লীলা/সৰ্গ-৬

ৱিকিউৎসৰ পৰা
[ ১৭ ]
৬। সৰ্গ।
প্ৰকৃতি-বিভৱ।

সুন্দৰ সি নাগৰাজ্য, শ্যাম পৰ্ব্বতত,
কহিমা নামেৰে ঠাই, বৃটিচ্‌ নগৰ;
একে নাম নগা-চাং ধৰে শিতানত।
আতিকে সৰল তাৰ নিজাপি সুজন,
উলঙ্গ সন্ন্যাসী, অহ, উদাৰ ভাবত;
ঘিণায় কৃত্ৰিম শোভা সভ্যতাৰ সাজ।
বনৰ হৰিণা সতে সৰল প্ৰাণেৰে,
সমানে বিহাৰ কৰে বিজান প্ৰকৃতি।
নিজৰানিসৃত নীৰ, অমৃত সমান,
সুখ-খাদ্য ফল-মূল, প্ৰকৃতি-বিভৱ,
দুয়োৱে সমান ভাগী, দুয়ে বনচৰ।
গভীৰ গহ্বৰ ভেদি অত্যুচ্চ বিৰিখে
সমথল সমানত হই একাকাৰ,
ধৰে শোভা বিতোপন! আবেলি বেলিকা
হেঙ্গুলি ৰহণে যেবে তিৰ্‌বিৰ্‌ কৰি
শোভে শীতল পাটীটি,—চেঁচনি বুকুৰে—
ইচ্ছা হয় লভোঁ শান্তি ক্ষেন্তেক বাগৰি,
অতৃপ্ত সুখৰ ভোগ ভোগোঁ প্ৰাণভৰি।

[ ১৮ ]

আলাসত ভ্ৰমি ফুৰা মেঘদূতগণ,
উলাহত উৰি ফুৰে বাতৰি বিলাই
অযাচিতে কাৰোবাৰ; আপোন পাহৰা!
কৰে কাৰোবাক, হাঁয়, আপোন পাহৰি!
চাপিলে ওচৰ দেহি, সুকোমল হিয়া
যায় পমি আবেগত!—ৰহস্য অপাৰ!
দূৰণিৰ দৃষ্টি-ৰেখা, মন-চিত-হৰা,
চাওঁতে চাওঁতে, অহ, শ্যামা প্ৰকৃতিয়ে
নিশ্বাস্‌ নিৰোধি যেন প্ৰাণ কাঢ়ি লয়!
আৰু যত সৌন্দৰ্য্যৰ গুপুত সম্ভাৰ,
উদিয়াই শাৰী শাৰী পাতিছে পোহাৰ;—
কিনোতা মানৱ প্ৰাণ, বেচোঁতী প্ৰকৃতি।
অৰক্ষিতে আছে পৰি;—সাধ্য কিন্তু কাৰ
লয় তুলি কিবা এটি, সলনিত তাৰ,
নেবেচিলে মন-প্ৰাণ,—একমাত্ৰ বেচ।