সমললৈ যাওক

লীলা/সৰ্গ-৭

ৱিকিউৎসৰ পৰা
[ ১৯ ]
৭। সৰ্গ।
বৈৰাগ্য-আবেগ।

ইভাৱে কৰিলোঁ পাৰ বৰ্ষ দুইমান
সঁপি মন-প্ৰাণ, কৰ্তব্য পালন হেতু।
ভাবিছিলোঁ, সৃষ্টিৰ মহিমা ৰূপী যিবা
প্ৰকৃতিৰ শোভা, কৰি মোৰ সাৰ-পূজা,
উদ্দেশ্যৰ পাচে লৰোঁ; উন্নতি মাৰ্গত
চিৰকাল অৰ্দ্ধাঙ্গৰ পালি মহাব্ৰত।
সংসাৰ-জঞ্জালশূন্য,—মুকলিমূৰীয়া—
শোক-তাপ, ভয়, বিৰহ-সন্তাপ,
নাছিল সমূলি তাৰ অশান্তিৰ ছঁয়া।
পাঙ্গিছিলোঁ, আজীৱন যাপিম ইদৰে।
অৰ্দ্ধাঙ্গ বৈৰগী জন চাপিলে ওচৰ,
উদঙ্গাই হিয়া মোৰ, মিলাওঁ কামনা;
আনন্দ নধৰে প্ৰাণ, ভাব-মিলনত,
মনে-মনে প্ৰাণে-প্ৰাণে, হিয়ায়-হিয়ায়।
সংসাৰী বান্ধৱে যেবে অশান্তি প্ৰলাপ
মেলেহি আগত মোৰ সান্ত্বনা প্ৰত্যাশে,
বচন বুজনি মাথোঁ,—বান্ধৱ ধৰম,—
নহয় সি শোক-তাপ প্ৰাণে অনুভৱ।

[ ২০ ]

ইদৰে বৈৰাগ্য ছাঁত থাকোঁতে পাহৰি
অৰ্দ্ধাঙ্গিনী কথা মোৰ,—কোনোবা যুগৰ—
সুগন্ধি সৌৰভ তাৰ ভাহিল বিয়াপি
প্ৰকৃতিৰ কাম্য কাননত; বিয়াপিল
পৰিমল, চউপাশে এই অৰ্দ্ধাঙ্গৰ।
পৰ্ব্বতীয়া জুৰি প্ৰায় এৰি হৃদিগুহা,
প্ৰবাহিল প্ৰেমনদী প্ৰতি সিৰে সিৰে,
উতলি ভিতৰি এক আবেগ হিয়াৰ।
শিয়ঁৰি উঠিল প্ৰাণ, —কিজানো কি ভাৱে—
নীৰৱে বিনালে হাঁয়, নিফুঁট সুৰত।
শুনালোঁ প্ৰবোধ বাণী, উদ্দেশ্য প্ৰাণৰ,
জীৱনৰ মহাব্ৰত কৰালোঁ স্মৰণ।
নীৰলে পাতিলে কাণ, কান্দিলে নীৰৱে,
মনে মনে অৰ্দ্ধাঙ্গৰ অৰ্দ্ধেক পৰাণে;—
উত্ৰাৱল হৈয়ে বল, অৰ্দ্ধাঙ্গিনী ধ্যানে।
কল্পনা চকুৰে চালোঁ প্ৰিয়া-অনুকৃতি
পূৰ্ব্ব প্ৰকৃতিত; অপূৰ্ব্ব জেউতি তাৰ,
সৃষ্টি-লীলা ছাতি ধৰি, সাংসাৰিক লীলা,
বিৰিঙ্গি উঠিল হাঁয়, ব্ৰহ্মাণ্ড বিয়াপি।