ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল/চতুৰ্থ অংশ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল
লেখক শশীচন্দ্ৰ বৰবৰুৱা

[ ৫৬ ]
ভাও-খেল

 (১) জিৰাফৰ খোজ:-
 ওপৰলৈ হাত তুলি, হাত ফিট্ ফিটীয়া কৰি ৰাখি, এখন হাতৰ বুঢ়া আঙুলি আন খন হাতেৰে খামোচ মাৰি ধৰি, আঠু নভঙাকৈ ভৰিৰ আঙুলিৰ ওপৰত বেঙা মেলি মেলি খোজ কাঢ়িব। ল’ৰাবোৰক মণ্ডলাকাৰত থিয় কৰাই ল’লে ভাল হয়। ইয়াত গোটেই শৰীৰৰ ব্যায়াম হয়।

 (২) শহাৰ খোজ:-
 ল’ৰাবোৰ ভৰিৰ ওপৰত বহিব। হাত দুখন মূৰৰ দুফালে কাণ দুখনৰ ওপৰত ওপৰলৈ আঙুলি উলিয়াই, শহাৰ কাণৰ নিচিনা কৰি, ৰাখিব। অাৰম্ভণৰ ইঙ্গিত দিলে শহাৰ কাণ দুখন লৰাই লৰাই ল’ৰাবোৰে জাপ মাৰিব। জাপ মাৰোঁতে কিলাকুটি দুটা আগলৈ পাছলৈ লৰাই থাকিব।

 (৩) পাৰ চৰাই উৰা:—
 হাত দুখন মেলি ল’ৰাবোৰে টুপ্-টুপ্ কৈ জাপ মাৰিব।

 (৪) ভূতৰ হুমুনিয়াহ:–
 হাত ওপৰলৈ মেলি দীঘলাই উশাহ টানি, তললৈ হাত নমাই আগলৈ হাওঁলি, “আ” উচ্চাৰণ কৰি উশাহ এৰিব।

 (৫) ভকতৰ ঈশ্বৰ নাম:-
 ৪ নংৰ দৰেই হাতমেলি উশাহ লৈ, ”গড”, ”নাৰায়ণ”, বা ”আল্লা”

বুলি উশাহ এৰিব। [ ৫৭ ]

 (৬) নৈৰ পৰা পানী খোৱা:—
   হাত দুখন কাজলি পাতি মুখলৈ তুলি আৰু তললৈ নমাই উঠা-বহা কৰিব।

 (৭) নাও বোৱা:—
   বঠা ধৰাৰ অনুকৰণ কৰি বুকুলৈ হাতৰ মুঠি তুলি তুলি, কিলাকুটি পাছলৈ হেঁচি নাও মৰাৰ অনুকৰণ কৰিব।

 (৮) (ক) অাগ সাতোৰ:—
   আগলৈ হাত মাৰি আকৌ কঁকাললৈ আনি মেলা-সাঁতোৰৰ অনুকৰণ কৰিব।

 (খ) পাছ সাঁতোৰ:—
   পাছলৈ হাত তোলা ব্যায়াম কৰি কাষলতি তল চেপি চেপি আগলৈ হাত আনিব।

 (গ) শিলনিত খোজ কঢ়া:—
   এটা এটা ভৰিৰে দীঘল দীঘল কৈ অথালি-পথালি কৈ একোটাহঁত জাপ মাৰিব।

 (ঘ) বাম পানীত খোজ কঢ়া:—
   ভৰি আঙুলি জোঙাকৈ বহুত ওপৰলৈ আঠু তুলি তুলি “মার্চ্” কৰিব৷

[ ৫৮ ]

