পৃষ্ঠা:লীলা.pdf/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৬১৭
লীলা

পৱিত্ৰ বৰৰ ব্ৰত কৰি আচৰণ,
দেৱতা সদৃশ,হাঁয়, মানৱ-জীৱনে;—
ভাবিলোঁ মানৱে এদিনা দেৱত্ব পায়!
আগে-পিচে হাঁহে-নাচে, আনন্দ অপাৰ!
অদ্ভুত কি বস্তু হলোঁ? বেৰি বেৰি মোক
জোমা-জুমি, চোৱা-চুই মন্তব্য প্ৰকাশ।
স্বপ্নৱত অনুভৱ, দিঠকৰ প্ৰাণে;
ভিতৰি আবেগ এটি, জীৱন্ত জাগ্ৰত,
উগুলথুগুল কৰি, কি যে কৰে হিয়া।
অৰ্থশূন্য ভাব তাৰ, নেদেখা উদ্দেশ্য,
বাহ্যিক চকুত তাৰ, নেদেখা ছঁয়াটি,
অব্যক্ত ভাবৰ সুৰে নীৰৱে বিনায়।
মুখত নুফুটে কথা; হিয়াৰ আবেগ
কপালে বিৰিঙ্গি হাঁয়, পৰিল বাগৰি,
প্ৰিয়তমা অৰ্দ্ধাঙ্গিনী, অৰ্দ্ধাঙ্গৰ বাৱেঁ,
ললেহি আসন যেবে সমাজৰ মাজে।
দীৰ্ঘ ওৰণীক ভেদি জিলিকনিটিয়ে
উদঙ্গালে হিয়া মোৰ; হল প্ৰতিভাত
প্ৰিয়তমা অনুকৃতি, হৃদয়-ফলিত।
শান্তিৰ শীতল তেজ বলে প্ৰতি সিৰে।
অঙ্গে অঙ্গে পৰশন, যেবে হাতে-হাত;
পুলকিত মন-প্ৰাণ, অস্থিৰ শৰীৰ;
আবেগৰ উলাহত দুয়ো অঙ্গ কঁপে;
টলবল প্ৰাণ হাঁয়, হাত থৰবৰ!