ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল/প্ৰথম অংশ

ৱিকিউৎসৰ পৰা

[  ]

ল’ৰা-ছোৱালীৰ
ৰং-ঘৰীয়া খেল

( ভঙ্গী-গীত আৰু নৃত্য-মুদ্ৰা কথা সহ )

ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল (page 15 crop)
ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল (page 15 crop)


(১) চৰাইৰ বাহ বা কেৰ্কেটুৱাৰ বাহ :–
    শিক্ষকে ল’ৰাবোৰ চাৰি চাৰি কৈ লেখ কৰিব। ১, ২, আৰু ৩নং ল’ৰাই হাত ধৰা-ধৰি কৰি একোটাহঁত বাহ সাজিব। ৪নং ল’ৰাবোৰ চৰাইহৈ বাহে পতি এটাকৈ সোমাই থাকিব। এটা বাহ-নাইকিয়া-চৰাই থাকিব। শিক্ষকে সুহুৰি বজালেই প্ৰতিটো চৰায়ে নিজ বাহ এৰি অন্য এটা বাহলৈ যাব। ইতিমধ্যে বাহ-নাইকিয়া চৰাইটোৱে এটা বাহত সোমাবলৈ চাব। প্ৰতিবাৰে একোটাহঁত ল’ৰা বাহ-নাইকিয়া হৈ থাকিব। এইদৰে কেইবাবাৰো খেলাব।
    ২য় প্ৰণালী—প্ৰথম সুহুৰিত বা ইঙ্গিতত চৰাইবোৰে চাৰিউকাষে বাহ বিচাৰি ফুৰাৰ দৰে উৰি ফুৰিব আৰু দ্বিতীয় ইঙ্গিতত বাহত সোমাব।
    ৪নং ল’ৰাবোৰে চৰাইহৈ কেবাৰমান খেলাৰ পিছত ৩নং বোৰক চৰাই কৰি আৰু ৪নং বোৰে ১ আৰু ২নং বোৰৰে বাহ সাজিব। এইদৰে প্ৰত্যেক ল’ৰাকে চৰাই হ’বলৈ সুবিধা দিব।

[  ]

(২) মেকুৰী-এন্দুৰ :—
    ল’ৰাবোৰে হাত ধৰি এটা মণ্ডল বা বৃত্ত পাতিব। এটা ল’ৰা এন্দুৰ হৈ মণ্ডলৰ ভিতৰত থাকিব আৰু আন এটা মেকুৰী হৈ বাহিৰত থাকিব। মেকুৰীয়ে এন্দুৰক ধৰিবলৈ চেষ্ট কৰিব। মণ্ডল পতা ল’ৰাবোৰে হাত তললৈ নমাই আৰু তুলি মেকুৰীক এন্দুৰ ধৰাত বাধা দিব আৰু এন্দুৰক ওলাবলৈ-সোমাবলৈ সুবিধা দি ৰক্ষা কৰি থাকিবলৈ চাব। মেকুৰী এবাৰ মণ্ডলত সোমালে বেগতে ওলাবলৈ নিদিব। যদি এন্দুৰ ধৰা পৰে সেই হাল ল’ৰাই মণ্ডলত যোগ দিব আৰু অন্য এহাল মেকুৰী এন্দুৰ হ’ব।
    ২য় প্ৰণালী— মণ্ডলৰ ল’ৰাবোৰে হাত অলপ ওপৰলৈ তুলি ধৰি থাকিব। এতিয়া ল’ৰাবোৰে মেকুৰী আৰু এন্দুৰ দুয়োকো সোমাবলৈ-ওলাবলৈ বাট এৰি দিব। এন্দুৰে যি বাটে সোমোৱা ওলোৱা কৰে ঠিক সেই বাটে গৈহে মেকুৰীয়ে এন্দুৰক ধৰিব পাৰিব।
    এই খেল সঙ্গীতেৰেও দিব পাৰি। মণ্ডলটো নৃত্য-লৰেৰে তলত দিয়া কলি ফাঁকি গাই ঘূৰিব আৰু মেকুৰীয়ে জোপ লৈ লৈ বাহিৰেদি ঘূৰিব, —

ভাকৌ বাই আহিছে        লিক্‌মন পলা;

ধৰিব এতিয়া তোক।
টেপেক্‌কে' গিলিব        পেটত তোক পেলাব
ভাকৌৰে গুচাব ভোক॥

(ভাকৌ বাই= মেকুৰীজনী, লিক্‌মন = নিগনি। )

    ঘূৰি ঘূৰি কেবাৰমান গোৱাৰ পিছত শিক্ষকে, “ধৰ” বুলি ক’ব। কোৱা মাত্ৰে মণ্ডলটো ৰৈ দিব আৰু মেকুৰী-নিগনিৰ

[  ]

খেদা-খেদি আৰম্ভ হ’ব। মেকুৰী-নিগনিয়ে খেদা খেদি কৰোঁতে মণ্ডলটোৱে (থিয় হৈ থকা অৱস্থাতে) তলৰ কলিটো গাই থাকিব

ধৰ ধৰ, লিক্‌মন কলৈ পলায়।
নধৰিবি নধৰিবি, লিক্‌মন ভাই॥


( ৩ ) চেলাম খেল :-
       এটাৰ বাহিৰে সকলো ল’ৰাই মণ্ডল পাতিব। মণ্ডলত নথকা ল’ৰাটোৱে মণ্ডলটোৰ বাহিৰেদি লৰি ঘূৰি মণ্ডলত থকা কোনোবা ল’ৰা এটাৰ টিকাত চাপৰ মাৰি যাব। চাপৰখোৱা ল’ৰাটো ততালিকে ওলাই বিপৰীত ফালে লৰ মাৰিব। ঘূৰোতে যেতিয়া দুয়োটা মুখা-মুখি হৈ লগ খাব, হাত ধৰা-ধৰি কৰি ৰ’ব আৰু মূৰ দোঁৱাই তিনিবাৰ "চেলাম চেলাম" বুলি নমস্কাৰ কৰিব। তিনিবাৰ নমস্কাৰ দিয়াৰ পিছতে তুৰন্তে নিজ নিজ মুখীয়াকৈ লৰ মাৰি মণ্ডলটোত খালী হোৱা ঠাইডোখৰ ল’বলৈ চেষ্টা কৰিব। যিয়ে প্ৰথমে সেই ঠাইডোখৰ পাব, সিয়ে তাতে থাকিব আৰু বাকীজনে আকৌ লৰি ঘূৰি কাৰোবাক চাপৰ মাৰিব। এইদৰে কেবাবাৰো খেলাব।