 (ঙ) বুৰ মৰা:-
 মূৰটো আগলৈ হাঁওলাই হাঁওলাই উঠা-বহা ব্যায়াম কৰিব।
বিঃ দ্ৰঃ— ৭ নং অাৰু ৮ নংৰ আটাই খিনি একেলগে গোটাই "নৈত গা ধোৱা” বুলি শাৰীৰিক ব্যায়ামৰ, গা-গৰম-কৰা ব্যায়ামৰ পৰা আৰম্ভ কৰি এটা পূৰ্ণ পাঠ তৈয়াৰি কৰি ল’ব পাৰি।
 (ক) ল’ৰাবোৰে নৈত গা ধুবলৈ বুলি এটা নিৰ্দিষ্ট চিনলৈ বা ঠাইলৈ লৰ মাৰিব। নৈ পাই ল’ৰাবোৰ নাও খেলাবৰ মন গ’ল। নাও বৰ ডাঙৰ। পাৰলৈ নাচে। পাৰৰ পৰা নাৱলৈ এআঠুৱা পানী। —(খ) ল’ৰাবোৰে এতিয়া বাম পানীত খোজ কাঢ়িব। অাহি নাও পাই নাৱত সহিব।—(গ) এতিয়া ল’ৰাবোৰে কিবা এটা নৌকা-গীত গাই নাও বাব। নাও আহি এখন শিলনিত লাগিল। তাত নাও নেযায়।—(ঘ) ল’ৰাবোৰে এতিয়া শিলনিত খোজ কাঢ়িব। শিলনি পাৰ হৈ পালেহি আকৌ এটা দ সূঁতি। তাত নাও নাই।—(ঙ) এতিয়া ল’ৰাবোৰে মেলা সাঁতোৰ দিব। (প্ৰথমতে ইখন-সিখনকৈ (alternately) অাৰু তাৰ পিছত দুয়ো হাত একেলগে। ক্ৰমাগত ব্যায়াম দিয়াৰ দৰে লেখ কৰিব।) মেলা সাঁতোৰ দিওঁতে দিওঁতে যি ঠাইত উঠিব লাগিছিল তাৰ পৰা বহুত ভটীয়াই গ’ল। (চ) এতিয়া পাছ-সাঁতোৰ দি ল’ৰাবোৰ নিৰ্দিষ্ট স্থানলৈ আহিব।—(ছ) নিৰ্দিষ্ট স্থান পাই ল’ৰাবোৰ টিকা পেলাই বহিব অাৰু “আ” বুলি উশাহ এৰি দীঘলাই উশাহ লোৱা ব্যায়াম কৰিব। এয়ে হ’ল জিৰণি লোৱা।—(জ) তাৰ পিছত ল’ৰাবোৰে থিয় হৈ ভৰি ধুব অৰ্থাৎ হাত দুখন ভৰি দুটাৰ ওপৰত ওপৰ-তল কৰি চলাই চলাই সন্মুখলৈ গা হাউলি কৰা ব্যায়াম

[ ৫৯ ]

কৰিব। ক্ৰমাগত ভাৱে দিব (ঝ) তাৰ পিছত ক্ৰমাগত ভাৱে বুৰ মাৰিব আৰু ঘৰলৈ লৰ দিব।
 এই পাঠটোত ৰং-ৰগৰ, গীত আৰু ব্যায়াম সকলো হ’ব।

 (৯) লাচিতৰ জয়-যাত্ৰা :—
  (১) শৰাইঘাটৰ যুদ্ধত জয়ী হৈ লাচিত বৰফুকন চেউনি আলিয়েদি সসৈন্যে ঘোঁৰাৰ পিঠিত, ৰংপুৰত স্বৰ্গদেৱক সেৱা জনাই ৰণৰ বা-বাতৰি দিবলৈ আহিছে;—
 ল’ৰাবোৰে বহি লৈ আঠুত বাঁৱে-সোঁৱে ( alternate কৰি ) চাপৰি মাৰিব।
  (২) মুকলি পথাৰ পাইছেহি;–
   হাত দুখন খোলা পাতি লৈ চাপৰি মাৰিব।
  (৩) কদমত গৈছে;—
   হাত দুখন পিচলাই পিচলাই চাপৰি মৰিব।
  (৪) মিকিৰ পৰ্ব্বতত উঠিছে;
   লাহে লাহে আঠুত হাত মাৰিব।
  (৫) মিকিৰ পৰ্ব্বতৰ পৰা নামিছে;
   খৰকৈ মাৰিব।
  (৬) মুকলি পথাৰ আৰু কদম।
  (৭) কাকদোঙা দলঙ পাইছেহি;
   বুকুত হাত মাৰিব।
  (৮) মুকলি পথাৰ অাৰু কদম।
  (৯) নামদাঙৰ শিলৰ সাঁকো;
   মাটিত হাত মাৰিব।

