লীলা/সৰ্গ-২১

ৱিকিউৎসৰ পৰা

[ ৬৬ ]

২১। সৰ্গ।
প্ৰবাসী সংসাৰ।

নতুন সাজেৰে পুনু পূৰ্ব্ব সংসাৰৰ,
প্ৰবাসত পাতি ঘৰ, ভোগ আৰম্ভণ।
সবান্ধৱে গৃহস্থালী, ভাই-ভতিজাৰে,
আৰু শিষ্য-পুত্ৰ সমন্বিতে। লীলা মোৰ
বিস্তাৰিলে ওপচনি সাংসাৰিক মায়া।
দুখ, তাপ, ৰোগ, শোক, শতেক অপায়ে,
নিয়ঁতী আঁচল ধৰা, সংসাৰী ৰথত,
আবৰিলে গৃহস্থৰ ধৰ্ম্মক ধিয়াই।
চৰিল গৃহিণী গুণ, সোণ-পোৰা হই।
ডাল-পাত আৰু কত, জীৱন যুঁজৰ,
ঠেকা-ঠেকি, লগা-যুঁজা, মান-অপমান;
সংসাৰ-পদুলি জুৰি সশস্ত্ৰ প্ৰহৰী।
যশস্যা, গৌৰৱ-আশা, আত্মজীৱনৰ,
মজ্জাগত প্ৰাণ হাঁয়, মুগ্ধ মানৱৰ।
মায়াৰ ওৰণী টনা লীলা প্ৰতিভাৰো
বনালে আশাৰ পখী শূন্য আকাশত;
পকা ভেটী কল্পনাৰ সুখবৰ হেতু।

[ ৬৭ ]

আচৰিত সৃষ্টি-লীলা, লীলা-জীৱনৰ;
পূৰিল মনৰ আশা, মৰীচিকা ভেদি,
লভিল আসন এক উচ্চতৰ খাপে।
মিলনৰ পাচে যেনে পুৰ্ব্বৰাগ সুখ;
পিপাসা নিবৃত্তি পাচে, পানী হাবিয়াষ।
অভাব পূৰণ শেষে, লাভ হেতু আশা,
উজ্বলি নিস্তেজ পুনু লীলাৰ হিয়াত;
দুদিনীয়া সংসাৰৰ, স্বপ্নৱত সুখ!
ঘূৰালে বিৰাগ মুখ; আত্ম নামধ্যানে,
অস্থায়ী সংসাৰ সুথ, প্ৰমাণি অসাৰ!
লগে লগে মন মোৰ, চোঁচনি লীলাৰে,
অদৃশ্য সূতাৰে যোঁটা, আনিলে বলাই।