( ৪ ) উঠা-বহা খেল : —
       ল’ৰাবোৰ অৰ্দ্ধ-মণ্ডলত বা এটা শাৰী হৈ থিয় হ’ব। শিক্ষক সমুখত থিয় হ’ব। শিক্ষকে “উঠা” বুলিলে ল’ৰাবোৰ থিয় হ’ব আৰু “বহাঁ” বুলিলে বহিব। বহি থকা অৱস্থাতে যদি শিক্ষকে কয় ‘বহাঁ” আৰু তাক যদি কোনোবাই থিয় হয় বা হবলৈ চিপ্‌ লয় তেতিয়া তেওঁ গেলিব বা কটা যাব। বেছিপৰ ভুল নকৰাকৈ যি

[  ]

থাকিব পাৰে তেওঁৰে। জয়। এইটো এটা মনযোগিতা খেল।
       ইয়াক দল খেলে কৰিব পাৰি। যি দলৰে মানুহ বেচিকৈ গেলিব সেই দলৰে পৰাজয় হয়।

( ৫ ) বল ধৰা :—
       ল’ৰাবোৰে এটা মণ্ডল পাতিব। এটা ল'ৰা মণ্ডলৰ ভিতৰত ৰাখিব। বল এটা লৈ মণ্ডল পতা ল’ৰাবোৰে ইটোৰ পৰা সিটোলৈ দলিয়াব আৰু ভিতৰত পকা লৰাটোৱে বলটো ছুবলৈ চাব। বলটো ছুব পাৰিলে যি জনে দলিওৱাৰ পিছত বলটো ধৰা হ’ল সেইজন ভিতৰলৈ আহিব আৰু সেইজনৰ ঠাই আগেয়ে ভিতৰত পকা ল’ৰাটোৱে ল’ব। যি বল দলিয়াওঁতে বল কাৰো হাতত নলগাকৈ বাহিৰলৈ যায় তেৱোঁ ভিতৰলৈ আহিব লাগিব।

( ৬ ) তিনটা নোহোৱা :—
       ল’ৰাবোৰক দুইকৈ সংখ্যা গণাব। এটা মণ্ডল পাতি ল’ব। মণ্ডলটোত এক নং খিনি এখোজ পাছলৈ আৰু এখোজ সোঁৱে কি বাঁৱে গৈ দুই নং খিনিৰ পাছে পাছে যোৰ যোৰকৈ থিয় হ’ব। অৰ্থাৎ আগা-পাছাকৈ দুটা মণ্ডল হ’ব। দুটা ল'ৰা বাছি
উলিয়াব —এটা হ’ব বাঘ আৰু এটা হ’ব চিকাৰ। বাঘে চিকাৰক খেদিব; চিকাৰ ৰক্ষা পাবলৈ কোনোবা এযোৰ ল’ৰাৰ আগত থিয় হৈ দিবগৈ; থিয় হোৱা মাত্ৰকে সেইযোৰৰ পাছৰ ল’ৰাটো চিকাৰ হৈ লৰ মাৰিব আৰু ৰক্ষা পাবলৈ কোনোবা এযোৰ ল’ৰাৰ আগত থিয় হবগৈ। যদি বাঘে চিকাৰক ছুব পাৰে তেন্তে চিকাৰ ততালিকে বাঘ হ’ব আৰু বাঘ চিকাৰ হ’ব।

[  ]

       বি: দ্ৰ: – ( ১ ) বাঘ আৰু চিকাৰ সদায় মণ্ডলটোৰ বাহিৰে লৰিব।
       ( ২ ) চিকাৰ ল’ৰা এযোৰৰ মাজত বা পাছত থিয় ন’হব; সদায় আগত।
        ৩) চিকাৰে বাগি দি দি খেলটোত বুদ্ধি খটাই লৰিব; বেচি সময় লৰি ফুৰিলে খেলটোৰ তৃপ্তি নষ্ট হ’ব।

( ৭ ) নম্বৰ সলোৱা :—

       ল’ৰাবোৰে ক্ৰমিক নম্বৰ কৰি এটা মণ্ডল পাতিব। এটা ল’ৰা কেন্দ্ৰ স্থানত থিয় হৈ যেই সেই দুটা নম্বৰ মাতিব। সেই নম্বৰ দুটাৰ ল’ৰাই ঠাই সলনা-সলনি কৰিব। সলনা-সলনি কৰিব খোজোঁতেই কেন্দ্ৰৰ ল’ৰাটোৱে সেই খালী ঠাইৰ এঠাই ল’বলৈ
চেষ্টা কৰিব। যেয়ে ঠাই নেপায় তেওঁ কেন্দ্ৰলৈ আহি আকৌ দুটা নম্বৰ মাতি ঠাই ল’বলৈ চাব।

( ৮ ) চাবুক খেল :—
পিঠিৰ ফালে হাত দুখন খোলা ৰাখি থিয় হৈ বা বহি ল’ৰাবোৰে এটা মণ্ডল কৰিব। এটা ল'ৰাই মণ্ডলটোৰ বাহিৰে লৰি ঘূৰি কোনোবা এটা লৰাৰ হাতত গাঁঠি দি থোৱা ৰুমাল এখন দিব। ৰুমাল পোৱা ল’ৰাটোৱে ততালিকে তেওঁৰ সোঁফালৰ ল’ৰাটোক কোবাবলৈ উদ্যত হ’ব আৰু সোঁফালৰ ল’ৰাটোৱে কোব নেখাবলৈ মণ্ডলটোৰ বাহিৰেদি লৰ মাৰি ঘূৰি পুনৰ নিজ ঠাইলৈ আহিব আৰু আহি পালেই কোবৰ পৰা ৰক্ষা পাব। ৰুমাল পোঁৱা লৰাটোৱে পাছে পাছে কোবাবলৈ চেষ্টা কৰি বা

[  ]

যদি পাৰে কোবাই কোবাই খেদি যাব। আকৌ অন্য এটা ল’ৰাক হাতত ৰুমাল দিব আৰু এইদৰে খেলটো কেবাবাৰো খেলাব। ৰুমাল পোৱা ল’ৰাটো ওলাই গ’লে যি ঠাই খালী হ’ল সেই ঠাইত ৰুমাল দিয়া লৰাটো থাকি যাব।