[ ৬০ ]

  (১০) জেৰেঙা পথাৰত।
  (১১) ৰাজধানীৰ ওচৰ পোৱাত তিৰোতাবোৰে উৰুলি
  (১২) ঘোঁৰা গৈ আছে।
  (১৩) অাকে। উৰুলি।
  (১৪) ৰাইজে আলিবাটত তোৰণ তৰি সন্মান জনাইছে;—
 ল’ৰাবোৰ দুশাৰী হৈ মুখা-মুখিকৈ বহি থকা অৱস্থাত কৰিলে লাঠীৰে তোৰণ তৰাব পাৰি। লৰাবোৰে ঠিয় হৈ দুয়োফালৰ পৰা লাঠীবোৰ মূৰে মূৰে লগাই দাঙি ধৰিলে এখন ডাঙৰ তোৰণ হৈ যাব। তোৰণাটো কৰি জয় লাচিতৰ জয় বুলি এটা জয়ধ্বনি দিব।
  (১৫) ঘোঁৰা অলপ অাৰু গৈছে।
  (১৬) লাচিত ঘোঁৰাৰ পৰা নামিছে;—
   খৰ খৰকৈ আঠুত কেই চাপৰ মান মাৰিব।
  (১৭) স্বৰ্গদেৱক লাচিতে সেৱা জনাইছে-
   তিনিবাৰ মাটিত মূৰ লগাব।
  (১৮) লাচিতে ডা-ডাঙৰীয়াৰ লগত কাৰেঙত বহি অালোচনা কৰিছে;
 ল’ৰাবোৰে যিমান হয় হায় কৰি চিঞৰ-বাখৰ কৰিব। শিক্ষকে সুহুৰি বজালেই বন্ধ হ’ব আৰু তিনিবাৰ জয়ধ্বনি দিব।
  (১৯) তাৰ পিছত লাচিতৰ সন্মানাৰ্থে ৰাজধানীত চিপাহীৰ “পেৰেড্” হৈছে;—
 তলত দিয়া গানটো গাই ল’ৰাবোৰে “মাৰ্চ” কৰিব ”মাৰ্ক-টাইম” কৰিব।

[ ৬১ ]

‘ধন্য লাচিত ধন্য লাচিত
শতেক ধন্য লাচিত বীৰ।
 ধন্য অসম ধন্য অসম
 ধন্য তোমাৰ উচ্চ শিৰ।
শুদ্ধ তোমাৰ দেশৰ ভক্তি;
ৰূদ্ৰ তোমাৰ প্ৰাণৰ শক্তি ;
তপ্ত তোমাৰ শিৰৰ ৰক্ত
 ধন্য লাচিত ফুকন বীৰ॥”

 (১০) ধুমুহাত গছ ভগা:—
  (১) লাহে লাহে বতাহ ৰৈছে; —লৰা বোৰে ওপৰলৈ হাত তুলি হালিব-জালিব; কঁকালৰ গুৰিৰ পৰা গা লৰাব।
  (২) ঠাল পাত ভাগিছে;—তলে ওপৰে জপিয়াই চাপৰি মাৰিব।
 লাহে লাহে বতাহ বোৱা অাৰু ঠাল-পাঁত ভগাকে কেবা বাৰো দিব, যাতে হাতৰ অাৰু কঁকালৰ যথেষ্ট ব্যায়াম হয়।
  (৩) ধুমুহা বৰকৈ আছিল আৰু গছবোৰ উঘাল খাই পৰিল; ল’ৰােবাৰে এফালে কাতি হৈ হাউলি পৰিব।

