পৃষ্ঠা:লীলা.pdf/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


২১। সৰ্গ।
প্ৰবাসী সংসাৰ।

নতুন সাজেৰে পুনু পূৰ্ব্ব সংসাৰৰ,
প্ৰবাসত পাতি ঘৰ, ভোগ আৰম্ভণ।
সবান্ধৱে গৃহস্থালী, ভাই-ভতিজাৰে,
আৰু শিষ্য-পুত্ৰ সমন্বিতে। লীলা মোৰ
বিস্তাৰিলে ওপচনি সাংসাৰিক মায়া।
দুখ, তাপ, ৰোগ, শোক, শতেক অপায়ে,
নিয়ঁতী আঁচল ধৰা, সংসাৰী ৰথত,
আবৰিলে গৃহস্থৰ ধৰ্ম্মক ধিয়াই।
চৰিল গৃহিণী গুণ, সোণ-পোৰা হই।
ডাল-পাত আৰু কত, জীৱন যুঁজৰ,
ঠেকা-ঠেকি, লগা-যুঁজা, মান-অপমান;
সংসাৰ-পদুলি জুৰি সশস্ত্ৰ প্ৰহৰী।
যশস্যা, গৌৰৱ-আশা, আত্মজীৱনৰ,
মজ্জাগত প্ৰাণ হাঁয়, মুগ্ধ মানৱৰ।
মায়াৰ ওৰণী টনা লীলা প্ৰতিভাৰো
বনালে আশাৰ পখী শূন্য আকাশত;
পকা ভেটী কল্পনাৰ সুখবৰ হেতু।