( ৯ ) গড়ালৰ ষাঁড় :—

       ল’ৰাবোৰে এটা মণ্ডল কৰিব। মাজত এটা ল’ৰা ষাঁড়হৈ থাকিব। ষাঁড়টোৱে মণ্ডলৰ পৰা কেনেবাকৈ গৈ শিক্ষকে ঠিক কৰি দিয়া ঘাই এটা ছুব লাগে। মণ্ডলটোৱে তাক কোনোমতে যাবলৈ নিদিয়াকৈ ৰাখিব লাগে। যদি কেনেবাকৈ মণ্ডল ভাঙি ষাঁড়টো ওলাই যায়, তেন্তে লৰাবোৰে মণ্ডল ভাঙি তাৰ পাছে পাছে খেদি ঘাই চুব নোৱাৰাকৈ আটক কৰি ল'ব।
       এইটো দলখেল কৰিও খেলাব পাৰি। এদলে মণ্ডল পাতিব আৰু অনদলে কোনোবা এই ল’ৰাক প্ৰতিনিধি স্বৰূপে ষাঁড় কৰি দিব। ঘাই ছুলে মণ্ডল পতা দলটোৰ পৰাজয় আৰু আনদলৰ জয়। তাৰ পিছত মণ্ডল পাতি যোৱা দলে ষাঁড় দিব আৰু ইদলে মণ্ডল পাতিব।
       খেলটোত সময় বান্ধি দিও হৰা-জিকা কৰাব পাৰি।

( ১০ ) চিকাৰী খেল :—
       ল’ৰাবোৰে মণ্ডল পাতিব। মাজত এটা চিকাৰী হ’ব। মণ্ডলৰ ল’ৰাবোৰে ঘূৰি ঘূৰি নাচি নাচি তলৰ পদ ফাঁকি গাব—

“বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লী বেলা;
[  ]
বকুল বাগৰিছে ববচা বনতে,

বুটলি বিলাওঁগৈ ব’লা। ”
”হৰিণ ধৰিব পাৰ তই চিকাৰী
ধৰিবি পথাৰৰ বগ,
বাঘৰ নেজো ধৰি টানিব পাৰিবি

নেপাৱ আমাৰ ঐ লগ॥”

       শেষৰ “লগ” শব্দটো কৈয়েই ল’ৰাবোৰে তললৈ মূৰ কৰিব, আৰু মাজৰ চিকাৰীটোৱে ল’ৰাবোৰে মূৰ তললৈ কৰাৰ আগতে কাৰোবাক ছুব পাৰেনে কি চেষ্টা কৰিব। যাকে ছুব সি আহি মাজত চিকাৰী হ'ব আৰু আগৰ চিকাৰীয়ে তাৰ ঠাই ল’ব।
       পদফাঁকি ভঙ্গি কৰিও দিব পাৰি, আৰু দিলে বেচি ভাল হয়।

( ১১ ) ধোন্দৰ কেৰ্কেটুৱা :—

       কান্ধত হাত থৈ থৈ তিনটা তিনটা ল’ৰা গোট খাই অলপ দূৰে দূৰে একোজোপা ধোন্দ থকা গছ কৰিব। ধোন্দে পতি একোটাহঁত কেৰ্কেটুৱা থাকিব; এটা ধোন্দ-নাইকিয়া-কেৰ্কেটুৱা থকিব আৰু এটা ল’ৰা চিকাৰী-কুকুৰ হ’ব। চিকাৰী-কুকুৰে ধোন্দ-নাইকিয়া কেৰ্কেটুৱাটোক খেদিব। কেৰ্কেটুৱাটোৱে ৰক্ষা পাবলৈ কোনোবা এটা ধোন্দত সোমাব। সোমোৱা মাত্ৰকে সেই ধোন্দৰ কেৰ্কেটুৱাটো ওলাই লৰ মাৰিব আৰু চিকাৰী-কুকুৰে খেদিব। চিকাৰী কুকুৰে কোনোবা কেৰ্কেটুৱাক যদি ধোন্দত সোমোৱাৰ আগতে চুব পাৰে তেতিয়া ততালিকে চিকাৰী-কুকুৰ কেৰ্কেটুৱা হ'ব আৰু কেৰ্কেটুৱাটো চিকাৰী-কুকুৰ হৈ খেদা দিব।

[  ]

( ১২ ) বাঘ-গৰু :—
       ল’ৰাবোৰক শাৰী পতাই চাৰি চাৰিকৈ নম্বৰ কৰাব। ১নং আৰু ২নং বোৰক পিঠি দুখীয়াকৈ ঘূৰাব। তাৰপিছত ( ভৰিৰ ওপৰত ) গোটেই শাৰীক বহিৰলৈ আদেশ দিব। ( ১ আৰু ২নং খিনি যোৰে যোৰে এমুখীয়া হ’ব আৰু ৩ আৰু ৪নং খিনি আন মুখীয়া হ’ব )। এটা ল’ৰা বাঘ হ’ব, এটা গৰু হ’ব। বাঘে গৰুক খেদি ছুবলৈ চাব॥ বাঘে খেদোতে শাৰীৰ মাজেদি পাৰ হ’ব নোৱাৰে কিন্তু গৰুৱে পাৰিব। বাঘে ইমূৰে সিমূৰেহে ইফাল সিফাল হ’ব পাৰিব। কিন্তু বাঘৰ এটা সুবিধা এই যে শাৰীত বহি থকা প্ৰতিটোৱেই এটা জোপ লোৱা বাঘ। গতিকে গৰুক ঠেকত পেলাই “ধৰ’ বুলি টিকাত হেঁচি এটাক গৰু ধৰিবলৈ দিব লাগে আৰু আগৰ বাঘে সেই ঠাইত বহি পৰিব লাগে। ধৰা মাত্ৰকে বাঘ গৰু হ’ব আৰু গৰু বাঘ হৈ আকৌ খেদাখেদি
কৰিব। বাঘে খেদি ফুৰিলেই খেলটো ভাল নহয়। বুদ্ধি খটাই জোপ লোৱা বাঘৰ হতুৱাই গৰু ধৰাবলৈ চাৰ লাগে।
       এইটো দলখেল কৰিও খেলাব পাৰি।