[ ৬২ ]
ওপৰিঞ্চি
অাৰু তিনটা নৌকা-সঙ্গীত।


(১) মাৰিৰি ব’ঠা মাৰিবি ডাঁৰ।।
 ধৰিবি গোৰখন বলেৰে গাৰ।
 লুইতৰ সোঁততে দিছোঁ ভেলা মেলি,
 নেজানো ক’তবা উঠিম পাৰ;
 অ’ নাৱৰীয়া ভৰ দুপৰীয়া,
 বাৰিষাৰ বানকে কৰিবি সাৰ॥
      —উমেশ চৌধুৰী

গাৰো ভাষাৰ (’বা বা নাওখন বা’ ৰ অনুবাদ]
(২) চিচ’ নাংৰিংখ’
 চী খিং খামা জ’ল জ’ল;
খাট্‌চায়ে খাট্‌চায়ে খাট্‌চায়ে খাট্‌চায়ে জাংগিদে' জুমাংচান্‌।।
      —কে’ ডবলিউ মমিন।

(৩) হে’ৰ নাৱৰীয়া নয়ন ভৰি ভৰি চা।
 সন্মুখত সৌ উঠিছে নামিছে ৰূপহী সুতিৰে ধল;
ধলৰে বুকুতে পোহৰ জলে মলাই,
 টোৱে কৰে টল্ মল্‌।।
 ঢৌ দেখি তোৰ হালে-জালে গা,
 ইকৰা পাতেৰে নাওখনি বা;
 পখিলা পাখিৰে পাল তৰি লৈ
  পাৰি দি মাজলৈ যা।

[ ৬৩ ]

  কলমৌ ঠাৰিৰে পেপাঁটি বজাই
  বনগীত এফাঁকি গা।।
      —পাৰ্ৱতি বৰুৱা।

 বিশেষকৈ ক,খ মানৰ শ্ৰেণীৰ ল’ৰাৰ কাৰণে উপযোগী তলত দুটা গীত দিয়া হল;—
 (১) কিয় পাছে পৰি থাকিবা লাহৰি
   পাহৰি দেহাৰে বল!
  ৰণত জাপে দিয়া লাহে বান্ধি হিয়া
   সংসাৰ যুঁজৰে থল
  ৰণৰে কুকুৰা কু-কু-কু কুউ,
  নহওঁ কপৌ কুলি ফেঁচা হুদু;
  ৰণৰে কুকুৰা ৰণত পৰি মৰে
   নমৰে গঁড়ালৰ তল।
  অাহক পালে পালে বনৰ হাতী,
   হাউম্ হাউম্ হাউম্‌ মাতি;
  আহক জাকে-জুমে হাতী বাঘে-ঘোঙে
   একোলৈ নকৰো ডঁৰ॥ — মহন্ত।

 ল’ৰাবোৰক মণ্ডলাকাৰত থিয় কৰাই দুদল কৰি ল’ব।

 ১ নং দলে গাব — কিয়..............................বল।
 ২ নং দলে গাব - ৰণত..............................বল।
 ১ নং দলে ক’ব – ৰণৰে কুকুৰা,
 ২ নং দলে ক’ব — কু-কু-কু কুউ,
 ১ নং দলে ক’ব — নহওঁ কপৌ কুলি

[ ৬৪ ]

 ২ নং দলে ক’ব- ফেঁচা হুদু;
 দুয়ো দলে গাব — ৰণৰে..............................তল।।
 ১ নং দলে ক’ব- অাহক..............................হাঁতী
 ২ নং দলে ক’ব-হাউম্‌...............................মাতি,
 দুয়ো দলে গাব — আহক............................ডঁৰ।।
 প্ৰতি শাৰী অন্ততঃ দুবাৰ কৈ গাব। যিমান পাৰে ভাঙি দিবলৈ চাব।

