লীলা/সৰ্গ-৯

ৱিকিউৎসৰ পৰা
[ ২৩ ]
৯। সৰ্গ।


বিবাহ-বান্ধোন।

 দেখিছিলোঁ বিবাহৰ কত ৰীতি-নীতি,
বৰ-ব্ৰত-ধৰা কত বান্ধৱ জনৰ।
বুজা নাই মন-প্ৰাণ কি যে কৰে তাৰ,
কি ভাৱে নেচায় হিয়া, বিয়া-মহাদিনা।
সুখ-দুখ, লাজ-মান, আনন্দ-বেজাৰে,
একাকাৰে উলাহত কৰি তিৰ্‌বিৰ্‌,
কঁপালে হৃদয় মোৰ, কঁপিল শৰীৰ,
মাতৃয়ে যেতিয়া হাঁয়, ধৰিলে আঁচল
বেঈ-ঘূৰণিত; নাৰী মণ্ডলৰ মাজে।
সুমধুৰ গীত-বাদ্য, ৰাগিণী পঞ্চম,
কোকিলৰ কুহু ৰাৱ, কবিতাৰ সুৰ,
বাজিছিল প্ৰাণে মোৰ, অমৃত সমান।
কামিনীৰ কণ্ঠে কিন্তু ঢালিলে যি সুৰ
সিখিনি পৰত, নেপাওঁ উপমা তাৰ
গীত, ৰাগ, কুহু ৰাৱ, কবিতা-সুৰত!
মধুৰ মোখনী তাৰ, মঙ্গল-উৰুলি।
ইৰূপে দু-ৰাতি আৰু গল তিন দিন,

[ ২৪ ]

পৱিত্ৰ বৰৰ ব্ৰত কৰি আচৰণ,
দেৱতা সদৃশ,হাঁয়, মানৱ-জীৱনে;—
ভাবিলোঁ মানৱে এদিনা দেৱত্ব পায়!
আগে-পিচে হাঁহে-নাচে, আনন্দ অপাৰ!
অদ্ভুত কি বস্তু হলোঁ? বেৰি বেৰি মোক
জোমা-জুমি, চোৱা-চুই মন্তব্য প্ৰকাশ।
স্বপ্নৱত অনুভৱ, দিঠকৰ প্ৰাণে;
ভিতৰি আবেগ এটি, জীৱন্ত জাগ্ৰত,
উগুলথুগুল কৰি, কি যে কৰে হিয়া।
অৰ্থশূন্য ভাব তাৰ, নেদেখা উদ্দেশ্য,
বাহ্যিক চকুত তাৰ, নেদেখা ছঁয়াটি,
অব্যক্ত ভাবৰ সুৰে নীৰৱে বিনায়।
মুখত নুফুটে কথা; হিয়াৰ আবেগ
কপালে বিৰিঙ্গি হাঁয়, পৰিল বাগৰি,
প্ৰিয়তমা অৰ্দ্ধাঙ্গিনী, অৰ্দ্ধাঙ্গৰ বাৱেঁ,
ললেহি আসন যেবে সমাজৰ মাজে।
দীৰ্ঘ ওৰণীক ভেদি জিলিকনিটিয়ে
উদঙ্গালে হিয়া মোৰ; হল প্ৰতিভাত
প্ৰিয়তমা অনুকৃতি, হৃদয়-ফলিত।
শান্তিৰ শীতল তেজ বলে প্ৰতি সিৰে।
অঙ্গে অঙ্গে পৰশন, যেবে হাতে-হাত;
পুলকিত মন-প্ৰাণ, অস্থিৰ শৰীৰ;
আবেগৰ উলাহত দুয়ো অঙ্গ কঁপে;
টলবল প্ৰাণ হাঁয়, হাত থৰবৰ!

[ ২৫ ]

বিদ্ৰূপ-চাহনি হানে, সমুখৰপৰা,
সমনীয়া বন্ধুজনে, পেলাই ঠেকত।—
লাজে মূছকঁছ হাঁয়, গুৰুজন আগে।
প্ৰাণে-প্ৰাণ হল বন্ধা, দাম্পত্য বান্ধেৰে;
দেখালে বাহিৰে পূণ্য মিলনৰ চিন,—
পৱিত্ৰ সি লগগাঁথি, পৱিত্ৰ ভাবৰ।