( ১৩ ) চিকোটা খেল :—
ল’ৰাবোৰে বৰ ঘন হৈ শাৰী পাতিব। প্ৰতি ল’ৰাটোৱে ভাৰ সোঁহাত খন তাৰ সোঁ ফালৰ ল’ৰাটোৰ পাছফালে টিকাত লগাই থব। ল’ৰাবোৰৰ সমুখত এটা ল’ৰা মুখা-মুখি হৈ থিয় হৈ বাঘ হ’ব। শিক্ষকে আৰম্ভ কৰিবলৈ ইঙ্গিত দিলেই বাওঁফালৰ মূৰৰ পৰা ল’ৰাবোৰে ইটোৱে সিটোক ক্ৰমান্বয়ে চিকোটি যাব — ১ম ল’ৰাই ২য়ক চিকোটিব, তাৰ পিছত ২য়ই ৩য়ক, ৩য়ই ৪ৰ্থক ইত্যাদি। চিকোটটো

[  ]

গৈ গৈ যেতিয়া শেষৰ ল’ৰাটোত পৰিবগৈ, শেষৰ ল’ৰাটোৱে “ হ’ ” বুলি চিঞৰ মাৰি দিব। চিঞৰ শুনা মাত্ৰকে শাৰীৰ সকলো ল’ৰা আগলৈ লৰমাৰি শিক্ষকে অলপ নিলগত নিৰ্দ্ধাৰিত কৰি দিয়া সীমা পাৰ হ’বলৈ চাব। সীমা পাৰ হোৱাৰ আগতে যিমান পাৰে বাঘে ছুবলৈ চাব। যি বোৰক ছুই দিয়ে সেইবোৰ মৰা পৰে আৰু পাছৰ খেলত যোগ নিদিয়ে। যি শেষলৈকে থাকে তাৰ জয়।
       এইটো দল খেলো কৰিব পাৰি। দুদলৰ এলে শাৰী পাতিব আৰু আনদলে এটা বাঘ পঠিয়াই দিব। তাৰ পিছত সিদলে শাৰী পাতিব আৰু ইদলে বাঘ দিব। কেইবাৰ প্ৰত্যেক দলে খেলিব শিক্ষকে ঠিক কৰি দিব। যি দলৰে বেছিকৈ মৰা পৰিব সেই দলৰে পৰাজয়।

( ১8 ) বাঘৰ ভয় :—

       ল’ৰাবোৰে শাৰী পাতিব। শাৰীটোৰ ল’ৰাৰ মুখা-মুখিকৈ, চিকোটা খেলৰ দৰে, এটা বাঘ থাকিব। বাঘে ক’ব “বাঘ বাঘ”। শাৰীৰ ল’ৰাবোৰে ‘খালে ঔ খালেঔ” কৈ আগলৈ লৰ মাৰিব আৰু নিৰ্দ্ধাৰিত কৰি দিয়া সীমা পাৰ হ’ব। বাঘে যিমান পাৰে সীমা নৌ পাৰ হওঁতে ধৰিব। চিকোটা খেলৰ দৰে।

( ১৫ ) ধোদ :—
       ঘাই ল’ৰা এটা খুটাৰ দৰে ঠিয় কৰি ৰাখিব। বাকী বোৰ ল’ৰাক নিলগলৈ পঠিয়াই দিব। ঘাই ল’ৰাটোৰ ওচৰত দুটা ল’ৰাক হাতত গাঁঠি দিয়া ৰুমাল দুখন দি চাবুকদাৰ কৰি ৰাখিব। শিক্ষকে ইঙ্গিত দিয়া মাত্ৰে নিলগত থকা ল’ৰাবোৰে লৰমাৰি আহি ঘাই

[ ১০ ]

লৰাটোৰ পৰা আৰম্ভ কৰি কঁকালত ধৰা-ধৰিকৈ এডাল শিকলি কৰিব লাগে। অলপ পিছতে শিক্ষকে আকৌ দ্বিতীয় ইঙ্গিত দিব আৰু এই ইঙ্গিতত চাবুকদাৰ দুটাই যিবোৰে কঁকালত ধৰি শিকলি কৰিব পৰা নাই সেই বোৰৰ টিকাত কোবাব আৰু শিকলিৰ শেষত পৰা ল’ৰাটোক কোবাব। শেষত পৰা ল’ৰাটোৱে বেছি কোব খাব। সেই কাৰণে কোনো ল’ৰাই শিকলিৰ শেষত পৰিবলৈ নেচায়। ৩য় ইঙ্গিতত কোবোৱা বন্ধ হ’ব।
       ৰুমালৰ গাঁঠি এনেকৈ দিব যাতে ল’ৰাই দুখ নাপায়।

( ১৬ ) দ’ত আৰু বাওনা :—

       ল’ৰাবোৰক শাৰী পতাব। শাৰীটোৰ আধা এদল, অৰু বাকী আধা অন্যদল। শিক্ষকে "দৈত্য” বুলিলে হাত ওপৰলৈ মেলি শাৰীটো ভৰিৰ আঙুলিৰ ওপৰত বেঙা মেলি মেলি লাহে লাহে আগলৈ যাব আৰু “বাওনা” বুলিলে তাত হাত গৈ চাপৰি চাপৰি পাছলৈ যাব। বাওনা হৈ থাকোতে যদি ”বাওনা” বোলে,
আৰু কোনোবাই যদি দৈত্য হ’ব খোজে তেন্তে তেওঁ কটা পৰে। সেই দৰে দৈত্য হৈ থাকোতে ”দৈত্য” বোলাত যদি ভুল কৰে তেন্তে কটা পৰে। যি দলৰ বেচি কটা পৰে সেই দলৰে পৰাজয় হয়।

( ১৭ ) গালিপৰা খেল বা কোঢ়াল খেল :—
       ল’ৰাবোৰ দুদল কৰি দুটা শাৰী কৰি মুখা-মুখি কৈ থিয় কৰায়। প্ৰথম ইঙ্গিতত দুইদল ল'ৰা পিঠি মুখীয়াকৈ ঘূৰি পিঠীয়া-পিঠি হ’ব আৰু দ্বিতীয় ইঙ্গিতত আকৌ মুখা-মুখি হ’ব আৰু আঁটি-মুটি কৰি কৰি গালিপৰাৰ দৰে, এসেকা দিয়াৰ ভঙ্গি