(২) বলিছে মলয়া বা ধীৰে ধীৰে
     বলিছে মলয়া বা।
 ফুলে হালে-জালে   পাতে হালে-জালে
    পখিলাৰ উঠিছে গা, ধীৰে ধীৰে
     বলিছে মলয়া বা।
 ফুলৰি ধানৰে   পথাৰে পথাৰে
    ঢৌ ঘূৰি ফুৰে চা,
 অাহি বালিমাহী কয় হাঁহি হাঁহি
    দুহাতে চাপৰি বা, ধীৰে ধীৰে
     বলিছে মলয়া বা॥
         —গ্ৰেম’ফন—

বলিছে……………বা—ওপৰলৈ হাত তুলি গা বোৰ হালি-জালি ঘূৰাব।
ফুলে……………পাতে-জালে—এখন এখন কৈ হাত আলফুলকৈ লৰাব।
পখিলাৰ……………গা—হাত দুখন কাষলৈ মেলি কঁকালটো ঢৌৰ দৰে লৰাব।
ফুলৰি……………পথাৰে-আগলৈ বেঁকা হৈ পথাৰ দেখুৱাৰ দৰে হাত দুখন ইফালে সিফালে চলাব।

[ ৬৫ ]

ঢৌ……………চা—লয়লাসত এটা সম্পূৰ্ণ ঘূৰণ দি ইটোৱে সিটোক চাব।
আহি বালি মাহী— সোঁ ফালে ঘূৰি হাত দুখন আগলৈ ৪৫o মানত তুলি বালিমাহী চৰাইৰ নেজৰ দৰে মাৰি লয়লাসে ভৰি চলাব।
কয় হঁহি হাঁহি— ভিতৰলৈ চাই অাটাইবোৰে হাঁহিব।
দুহাতে চাপৰি বা— চাপৰি মাৰিব।
   (গোটেই কাৰ্য্যটো মণ্ডলাকাৰত কৰিব)।

 বিঃ দ্রঃ –গ্ৰেম’ফনত থকা গোটেই গানটোৰ বাকী শাৰীখিনিৰ আৱশ্যক আৰু নাই; তেতিয়া ভঙ্গি জটিল হয়গৈ।
 শিক্ষকসকলে নিজ নিজ গাওঁ আৰু ঠাইবোৰৰ বিষয়ে বুৰঞ্জীমূলক ব্যায়াম-সঙ্গীত বা কবিতা ৰচি ল’ব পাৰিব। তলত নাজিৰা আৰু বকতাৰ ওচৰৰ মজলীয়া স্কলৰ শিক্ষক শ্ৰীযুত মুক্তনাথ মহন্ত
দেৱে ৰচি লোৱা এটা গীতৰ নমুনা দিয়া হ’ল।

কোৱাচোন প্ৰাণ সখি, বাহু দাঙ্গি বুকু তুলি

  নহওঁনে লাচিতৰ দেশৰ ল’ৰা ঐ।
অতীত কীৰ্ত্তিৰে ভৰা সেই অসমৰে ল’ৰা
  নহওঁনে কোৱাচোন প্ৰাণ সখি ঐ ?
প্ৰতাপী অাহোম অামি এই বকতাতে শাসি
  কঁপালো অসম দেশ প্ৰাণ সখি ঐ।
মহাসতী জয়মতী ওপজা জনমভূমি
  নহয়নে অামি থকা ঠাইখনি ঐ,
এই নাজিৰাৰে সেই বিক্ৰমী লাচিত বীৰে

  ৰাখিলে দেশৰ মান প্ৰাণ সখি ঐ।
[ ৬৬ ]

শঙ্কৰে জনম ধৰি ভকতি প্ৰচাৰ কৰি
  সনাতন ধৰ্ম্ম সোঁত বোৱাইছিল ঐ?
অতীতৰ নাম লোৱা অতীতৰ গুণ গোৱা
  অতীত সাৰথি কৰি আগ বাঢ়া ঐ
মুখে মুখে লোৱা নাম অসম বিজয় গান
  বক বিজয়ৰ সোঁত প্ৰাণ সখি ঐ।।


 যোৰহাট নৰ্ম্মাল স্কুলৰ শক্ষক শ্ৰীযুত জয়ৰাম পাত্ৰদেৱে লিখি লোৱা এক ব্যায়াম সঙ্গীত।
সঙ্গীত;—

