সমললৈ যাওক

লীলা/সৰ্গ-১৭

ৱিকিউৎসৰ পৰা
[ ৫৬ ]
১৭। সৰ্গ।
——000——
সাহিত্যিক সংসাৰ।

 ইৰূপে আগলি ছোৱা নৱ সংসাৰৰ,
কটালোঁ নতুন ভাৱে। আছিলোঁ পাহৰি,
পূৰ্ব্বভাব, পূৰ্ব্বকথা, পূৰ্ব্বপাতনিৰ
মনে-পতা মহাব্ৰত;— জীৱন উদ্দেশ্য।
প্ৰকৃতি বুকুত পুনু, উঠিল চমকি
পূৰ্ব্বৰ জেউতি সেই, লক্ষ্য-পোহৰৰ,
ধ্ৰুবতৰা সোঁৱৰণী উঠি অকস্মাৎ।
চাৰিভিতে দেখোঁ পুনু, ব্ৰহ্মাণ্ড বিয়াপি,
কৰ্ত্তব্যৰ-পিচে-লৰা প্ৰকৃতি মণ্ডল।
সুখ-বোধ জিৰণিত, কৰ্তব্য পাচে,
ঔষধৰ পাচে যেনে পথ্য অনুপান।
হৃদয়ৰ গুপ্ত ভাব হল প্ৰতিভাত,
চকু-কোঁচনিত। মুখৰ আকৃতি জুৰি,
শোভে মন অনুকৃতি;—এঢলীয়া-চোৱা।
তধা লাগে দেখি লীলা, —সৰল প্ৰতিমা—
জানো কিবা লগালে জগৰ। দোষী ভাৱে,
চাপে কাষ; অপৰাধ মৰষণ হেতু!

[ ৫৭ ]

উপচি হৃদয় মোৰ মৰম-নিজৰা
বাগৰে অজস্ৰ ধাৰে, প্ৰতি সিৰে সিৰে;
মুখত উন্মাদ হাঁহি। কি জানো কি ভাৱে,
বুকু ঢপালনি! মুখত নুফুটে কথা।
অৰ্থশূন্য চাহনিৰে জ্বলাই দুগুণে,
মনৰ আশঙ্কা জুই হিয়াত লীলাৰ,
আপুনি বিমোৰ হওঁ, বিচাৰি উত্তৰ।
ইদৰে বাগৰি গল, দিন দুই-চাৰি।
লীলাৰ ডাৱৰ ভাব ক্ৰমে জিলিকিল;—
মুথ আমোলনি। নসহিল প্ৰাণে, দেখি
বেজাৰ ৰাহুৱে গ্ৰসা সৰলা জোনাই,
অনুকৃতি ছঁয়া পৰি অৰ্দ্ধেক হিয়াৰ।
মুহূৰ্ত্তে হিয়াৰ ছবি হিয়াৰে ঢকাই,
বুকুত লীলাক ধৰোঁ, পূৰ্ণবান্ধনিৰে।
বুজাওঁ কাৰণ মোৰ ভিন্‌ ভাবনাৰ।
নবহিল ভাব-ছবি, কোমল হিয়াত,
আঁকত-উৱঁলি-যোৱা। তিয়াগিলোঁ আৰু,
লীলাক ঘূৰোৱা আশা, ঘোৰ ভাবলই।
কটালোঁ মাহেক দুই, পুনু হেলাৰঙ্গে,
যোগাই প্ৰিয়াৰ মন, বলেৰে ছেপা দি
ভাব-উথলনি, ভিতৰি-খলকি-লগা।
পৰিল নিজনি হিয়া, খন্তেক নীৰলে;
লুকুৱা ছবিটি তলে জিলিকে আপুনি।
লুকাই বিভোল হওঁ; ক্ষন্তেক পাহৰি

[ ৫৮ ]

লীলাক প্ৰসন্না ৰখা। পৰে পুনু জঁয়,
অন্তৰত ফুলা ভাব, চাপিলে ওচৰ
বাহ্যিক ভাবৰ মোৰ পূৰ্ণগৰাকিনী।
বাঢ়িল জঞ্জাল প্ৰাণে। বাহিৰে-ভিতৰে,
ঘনে লগ এৰা-ধৰা;— দুনাৱে দুভৰি!
উগাৰি উঠিল পাচে অশান্তি নিজৰা,
বাগৰিল পূৰ্ণ বেগে, অৰ্ধাঙ্গ বিয়াপি;—
লুইতত বালি-ভেটা, যতেক বান্ধনি।
দেখালোঁ সৰল ভাৱে, হিয়া উদঙাই,
বাৱেঁ-থিয়-দিয়া মোৰ নিমাতী লীলাক;—
পালোঁ দিন ভিখাৰীয়ে অৰ্ধেক সময়।
সেই দিন হন্তে দুয়ে ধৰোঁ এটি ব্ৰত;—
অৰ্ধাঙ্গিনী হল মোৰ, ভাব-আকৰ্ষণী।
—অনুৰক্ত দাস-দাসী সাহিত্য-সেৱাত।