গোলাপ। এই, এই আমাৰ ছোৱালী এজনী এইফালে আহিছিল বোলে?
ইলাহী। অ’ বাপাই অ’। সেই যে বাণেশ্বৰ বৰুৱাৰ জীয়েকজনী, তায়েই। ঘটনাটো শুনিছাই নহয়?
গোলাপ। অ’ থানাৰ দাৰোগাই কৈছে।
ইলাহী। পিছে আমাৰ সৰু দাৰোগাজন ভাল হৈছেনে?
গোলাপ। অ’ জিলাৰ হাস্পাতাললৈ নিছে। ভাললৈ আহিছে।
ইলাহী। আল্লাই ভাল কৰিব৷ এৰা, এনেকুৱাহে পুলিচ হব লাগে। ছোৱালীজনীৰ ইজ্জত নিজৰ জানটো দিও ৰাখি দিবলৈ ওলাইছিল৷
গোলাপ। পিছে ছোৱালীজনী ক’ত আছে?
ইলাহী। ক’ত থাকিব আৰু। মোৰ ঘৰতে পৰশিৰ পৰা আছে। হেন্দুৰ ছোৱালী তাই৷ একো এটাকে মুখত নিদিয়ে। চকু গৈ গাঁতত সোমালেগৈ। কালি ৰাতি কোনোমতে গাখীৰ এবাটি কটিয়াইছিলো৷ আজি আকৌ গাখীৰ অকণ তপতাইছো। সুধিলো বোলো–মাই, তোক কৰবাত থৈ আহোঁগৈ ব’ল। তাই কোনোপধ্যেই নাযায়। তাকে ভাবিচিন্তি আছিলো বোলো কৰো কি৷ থানাৰ দাৰোগাকে চম্জাই দিওঁগৈ নেকি?
এনেতে লভিতা ভিতৰৰ পৰা আহি গোলাপক দেখি হুক্হুক্কৈ কান্দিবলৈ ধৰে।
গোলাপ। (ওচৰলৈ গৈ) লভিতা—লভিতা। নাকান্দিবা, নাকান্দিবা লভিতা!