বৈ গৈ বিৰাট সৌন্দৰ্যৰ সৃষ্টি কৰে— তাকো সেই ৰূপৰ সৈতে ৰিজাব নোৱাৰি।
|
অনিৰুদ্ধ:
|
চিত্ৰ— চিত্ৰ— ইমান সুন্দৰী?
|
চিত্ৰ:
|
কুমাৰ, মন কৰিছানে?
|
চিত্ৰ:
|
পুৱা যেতিয়া হেঙুলি ঊষাৰ কিৰণ আহি গোলাপৰ পাহিত ওলমি থকা নিয়ৰৰ মুকুতাবোৰত পৰি জিলিঙনি তোলে, আকাশত যেতিয়া এটা ৰংচুৱা দিগন্ত-বিয়পা সৌন্দৰ্যৰ সৃষ্টি কৰি গোটেই বিশ্বসংসাৰ সেই সৌন্দৰ্যত অভিভূত কৰি এক মহান মোহিনী সৌন্দৰ্যৰ সৃষ্টি কৰে—
|
অনিৰুদ্ধ:
|
মই চাওঁ— মই চাওঁ—
|
চিত্ৰ:
|
মধুৰ বসন্তত যেতিয়া গছে গছে কুঁহিপাতবোৰ গজিবলৈ
|