লীলা/সৰ্গ-৮
ইহেন সমস্যা লই থাকোতে বিমোৰ,
পিতৃ-আজ্ঞা বিবাহৰ পালেহি ওচৰ।
প্ৰতিহত নদে যেন ভাঙ্গি বালিভেটা,
নিৰ্ব্বিবাদে পিতৃ-আজ্ঞা ধৰিলোঁ শিৰত।
সিৰে-ৰোৱা আবেগৰ শতধাৰা সোঁত,
বাগৰিল দুটি ধাৰে, দুগাল ঢৌৱাই।
মুহূৰ্ত্তে আহিল চিন্তা;—দেখা নাই আগে
কি ৰূপ ধৰিছে প্ৰিয়া। চিনিম কি মতে,
অৰ্দ্ধাঙ্গিনী বুলি মোৰ?—মায়াযুত চকু!
আৰু
নিৰুপায়,—পাত্ৰী বাছনিৰ ভাৰ
পিতৃ-দেৱতাত। পিতৃগুৰুদেৱে যেবে
পাচিলে আদেশ বাণী পুত্ৰশিৰলই,
কি সাধ্যে অন্যথা কৰোঁ জন্মগুৰু-ডাক।
ললোঁ খোজ ধীৰে ধীৰে, ভবিষ্য নেভাবি,
চিন্তি মাথোঁ মনে-প্ৰাণে বিধিৰ বিধান;
যাৰ ইচ্ছা অনুসাৰে সৃষ্ট অৰ্দ্ধাঙ্গিনী।
কহিমা শিখৰ এৰি নামিলোঁ ভৈয়াম;
নতুন উদ্দেশ্য লই নৱ আবেগত।
ভিতৰি আশঙ্কা এটি জ্বলে মিট্মিট্,
অঘটন ঘটে জানো,—অন্য অৰ্দ্ধাঙ্গিনী!—
আচৰিত, বাছনিত পৰিল সঁচাকে',
অন্য এক অৰ্দ্ধাঙ্গিনী মানৱ চকুত!
সাধ্য কি প্ৰকৃত ধৰে মায়াৰ মানৱে।
ভাগ্যে মোৰ কিন্তু হাঁয়,—বিধিৰ লিখন,—
লৰিল যতেকমানে মানৱ ব্যৱস্থা।
ললেহি আপুনি যেন, পাত্ৰীৰ আসন,
অৰ্দ্ধাঙ্গিনী লীলা মোৰ আচম্বিত ভাৱে;
পূৰ্ব প্ৰেম লীলা-খেলা লই লীলাৱতী!
জনমত দেখা নাই; তথাপি প্ৰাণত
অদৃশ্য ধাৰেৰে বলে মিলনৰ সোঁত;—
চিনিলে আত্মাই মোৰ, অৰ্দ্ধ-আত্মা তাৰ।