লীলা/সৰ্গ-১৯

ৱিকিউৎসৰ পৰা

[ ৬১ ]

১৯। সৰ্গ।
সামাজিক নীতি।

 মনে-পতা সংসাৰৰ পূৰ্ণ সুখভাগ
ভোগ আৰম্ভণ, কৰমত ফলিৱাই।
নতুন গৃহিণী লীলা, নাৰী সমাজত,
পুৰালে আসন এক নতুন আৱেশে;
অন্যতম সমজুৱা, নৱ সংসাৰৰ।
নজনা কুটীল গতি নৰ সমাজৰ;
পোন বাটে খোজ-লোৱা, আতিকে সৰলা।
অকপট হিয়া হাঁয়, হয় কলুষিত,
কপটীয়া আচাৰৰ ঘন ঘঁহনিত!
শিকালো সঙ্কেতে, চলতি সমাজ-নীতি;
ইচ্ছা প্ৰতিকুলে। নৱ শিকনিৰে কত,
ঘটাই জঞ্জাল, জুৰিলে সমাজ-ৰীতি।
নিতে নৱ গোচৰৰ আবেদন পাঠে
প্ৰেমৰ আলচ ঠাই দিলে সমাজক,
মন্ত্ৰণাৰ জালিকটা আৱৰণ তলে।
বুজনিত গল মাৰ, উচ্চনীতি যত,
স্বভাবী লীলাত আগে′ প্ৰতিভাত হোৱা।

[ ৬২ ]
 

নতুন সভ্যতা ৰীতি, সৃষ্টি মানৱৰ,
সৰলে-কুটীলে যোঁটা, ললে ঠাই তাৰ।
ইৰূপে সৃষ্টিৰ লীলা ঘটাই সংস্কাৰ,
আৰম্ভিলে মহামেলা, সামাজিক লীলা;—
অৰ্ধেক সৰলা আৰু কুটীলা অৰ্ধেক,
আচৰি সমাজ-ৰীতি; —আদি সভ্যতাৰ
কহিমা নিজাপী, আৰু নৱ ভৈয়ামৰ
কৃত্ৰিম শোভাত মৰা, নৱ সভ্যতাত।