লীলা/সৰ্গ-১৬
[ ৫৪ ]
আৰম্ভণ গৃহধৰ্ম। যৱনিকা পাত
হল বৰাগী বহাৰ। ওৰণী লীলাৰ, —
গৃহলক্ষ্মী অনুকৃতি অঁকা। উলটিল,
নিয়ম-কাৰণ যত, পূৰ্ব্ব পাতনিৰ।
ভদ্ৰজন হল বাজ, প্ৰৱেশ নিষেধ;
দুখীজন,—বাহিৰত-সমিধান-পোৰা,⸺
ভিতৰ-আলহী হ'ল গৃহলক্ষ্মী পাশে।
দূৰণিৰ দৃষ্টি-সোঁত ধৰি ওভতাই,
সৃষ্টি হল চকোৱাৰ চাৰিঢাপ জুৰি।
ভেঁকুৰা পিৰালি গুচি, নিমজ চিকুণ;
চুকৰ জাবৰ আৰু ভাতচৰু-ছাই,
নজমি লভিল গতি দিনে বকৰাণি।
দৈনিক যাত্ৰাৰ বেলা ৰাজকাৰ্য্যলই
বিদায়ৰ সমিধান, চকু-চোৱ-চুই
নতুন স্ৰজন। নতুন চকুত আৰু
বৰাগী দুৱাৰ উলটি মুকলি দেখা
ভাগৰুৱা প্ৰাণে আহি ঘণ্টা পাঁচ পাচে;
দুৱাৰত গৃহলক্ষ্মী, বাটলই-চোৱা,⸺
ওঁঠৰ কঁপনি স'তে ভাগৰ-চোঁচনি।
যতেক ভাগৰ দুখ, জীৱন-যুঁজৰ,
অৰ্দ্ধেক পৰাণে বই, সমভাগ তাৰ,
বুজনি জুৰণি ঢালি অৰ্ধভাগ মোৰ,
আতিকে লাঘৱ কৰে; জুৰায় পৰাণ!
আৰু এটি নতুন সলনি;⸺নাই আৰু
ওখ ভাব বৰাগীৰ,⸺মুকলিমূৰীয়া।
উদাস পৰাণে যেন,'প্ৰভাস মিলন';
প্ৰবাসী পজাৰ মাজে গৃহ-যজ্ঞ ভাগ।
নিজম পৰিল যত, সন্ধিয়া-বিলাস;
উচ্চৰাৱে গীত-গোৱা সমনীয়া স’তে।
ললে ঠাই তাৰ গৃহিণী-মন্ত্ৰণা-সুৰে,
গৃহনীতি-বীণা ধৰি। টোপনি পাতনি
প্ৰেমৰ আলচে অঁকা; পৱিত্ৰতাময়।
আৰু যত সংসাৰৰ নতুন প্ৰকৃতি,
লীলাৰ আঁচল ধৰি ক্ৰমে দিলে দেখা
উদাসী পৰাণ কৰি সংসাৰ-বিভোল!