উঠ হেৰ, যুৱক, শক্তি-সাধক
  এৰি দে তন্দ্ৰা নিদ্ৰা ভাগৰ,
গুপ্ত বাহুত তোৰ শক্তি সাধিবি
  মোহাৰি পেলাবি বিঘিনি পাথৰ।
 কম্পিত হ’ব পৰন-গগন
 শুনি ধ্বনি তোৰ সিংহ-গৰ্জ্জন
তপ্ত ৰক্ত সিৰে সিৰে বৈ যক।
  বীৰ দৰ্পে বাহু তোৰ নাচক।


একে লেখকৰে কাঠী খেল গীত; —

খেল কাঠী খেল, খেল কাঠী খেল;
ধূলি বালিৰ ঘৰ সাজি আমি পাতিম মেল।।
ঘেণ্-খিতা ঘেণ-ডাও
তেঘেণিতা-খিত তাঁও
ঢোল পেঁপা খোল বাহী অামি মুখত গাওঁ।।


[ ৬৭ ]

অাহ ভাই পাৰি ৰং
তিৎ-তাত্তি তল-লং
হাঁহি-মাতি নাচি-বাগি
মনত পাবি ৰং॥

অন্য এটি ড্ৰিল-সঙ্গীত
আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম।
সকলো অাছিল সকলো অাছে নুশুনো নলওঁ গম।।
শঙ্কৰে দিলে বিশুদ্ধ ধৰম লাচিতে বাহুত বল।
সতী জয়মতী সতীত্ব তেজেই অসমী সতী প্ৰৱল।।
বাজক ডবা বাজক শঙ্খ বাজক মৃদঙ্গ খোল।
অসম আকৌ উন্নতি পথত জয় অাই অসম বোল॥
       —বেজবৰুৱা

অসমীয়া জাতীয় সঙ্গীত।
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুনী দেশ
এনেখন শুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিবীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।।

[ ৬৮ ]

অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী অাই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।



শাৰিৰীক শিক্ষাত নৃত্যৰ স্থান।

 নৃত্য মানুহৰ প্ৰায় স্বভাৱগত। ই এক সজীৱ ভাষাৰ নিচিনা অাৰু সকলো দেশতে মানৱ জাতিৰ সৃষ্টিৰ লগে লগে ইয়াৰ স্থিতি। দুখ-শোক, প্ৰেম-প্ৰীতি, ৰং-খং অহঙ্কাৰ অভিমান আদি সকলো ভাৱ নৃত্যৰে প্ৰকাশ কৰিব পাৰি। কোনে এক জাতিৰ এটা জাতীয় নৃত্যত সেই জাতিৰ জাতীয়তাৰ বহুত সমল পোৱা যায়।
 সভ্যতাৰ পোহৰ নোপোৱা প্ৰকৃতিৰ সন্তান সকলে স্বভাৱতে আদিৰে পৰা নৃত্য কৰি ৰং ৰগৰত বুৰ গৈ আহিছে, আৰু সভ্যতাৰ পোহৰ পোৱা সকলে, প্ৰাচ্য পাশ্চাত্যৰ সকলো দেশতে এই নৃত্যকলাৰ শৃঙ্খলা লগা চৰ্চ্চা কৰি জাতীয় কৃষ্টি ৰূপে পিছৰ পুৰুষলৈ থৈ গৈছে। দেহৰ সৌষ্ঠৱ সৌন্দৰ্য্য, গতিৰ লয়লাস আৰু স্বাস্থ্য বৃদ্ধি কৰা শিক্ষাৰ ই এক প্ৰধান অঙ্গ। গ্ৰীচ দেশত নৃত্য কৰিব নজনা মানুহক অকামিলা বুলি ধৰি ৰজা-ঘৰীয়া বিষয় বাবৰ পৰা বঞ্চিত কৰা হৈছিল। অামাৰ ভাৰততো ৰজা-ঘৰীয়া প্ৰজাঘৰীয়া অাৰু নামঘৰীয়া আদি সকলো ক্ষেত্ৰতে নৃত্য চলি আহিছে। আমাৰ অসমৰ ভাওনাবোৰৰ নাচ এটা প্ৰধান অঙ্গ, আৰু সত্ৰবিলাকত পূৰ্ণ মাত্ৰাই ই চলি আছে।