[ ১১ ]

দেখুৱাই, কোঢ়াল বা চিঞৰ-বাখৰ কৰিব। ৩য় ইঙ্গিত দিয়া মাত্ৰকে তুৰন্তে হাই বন্ধ কৰি আকৌ ঘূৰি ভাল ল’ৰাৰ দৰে পিঠীয়া-পিঠি হ’ব। ৩য় ইঙ্গিত দিয়া মাত্ৰকে কিন্তু হাই বন্ধ কৰিব নোৱাৰিলে খেলটোৰ সৌন্দৰ্য্য নষ্ট হয়। এইদৰে কেবাবাৰো খেলাব।

(১৮) তেলৰ শাল :—
       প্ৰায় দহোটামান ল’ৰা ঠেকাই বহি (কেন্দ্ৰলৈ ভৰি কৰি) মণ্ডল পাতিব। আঠু অলপ বেঁকা কৰি ৰাখিব। এটা ল’ৰা মাত্ৰ থিয় হ’ব পৰাকৈ কেন্দ্ৰত ঠাই ৰাখিব। কেন্দ্ৰৰ ল’ৰাটো ঠৰঙা হৈ বুকুত হাত সাবটি থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয় ইঙ্গিতত কেন্দ্ৰৰ ল’ৰাটো যেই সেই এফালে পৰি দিব আৰু মণ্ডলৰ বহি থকা ল’ৰাবোৰে হাত পাতি পৰিবলৈ নিদি ধৰিব আৰু লগে লগে ইটোৰ পৰা সিটোলৈ ঘূৰাই চলাই দিব। বহি থকা যিটো ল’ৰাই কেন্দ্ৰৰ ল’ৰাটো পেলাব , সেই ল’ৰা পিছৰ খেলত কেন্দ্ৰৰ ল’ৰা হ’ব আৰু কেন্দ্ৰৰ ল’ৰাটোৱে সেই খালী হোৱা ঠাই ল’ব।

(১৯) কুঁহিয়াৰৰ শাল বা চৰিয়া খেল :—

       ল’ৰাবোৰক ৮ কৈ নম্বৰ কৰাব। ১, ২, ৩, আৰু ৪ নং ল’ৰাই যোগ চিনটোৰ দৰে কেন্দ্ৰলৈ ভৰি ফিট্‌ফিটীয়াকৈ মেলি ভৰিয়ে ভৰিয়ে লগাই বহিব। ৫, ৬, ৭, আৰু ৮নং ল’ৰাই বহি থকা ল’ৰা চাৰিটাৰ মাজে মাজে ফাঁক থকা ঠাইত থিয় হ’ব আৰু বহি থকা ল’ৰাখিনিৰ হাতে হাতে বা বাহুৱে

[ ১২ ]

বাহুৱে ধৰি এটা চৰিয়াৰ নিচিনা কৰিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত বহা ল’ৰাখিনিয়ে টিকা মাটিৰ পৰা তুলি ঠৰঙা হৈ দিব আৰু থিয় হোৱা ল’ৰাখিনিয়ে লাহে লাহে ঘূৰাই দিব। চৰিয়াটো ঘূৰাওঁতে যাৰে নেভাগে আৰু বেচি ভাল হয় সেইদলেই জিকে।

(২০) বন্দুক মৰা :—
       খেলটোৰ কাৰণে যেই সেই এটা বল, বা ফটাকাকতৰ বা ফটাকামিজৰ টোপোলা লাগে।
       ল’ৰাবোৰক ক্ৰমিক নম্বৰ কৰাই মাটিত আঁচ টানি কৰা সৰু মণ্ডল এটাৰ চাৰিউফালে ঠেকাঠেকি কৈ গোটাব। ল’ৰাবোৰ এটাই বলটো লৈ কোনোবা এটা নম্বৰ কৈ মণ্ডলটোত পেলাই দিব। পেলোৱা মাত্ৰকে ল’ৰাবোৰ লৰ মাৰিব, কিন্তু সেই নম্বৰৰ ল’ৰাটোৱে তুৰন্তে বলটো দাঙি ধৰি ”হুঃ” বুলি চিঞৰ মাৰি দিব আৰু চিঞৰ মৰা মাত্ৰকে সকলো ল’ৰা যিয়ে যি ঠাই পাইছে গৈ তাতে থৰ লাগিব। এতিয়া বল দাঙি ধৰা ল’ৰাটোৱে যাকে পাৰে বলটো দলিয়াই লগাবলৈ চাব। যাৰ গাত বলটো লাগিব সি আকৌ অন্য এটাক লগাবলৈ চাব। এইদৰে যেতিয়া যিটোৱে লগাব নোৱাৰিব সি এবাৰ গেলে; আৰু সেই গেলাটোৱে বলটো আনি, ল’ৰাবোৰক আকৌ ওচৰ চপাই, কোনোবা এটা নম্বৰ কৈ মণ্ডলটোত পেলাই দি আকৌ খেলটো আৰম্ভ কৰিব। যিটো ল’ৰা তিনিবাৰ গেলিব তাক নি এখন বেৰ বা গছ এজোপাত ধৰাই থিয় কৰাব আৰু ২০ ফুট মান আঁতৰৰ পৰা বাকীবোৰ

[ ১৩ ]

