লীলা/সৰ্গ-২০
আঁতৰিল অবিৰামে বছৰ অৰ্দ্ধেক।
নতুন ভাবৰ ঢউ লীলাৰ হিয়াত
উথলিল, বাগৰিল, ওভতনি মুখে।
স্বামী সেৱা ওপৰঞ্চি, সেৱা-ইচ্ছা আৰু
উপৰীয়া গুৰুজন; লক্ষ্যি ঘাইঘৰ,
বনালে লীলাৰ প্ৰাণে, জুৰ পাখি মেলি।
বুজালোঁ বুকুত ধৰি, যেবে প্ৰকাশিলে
মনোভাব হৃদয়ৰ, সিদ্ধি ভৰসাৰে।
কথা দি ৰাখিলোঁ কথা;—মাহ তিনি পাচে,
পূৰিব পৱিত্ৰ আশা, দীৰ্ঘ মেলানিত।
কিন্তু কি যে আচৰিত, লীলা-ইচ্ছা-যোঁটা
ঘটনা চকৰি যেন ঘূৰি অনুকুলে,
পৰিপূৰ্ণ ইচ্ছা যত, মানৱ হিয়াৰ,
মানুহৰ দিন-দিয়া নহওঁতে পূৰ।—
আহিল আদেশ বাণী, বাব-সলনিৰ,
উপৰীয়া অফিচৰপৰা;—ভৈয়ামত
সলনি বিষয়-বাব, লীলাভাগ্য বলে।
নামিলোঁ পুনৰ, উদ্দেশি জনম ঠাঁই;
পিতৃ-মাতৃ গুৰুজন য’ত! আঁতৰিলোঁ
পাচে, মাতৃ-চৰণত সমৰ্পি প্ৰিয়াক।
প্ৰথম বিৰহ ভাব, পোনে এৰা-এৰি;
হিয়াৰ আবেগে অঁটা, চকুৰ আঁতৰ,
দুটি দেহা, এটি প্ৰাণ, অৰ্দ্ধ-অৰ্ধাঙ্গিনী।
হেলাৰঙ্গে ভালেদিন, পূজি গুৰুজন,
বিভোল লীলাৰ প্ৰাণ, বান্ধ-সলনিত।
আলোকি আনৰ কোলা, চালুকীয়া শিশু,
খলকিত হৰে চিত, ঘন চোপনিত;
দেখিলে মাতৃৰ ছঁয়া, এৰি শত খেলা,
ঘটায় জঞ্জাল হাঁয়, মেলি হাত-মুখ।
চঞ্চলা লীলাৰ প্ৰাণ, বিৰহ ছয়াঁত,
দেখি স্বামী-অনুকৃতি, কল্পনা চকুৰে,
উতলা হিয়াৰ ভাৰ পৰিল উপচি।
সযতনে ধৰি তাক মহী পৰশাই,
সজালে, পঠালে, পাচে, উদ্দেশি গৰাকি।
প্ৰাণ মোৰ মতলীয়া শুনি মনে-গোৱা,
বিৰহ সঙ্গীত সুধা; লীলা সুৰে বন্ধা।
বিজুলীৰেখীয়া বেঁকা, চিঠি শাৰীটিত
কি যে জ্যোতি চমকনি! দাঙ্গি ধৰোঁতেই
সৌন্দৰ্য্য ওৰণী তুলি চমকায় হিয়া!
প্ৰথমে চকুৰ কোনে ওপচাই ভাব,
পনীয়া জালেৰে ছাতি, দৃষ্টি-গতি ৰোধ;
দ্বিতীয় আবেগ-ৰাগি, জোঁকাৰি হৃদয়,
কপালে বোৱায় তাৰ ভাপ বিৰিঙ্গনি;
তৃতীয় চাহনি সোঁতে ঢৌৱাই প্ৰকৃতি,
লীলাময় ভাবে লয়, জগত সংসাৰ!
ক্ষণে মেলা, ক্ষণে তৰা, ক্ষণে জাপ যোৱা,
লীলাজ্যোতি ভাব-পাখি দেখি মেলা-তৰা
উলাহত চালি ধৰি মন-পখী মোৰ,
উৰি গই আহে চুমি অৰ্ধ-আত্মা তাৰ,
নিমিষে আকাশী বাটে;—দুৰ-দুৰণিত।
ফুলোঁ ফুলোঁ পাহীটিয়ে, পুঁৱতী নিশাৰ,
পালে সূৰ্য্য দেখা; বিকসিত পদ্মফুল,
হৃদি সৰোবৰ শোভি। শান্তিৰ সৌৰভে
জুৰালে পৰাণ মোৰ;—পৰিমল ভাগী।