পৃষ্ঠা:লীলা.pdf/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


৭। সৰ্গ।
বৈৰাগ্য-আবেগ।

ইভাৱে কৰিলোঁ পাৰ বৰ্ষ দুইমান
সঁপি মন-প্ৰাণ, কৰ্তব্য পালন হেতু।
ভাবিছিলোঁ, সৃষ্টিৰ মহিমা ৰূপী যিবা
প্ৰকৃতিৰ শোভা, কৰি মোৰ সাৰ-পূজা,
উদ্দেশ্যৰ পাচে লৰোঁ; উন্নতি মাৰ্গত
চিৰকাল অৰ্দ্ধাঙ্গৰ পালি মহাব্ৰত।
সংসাৰ-জঞ্জালশূন্য,—মুকলিমূৰীয়া—
শোক-তাপ, ভয়, বিৰহ-সন্তাপ,
নাছিল সমূলি তাৰ অশান্তিৰ ছঁয়া।
পাঙ্গিছিলোঁ, আজীৱন যাপিম ইদৰে।
অৰ্দ্ধাঙ্গ বৈৰগী জন চাপিলে ওচৰ,
উদঙ্গাই হিয়া মোৰ, মিলাওঁ কামনা;
আনন্দ নধৰে প্ৰাণ, ভাব-মিলনত,
মনে-মনে প্ৰাণে-প্ৰাণে, হিয়ায়-হিয়ায়।
সংসাৰী বান্ধৱে যেবে অশান্তি প্ৰলাপ
মেলেহি আগত মোৰ সান্ত্বনা প্ৰত্যাশে,
বচন বুজনি মাথোঁ,—বান্ধৱ ধৰম,—
নহয় সি শোক-তাপ প্ৰাণে অনুভৱ।