ল’ৰাৰ প্ৰত্যেকেই এবাৰ এবাৰ তাৰ টিকালৈ বল দলিয়াই যদি পাৰে লগাব।

(২১) বাঘ আৰু গঁৰালৰ পহু :—

       ল’ৰাবোৰক চাৰিকৈ নম্বৰ কৰাব। ১ নংৰ বাওঁফালে ২ নং, ২ নং বাওঁফালে ৩ নং আৰু ৩ নং ৰ বাওঁফালে ৪ নং থাকি চাৰি শাৰী হৈ হাত ধৰা-ধৰি কৰি বাওঁফালে আঁতৰি যাব। যি ফালে মুখ কৰিয়েই থিয় হক ল’ৰাবোৰে হাত ধৰা-ধৰি, কৰিব পৰা কৰি সুহুৰি বজাই কেউফালে ঘূৰাই শাৰীবোৰ ঠিক কৰি ল’ব। এটা ল’ৰা বাঘ আৰু এটা ল’ৰা পহু কৰি ৰাখিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত বাঘে পহুক খেদিৰ। পহুৱে পটিয়ে পটিয়ে হে লৰিব পাৰিব আৰু বাঘেও পটিয়ে পটিয়েহে খেদিব পাৰিব। পটি ভাঙি, অৰ্থাৎ ল'ৰাবোৰৰ ধৰা-ধৰি কৰা হাত ছিঙি, বাঘ আৰু পহু লৰিব নোৱাৰে। খেদা-খেদি কৰোতে শিক্ষকে মাজে মাজে সুহুৰি বজাব আৰু প্ৰত্যেকটো ল’ৰাই সোঁফালে ঘূৰি আকৌ হাত ধৰা-ধৰি কৰিব অৰ্থাৎ সুহুৰিয়ে প্ৰতি বেলেগ বেলেগ পটি হ’ব। বাঘে পহুক ছুব পাৰিলে, বাঘ আৰু পহুৱে অন্যবোৰৰ লগত হাত ধৰিব আৰু অন্য দুটা ল’ৰা বাঘ আৰু পহু হ’ব।

(২২) সুৰঙ্গ বল :—

       ৮ বা ১০ জনমান কৈ একোটাহঁত দল হ’ব। দল দুটা বা ততোধিক হ’ৰ। মাটিত এটা আঁচ টানিব আৰু সেই আঁচৰ পাছত দলবোৰ ইটোৱে সিটোৰ সমান্তৰাল হৈ থিয়

[ ১৪ ]

হ’ব; দলবোৰৰ ল’ৰাবোৰ ইটোৰ পাছত সিটো হৈ আঁচৰ ফালে মুখ কৰি থিয় হ’ব। প্ৰত্যেক দলৰে সন্মুখলৈ কেই ফুটমান আঁতৰত একোটাহঁত খুটি পুতি দিব, বা খুটি হিচাপে এটা এটা ল’ৰা থিয় কৰাই থ’ব। দলৰ ল’ৰাবোৰে দুয়োকাষে ভৰি মেলি একোটাহঁত সুৰঙ্গ কৰিব।
       আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটোৱে বলটো লৈ নিজ খুটিলৈ লৰ মাৰি, খুটিটোৱেদি ঘূৰি পুনৰ নিজৰ ঠাইলৈ আজি, খুটি-মুখীয়া হৈ থিয় হৈ সুৰঙ্গটোৱেদি বলটো পাছলৈ বগৰাই মাৰি দিব। একেবাৰে শেষৰ ল’ৰাটোৱে বলটো ধৰিবলৈ বহি লৈ জুমি থাকিব। শেষৰ ল’ৰাটোৱে বলটো ধৰি লৈ খুটিলৈ লৰি, খুটিয়েদি ঘূৰি আহি আঁচটো পাৰ হৈ শাৰীৰ মূৰত থিয় হৈ বলটো আকৌ মাৰি পঠিয়াব। এইদৰে ক্ৰমান্বয়ে ২য় লৰাটো যেতিয়া শেষ পাবগৈ বল লৈ খুটিয়েদি ঘূৰি আঁচ পাৰ হৈ ‘হুৰে' কৈ চিঞৰি দিলেই খেল শেষ হয়। যি দলৰে প্ৰথমতে শেষ হয় সেইদলেই জিকে।
       খুটি নৰখাকৈয়ে খেলটো খেলিব পাৰি। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটোৱে বলটো সুৰঙ্গইদি বগৰাই দিব। শেষৰটোৱে বল লৈ লৰ মাৰি আহি শাৰীৰ মূৰত থিয় হৈ আকৌ সেইদৰেই বগৰাই দিব। এইদৰে ক্ৰমান্বয়ে ১ম ল’ৰাটো শেষত পৰি বল লৈ লৰমাৰি ”হুৰে” কৰি দিলেই খেল শেষ হয়।
       বলৰ অভাৱত ফটাকানিৰ বা ফটা কাকতৰ ঢোপ, ৰুমাল বা স্কেল একোদাল লৈয়ে খেলিব পাৰি। ৰুমাল বা স্কেলেৰে খেলিলে বগৰাই নিদি হাতে হাতে চলাই দিব।

[ ১৫ ]

বি:দ্ৰ: - কাৰোবাৰ ভৰিত বল লাগি ৰ’লে হাতেৰে পাছলৈ মাৰি দিব। সুৰঙ্গটোৰ কেনিবা বলটো ওলাই গ’লে বল আনি সেই ফালেদিয়েই সুমুৱাই পুনৰ মাৰি দিব।

(২৩) শত্ৰু-জয় :—
       ল’ৰাবোৰৰ দল দুটা কৰিব। এদল মণ্ডল কৰিব আৰু সিদল মণ্ডলৰ ভিতৰত সোমাব। মণ্ডলটো আঁচ মাৰি মাটিতো কৰি ল’ব। মণ্ডলৰ আঁচত চাৰিওফালে থিয়হৈ থকা দলটোৱে ভিতৰত থকা দলটো টিকাত বল দলিয়াই দলিয়াই বাহিৰলৈ উলিয়াব লাগে। যি দলেই কম সময়ৰ ভিতৰত উলিয়াব সেই দলৰে জয় হ’ব বা এটা নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত যি দলবে বেচি ওলাব সেই দলৰে পৰাজয় হ’ব।
       ইয়াক গুটীয়া খেল হিচাপেও খেলিব পাৰি। এটা বা দুটা ল’ৰা আঁচ মাৰি কৰা মণ্ডলৰ বাহিৰত ৰাখিব। বাকী সকলো ল’ৰা ভিতৰত ৰাখিব। বাহিৰৰ ল’ৰাকেটাই বল দলিয়াবলৈ আৰম্ভ কৰিব। ভিতৰত যাৰে গাত লাগে তুৰন্তে ওলাই আহি বল দলিওৱা কাৰ্য্যত যোগদান দিব। শেষলৈকে যি থাকিব পাৰে সি ৰজা হ’ব।
       বি: দ্ৰ: —বাহিৰৰ ল’ৰাই আঁচৰ ভিতৰৰ পৰা বল মাৰিব নোৱাৰে আৰু ভিতৰৰ ল’ৰাই ৰক্ষা পাবলৈ লৰ মাৰোতে আঁচৰ বাহিৰত ভৰি পৰিলেই এনেয়ে বাহিৰ হ’ব। ভিতৰত বলটো ৰৈ থাকিলে বাহিৰৰ ল’ৰাই বল আনি আঁচৰ বাহিৰৰ পৰা মাৰিব। বলটো দলিয়াওঁতে এবাৰতে যদি দুজন বা ততোধিক মানুহত লাগে প্ৰথমতে লগা মানুহজনহে বাহিৰ হ'ব, বাকীবোৰ নহয়। বলটো

