লীলা/সৰ্গ-১৫

ৱিকিউৎসৰ পৰা

[ ৫০ ]

১৫। সৰ্গ।
পৰ্বত-মঠ।

 আনন্দ মঠৰ মাজ; সৌন্দৰ্য্য-ভঁড়াল।
এহাতে অত্যুচ্চ বাৰ, শিলেৰে বন্ধোৱা;
ইহাতে গভীৰ গুহা, পকোৱা বাটৰ।
কঁপি উঠে মন-প্ৰাণ, চুলি-আগে-জীৱ,
জুমিলে নেদেখা তলি,—প্ৰকৃতি অন্তৰ,
অমূল্য ৰতন ধৰা সৌন্দৰ্য্যৰ খনি।
অমাতৰ মাতে মুগ্ধ, পিপাসিত কাণ;
নেদেখা ৰূপত মজে উত্ৰাৱল প্ৰাণ;
নোপোৱা সুখৰ ফালে ধাউতি হিয়াৰ;
সৃষ্টিৰ নাঠনি-যোঁটা, প্ৰকৃতি নৰৰ।
উত্ৰাৱল মন-চিতে আনন্দ নধৰে,—
জুমি জুমি ৰূপ লীলা, —লীলাৰ হিয়াত।
বিশাল প্ৰকৃতি বুকে মুকলিমূৰীয়া,
চাৰিঢাপে বন্ধা থকা নাৰী,—বন্ধা পখী
সজা মাজে বহুকাল। পুনু গছ ডালে!
আহি পাচে পালোঁ এক শিল-চপৰাণি;

[ ৫১ ]

সৰু-বৰ, নানা গঢ়, হেজাৰে হেজাৰ।
“দেহিঐ, চাওকচোন।" —নামে যেন লীলা—
নাৰাখোঁতে গাড়ী! পূৰিল প্ৰাণৰ আশা,
নামিলোঁ আহাৰ হেতু, সুচল সি ঠাই;
‘কুকীপানী' নাম তাৰ। চপৰাণি মুখে
উধাৱত লীলা হাঁয়, কাচুতি চপাই।
এটি থই আৰু এটি, ঘুৰি আন এটি,
লৰি লয় আৰু এটি, আতিকে চিকুণ।
ইদৰে ভৰায় কোঁচ শিলৰ গুটীৰে,—
কাঢ়ি মোৰ হিয়া-ভাব, তলি উদঙ্গাই।
এৰিলোঁ ধেমালি স’তে শিলনি ওপৰে,
প্ৰকৃতি-দুহিতা লীলা প্ৰকৃতি-বুকুত।
আহাৰ যুগুত হেতু উঠিলোঁ ৰান্ধনি।
তৃষ্ণাযুত চকু মোৰ অতৃপ্ত সুখৰ,
মাজে মাজে বেঁকা-চোৱা, ভাউতি লীলাৰ।
বনদেবী বনমাজে, মানবীৰ বেশে।
আনন্দৰ উছাহত, টানি ৰখা হাঁহি,
অকলই উঠে ফুটি, হঁহাই মনক;
প্ৰাণভৰি চাই, অহ, লীলাৰ লৰালি।
ভোজন সমাপি যেই আৰম্ভিলোঁ পুনু,
বাটৰুৱা বাট-খেদা, নতুন বিপদ
চাপিল ওচৰ এটি। সুখ পাচে দুখ,
সৃষ্টিৰ চকৰিযোঁটা। ভিতৰি ইবাৰ,
ব্যাধিৰ বিকাৰ হাঁয়, লীলা-দেহা মাজে।

[ ৫২ ]

অকস্মাৎ বিপদৰ সংহাৰ মূৰতি।
প্ৰিয়া মোৰ সঘনে মুৰ্চ্ছিতা! কিবা তাৰ,
জোঁকোৰি হৃদয় গুৰি, উঠে ধোৱাঁপ্ৰায়।
শূন্যত থিতাপি চকু, কি জানো কি দেখে।
থাকি থাকি মাৰে হাঁহি, কিবা অৰ্থ পাই,
গূঢ় অৰ্থ মনোভাব, অবুজ ভাষাৰে।
মাজে মাজে উঠে চঁকি? অমঙ্গলে কিবা,
ধৰেহি সাবটি যেন ভয়ঙ্কৰ ৰূপে।
তোলপাৰ প্ৰাণ মোৰ, কৰ্তব্য বিমোৰ।
উন্মাদৰ বাহু মেলি, ধৰিলোঁ সাৱটি,
উন্মাদিনী লীলা। হাততে হেৰায় যেন,
যত্নে তোলা পানী-চলু! ধৰিলোঁ চপাই
হিয়াত হিয়াৰে টিপি, নাৰাখি সুৰুঙা,
বিচ্ছেদৰ অহা-যোৱা জলা। কঁপে হিয়া,
কঁপে মন-প্ৰাণ, অন্তিম ভাৱত উটি ।
বিপদ-বান্ধৱহীন, নাই বেজ-জ্ঞানী,
নিজান প্ৰকৃতি ৰাজ্য, দশোদিশ্‌ জুৰি
বিস্তাৰে নিজম ভাব, নৰ নিলগাই।
ঈশ্বৰ সহায় মাথোঁ, ভব-ভয়হাৰী;
বিপদতাৰণ নাম, শিৱ-শিৱময়,
অব্যৰ্থ ঔষধ স্মৰি ক্ৰমে আগুৱালোঁ।
অৰ্ধেক যোজন পথ কটালোঁ ধ্যানত;—
বিপদ-ভুলোৱা যাদু। বতৰৰ স’তে
সংসাৰ- বতৰ- লীলা ক্ৰমে নিটিকালে।

[ ৫৩ ]

সম্পদ, বিপদ কত কৰি তোলাপৰা,
সৃষ্টিৰে বাগৰি চকা সংসাৰ পথত,
তুলিলে ইবেলি যেন পুৰ্ণ সুখ-ভাগ,ভাগ
প্ৰৱেশ যেতিয়া লীলা, কহিমা বুকুত,⸺
প্ৰবাসৰ বৰঘৰ,⸺বাটলই চোৱা⸺
দুৰাতি দুদিন আৰু দুখযাত্ৰা পাচে।