পৃষ্ঠা:লভিতা.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় অঙ্ক
প্ৰথম দৰ্শন

এটা গাঁৱলীয়া বাট। সন্ধিয়া লাগি আহিছে। চকু-পানী টুকি টুকি এখোজ দুখোজকে লভিতা আহিছে। আহি আহি থমকি ৰৈ কাণ পাতি কিবা শুনাৰ দৰে কৰে। আকৌ থৰ লাগি ৰয়। এনেতে দূৰৈত খলখলাই কোনোবা মুনিহ-মানুহৰ হাঁহি শুনা যায়। লভিতাই কি কৰো নকৰোকৈ ৰয়। অলপপৰ তলকা মাৰি হুক্ হুক্‌কৈ কান্দিবলৈ ধৰে। এনেতে বাহিৰত জোতাৰ গেৰেপ গেৰেপ শব্দ হয়। লভিতাই এফালেদি ওলাই যাবৰ কাৰণে চুচুকচামাক কৰোতেই তিনটা মদখোৱা ভাৰতীয় মিলিটেৰী তাত ওলায়হি। লভিতা এফালে ওলাই যাব ধৰোতে এটাই গৈ আগভেটি ধৰেগৈ। আৰু লভিতাই কি কৰো নকৰোকৈ টলকা মাৰি ৰয় ।

১নং মিলিটেৰী। ভয় নাই কৰিবে। হামিলোক ভূত নাই আছে, বাঘ নাই আছে। (বাকী দুটাই অলপ আঁতৰত থাকি ফুচ্ ফুচ্ কৰি কিবা কথা পাতে।) তুম্ বহুত খুবছুৰত ছোৱালী আছে। (লভিতাই যাবলৈ খোজ দিব খোজে; সি আগভেটি ধৰে।) কাহে ভাগি যাব খুজিছে? হামি তোমাকে

৪৫