[ ১৬ ]

পোনে পোনে লাগিব লাগে; মাটিত লাগি কাৰবাৰ গাত লাগিলে তেওঁ বাহিৰ নহয়।

 (২৪) কাঙ্গাৰু বল:—
 ২২ নম্বৰ সুৰঙ্গ বল খেলত ব্যবস্থা কৰাৰ দৰে ল’ৰাবোৰ দল হৈ ঠিয় হ’ব।
 আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত আঠ দুটাৰে বলটো চেপি ধৰি লৈ ১ম ল’ৰাটো জপিয়াই জপিয়াই খুটিলৈ গৈ, খুটিয়েদি ঘূৰি নিজৰ ঠাইলৈ আহি বলটো দ্বিতীয়ক দিব। এই দৰে ক্ৰমান্বয়ে যাৰ শেষৰ ল’ৰাই প্ৰথমতে শেষ কৰিব সেই দলৰ জয় হ’ব।
 বিঃ দ্ৰঃ—যিটো ল’ৰাৰ কাৰ্য্য শেষ হয় দলৰ পৰা ওলাই আঁতৰত থাকিলে ভাল হয়।

 (২৫) দলাৰ বগৰি:—
 ২২ নম্বৰ সুৰঙ্গ বল খেলত ব্যবস্থা দিয়াৰ দৰে ল’ৰাবোৰে দল হৈ ঠিয় ৰ’ব।
 আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাই আঁচটোৰ পৰা বলটো বগৰাই নি খুটিয়েদি ঘূৰি আহি আঁচ পাৰ কৰি ২য়ক দিব। এই দৰে ক্ৰমান্বয়ে যি দলেই প্ৰথমে শেষ কৰিব সেই দলৰে জয় হ’ব।
 বিঃ দ্ৰঃ—যিটো ল’ৰাৰ কাৰ্য্য শেষ হয় দলৰ পৰা ওলাই আঁতৰত থাকিলে ভাল হয়।

 (২৬) বৃত্তত বল ঘুৰুৱা:—
 ল’ৰাবোৰে ডাঙৰকৈ এটা বৃত্ত (মণ্ডল) কৰিব। (হাত ধৰি ধৰি কৰি মণ্ডলটো কৰিবলৈ কৈ পিঠি মুখীয়াকৈ ঘুৰাই ৪ খোজমান

[ ১৭ ]

নিজ নিজ সন্মুখলৈ যাবলৈ আদেশ দিলে মণ্ডলটো ডাঙৰ হ’ব। ) ল’ৰাবোৰক এতিয়া দুই কৈ নম্বৰ কৰাব। ১নং খিনি এটা দল আৰু ২নং খিনি এটা দল। ১নংৰ এটা কেপ্টেন হ’ব আৰু ২নংৰ এটা হ’ব। কেপ্টেনৰ হাতত একোটা বল বা ঢোপ দিব। কিমান বাৰ বল ঘূৰাব লাগিব সংখ্যা নিৰ্দ্ধাৰিত কৰি দিব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত কেপ্টেনে আৰম্ভ কৰিব। ১ নংৰে এফালৰ পৰা ক্ৰমান্বয়ে ১নংৰ বোৰলৈ বল দি দি যাব। আৰু ২নংৰে ২নং বোৰলৈ দি দি যাব। বলটো ঘূৰি আহি কেপ্টে’নৰ হাতত পৰিলেহি এবাৰ হয়। শিক্ষকে যিমানবাৰ ঘূৰাব লাগে বুলি নিৰ্দ্ধাৰিত কৰি দিব সিমান বাৰ যিদলে শেষ কৰিব সেইদলৰে জয় হয়।
 বিঃ দ্ৰঃ – দুইদলে বল একেফালে ঘূৰাব।

 (২৭) বল দিয়া আৰু বহা:—
 ২২ নংৰ সুৰঙ্গ বলত দিয়া ব্যৱস্থাৰে দলবোৰ থিয় হ’ব।
 দলবোৰৰ একোজন কেপ্টে’ন হৈ কেইখোজমান আঁতৰত নিজ নিজ দলৰ সন্মুখত আৰু সেইফালে মুখ কৰি থিয় হব। বল কেইবাৰ দলিয়াব লাগিৰ শিক্ষকে নিৰ্দ্ধাৰিত কৰি দিব।
 আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত কেপ্টে'নে বল দলিওৱা আৰম্ভ কৰিব। শিক্ষকে যেনিবা ৪ বাৰ নিৰ্দ্ধাৰিত কৰিছে। কেপ্টেনে ১ম লৰাটোলৈ বল দলিয়াব, ১ম লৰাটোৱে ধৰি ঘূৰাই কেপ্টে’নলৈ দলিয়াব; কেপ্টে’নে আকৌ ঘূৰাই দলিয়াব। এইদৰে যেতিয়া ১ম লৰাটোৰ ৪ বাৰ দলিওৱা হ’ব সি সেই ঠাইতে ততালিকে বহি পৰিব আৰু কেপ্টে’নে ২য়টোলৈ দলিয়াব।

[ ১৮ ]

এইদৰে ক্ৰমান্বয়ে শেষৰ লৰাটোৱে ৪বাৰ দলিওৱাৰ পিছত কেপ্টেনৰ হাতত বলটো পৰিলে কেপ্টেনে “হুৰে ” বুলি চিঞৰ মাৰি দিব আৰু খেল শেষ হ’ব। যি দলৰে প্ৰথমতে শেষ হয় সেই দলৰে জয়।

 (২৮) তোৰণ বল:—
 ২২ নং খেল সুৰঙ্গ বলত দিয়া ব্যৱস্থাৰে লৰাবোৰক থিয় কৰাব।
 আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম ল’ৰাটোৱে বলটো মূৰৰ ওপৰে ২য় টোলৈ দিব, ২য় ল’ৰাই ৩য় লৈ দিব, এইদৰে ক্ৰমান্বয়ে শেষ পালেগৈ শেষৰ ল’ৰাটোৱে বলটো লৈ খুটিলৈ লৰ মাৰি খুটিয়েদি ঘূৰি আহি শাৰীৰ মূৰত আঁচ পাৰ হৈ খুটিমুখীয়া হৈ মূৰৰ ওপৰে আকৌ বল চলাই দিব। এইদৰে আদিৰ ১ম ল’ৰাটো শেষ পাবগৈ আৰু শেষত বলটো লৈ খুটিলৈ আহি ঘূৰি গৈ তাৰ আগৰ ঠাই (আঁচ পাৰ হৈ) পোৱা মাত্ৰকে ”হুৰে” কৈ চিঞৰি দিলেই খেল শেষ হয়। যি দলে প্ৰথমে শেষ কৰে সেই দলৰে জয় হয়।
 বলৰ অভাৱত লাঠীৰে, স্কেলেৰে, ঢোপেৰে বা ৰুমালেৰে খেলাব পাৰিব।

 (২৯) তোৰণ–সুৰঙ্গ বল:—
 এইটো তোৰণ আৰু সুৰঙ্গ দুয়োটা খেলৰে সংযোগ। ১ম ল’ৰাই মূৰৰ ওপৰে ২য় ল’ৰাই ভৰিৰ তলে, ৩য় ল’ৰাই আকৌ মূৰৰ ওপৰে, ৪ৰ্থই ভৰিৰ তলে ইত্যাদি ভাৱে বল চলাব। বল

[ ১৯ ]

একেলগে দুবাৰ মূৰৰ ওপৰে বা দুবাৰ ভৰিৰ তলে যাব নোৱাৰে। ওপৰ তল; ওপৰ তল।

 (৩০) মূৰৰ ওপৰে জপিয়াই নিয়া বল:—
 ল’ৰা থিয় হোৱাৰ ব্যৱস্থা সুৰঙ্গ বলত দিয়াৰ দৰে। সুৰঙ্গ বলৰ দৰে ১ম ল’ৰাটোৱে ভৰিৰ তলেদি বলটো বগৰাই দিব; বলটো নিজৰ ভৰি পাৰ হৈ যোৱা মাত্ৰকে প্ৰত্যেক ল’ৰাটোৱে বহি পৰিব, শেষৰ লৰাটোৱে জুমি থাকি বলটো ধৰিব আৰু বল লৈ, ফেৰেকাকৈ ল’ৰাবোৰৰ ওপৰেদি জপিয়াই খুটিলৈ গৈ ঘূৰি আহি আঁচ পাৰ হৈ শাৰীৰ মূৰত থিয় হৈ সুৰঙ্গইদি বল মাৰিব। এইদৰে ক্ৰমান্বয়ে ১ম ল’ৰাটো আকৌ ঘূৰি আহি যেতিয়া নিজৰ ঠাই পাব তেতিয়া খেল শেষ হ’ব।

 (৩১) লাঠী জপিওৱা খেল:-
 সুৰঙ্গ বল খেলত থিয় হবলৈ দিয়া ব্যৱস্থাৰে দুদল বা ততোধিক দল থিয় হ’ব।
 প্ৰতিদলে ৪ ফুটীয়া এডাল লাঠী ল’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত ১ম লৰাটো লাঠী লৈ খুটিলৈ লৰমাৰি খুটিয়েদি ঘূৰি আহি নিজৰ ঠাই পাই লাঠী এডালৰ এটা আগত ধৰি ইটো আগ দ্বিতীয় ল’ৰাটোক দিব আৰু দুয়োটাই দুফালে ধৰি লাঠী ডালৰ ওপৰেদি প্ৰতিটো ল’ৰাৰ হতুৱাই জাপ মৰাই মৰাই, মাটিত লগাওঁ-নলগাওঁকৈ পাছলৈ নিব, আৰু শেষৰ ল’ৰাটোৱে জাপমাৰি শেষ কৰা মাত্ৰকে ১ম ল’ৰাটোৱে লাঠীৰ আগটো এৰি শাৰীৰ শেষত থাকি যাব আৰু ইটো আগত ধৰি থকা ২য়

[ ২০ ]

ল’ৰাটোৱে লৰমাৰি খুটিলৈ গৈ, আকৌ ঘূৰি আহি ৩য় ল’ৰাটোৰ হতুৱাই ইটো আগ ধৰাই আগৰ দৰে শেষলৈ যাব। এইদৰে শেষৰ ল’ৰাটো আহি আহি শাৰীৰ মূৰ পাবহি আৰু লাঠী লৈ খুটিলৈ গৈ ঘূৰি আহি আঁচ পাৰহৈ ”হুৰে" কৰি দিলেই খেল শেষ হয়। যিদলে আগতে শেষ কৰে সেইদলেই জিকে।

 (৩২) নাও খেল:—
 খেলটোত দলবোৰ থিয় হোৱাৰ ব্যৱস্থা সুৰঙ্গ বলত থিয় হোৱাৰ দৰে।
 প্ৰত্যেক দলে একোডাল দীঘল বাঁহ লব আৰু ঘোঁৰা উঠাৰ দৰে গোটেই দলটো বাঁহ ডাল ভৰি দুটাৰ মাজে মাজে সৰকাইলৈ, বাঁহ ডাল ধৰি থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত বাঁহ ডালত উঠি ধৰি থকা গোটেই দলটো খুটিলৈ লৰমাৰি বা জপিয়াই গৈ, খুটিয়েদি ঘূৰি আহি দলটো আঁচ পাৰ হলেই খেল শেষ হয়। যি দলৰে প্ৰথমে শেষ হয় সেইদলৰে জয়।

 (৩৩) কেৰেলুৱা খেল:—
 সুৰঙ্গ বলত থিয় হোৱাৰ দৰে কঁকালত ধৰা-ধৰি কৰি (শিকলি এডালৰ দৰে) দলবোৰ থিয় হ’ব। আৰম্ভ কৰিবলৈ দিয়া ইঙ্গিতত দলবোৰ খুঁটিলৈ লৰ মাৰিব আৰু শিকলিডাল নিছিঙাকৈ ঘূৰি আহি যি দলেই প্ৰথমে আঁচ পাৰ হ’ব সেই দলৰে জয় হ’ব।
 এই খেলটোকে লৰ মাৰোঁতে হিচ্ হিচ্ শব্দ কৰি খেলিলে ”ৰেল গাড়ী” খেল হ’ব।