[ ৬৯ ]

 আমাৰ ”শ্ৰীহস্ত মুক্তাৱলী” পুথি নৃত্যৰ নানা ধৰণৰ মুদ্ৰা বা অঙ্গি-ভঙ্গিৰ বিস্তুত বিৱৰণ অাছে। এই মুদ্ৰা বিলাকে গোটেই দেহত চালনা দিয়ে আৰু ব্যায়ামৰ দৰে নিয়মিত ৰূপে কৰিলে লয়লাস পূৰ্ণ, সুন্দৰ লনী শৰীৰ গঢ়ি তুলিব পাৰি।
 তলত বিশেষকৈ ছোৱালীৰ স্বাস্থ্য শিক্ষাৰ কাৰণে কেইটিমান উজু মুদ্ৰাৰ নমুনা দিয়া হ’ল। দুটা এটা মুদ্ৰা একেলগে গোটাই ১,২,৩ আদি লেখ কৰি ক্ৰমাগত দিলে যথেষ্ট পৰিচালনা হ’ব। মুদ্ৰা প্ৰকাশক কোনো গীত ৰচি বা বিচাৰি লৈ, গীতৰ তালত মিলাই ভঙিবোৰ দিলে অাৰু অনুপম হৈ উঠে।

  কিছুমান সৰল মুদ্ৰা— বা হাতৰ চালনা
 (১) পতাক হস্ত:— সকলো অঙ্গুলি একেলগ কৰি পোন কৰি মেলি বুঢ়া আঙুলি অলপ কোঁচাব।
 (২) থল-পদ্ম হস্ত:— হাতৰ সকলো আঙুলি বিৰল কৰি মেলি গাৰ ফালে ঘূৰাব।
 (৩) পাদ্মকোষ হস্ত:— হাতৰ আঙুলি অলপ কোঁচাই বিৰল কৰিব।
 (৪) (ক) নমঃকাৰ:— পদ্মকোষ হস্ত দুয়োকো একেলগে লগাই পতাক হস্তেৰে মুখৰ ওচৰলৈ অানি শিৰ নত কৰিলে নমঃকাৰ হয়।
  (খ) পতাক হস্ত দুয়োকো বুঢ়া আঙুলি গেড়ুৱাৰ ওপৰত গেড়ৱা তুলি সকলো আঙুলি বিৰল কৰি ঘূৰালেও নমঃকাৰ হয়।

[ ৭০ ]

 (সূত্ৰধাৰী নাচ আদিত ইয়াক বিশেষকৈ পাব।)
 (৫) হংস মুখ হস্ত:- বুঢ়া, তৰ্জ্জনী আৰু মধ্যমা আঙুলিৰ আগ তিনটা টিপি ধৰি, বাকী দুই আঙুলিক পোন কৰি মেলি হাতৰ ঠাৰিটো ওপৰ মুৱাকৈ তুলি, হাতৰ গাঁঠি ভাঙি আঙুলি তলমুৱা কৰিলে হংস-মুখ হস্ত হ’ব। হাতৰ ঠাৰি কমকৈ ফুলাই এই মুদ্ৰা দিলে অন্য চৰাইকো বুজাব।
 (৬) হংসপক্ষ হস্ত:- বুঢ়া আঙুলিক কেঁকোৰা কৰি কেঞাক ওপৰলৈ তুলি মাজৰ তিনি আঙুলিক একেলগ কৰি অাগলৈ মেলি লৰাব।
 (৭) ভ্ৰমৰ হস্ত:- বুঢ়া আঙুলিৰে মাজৰ আঙুলিৰ আগত ধৰি বাকী তিনি আঙুলি বিৰল কৰি ওপৰলৈ তুলিলে ভ্ৰমৰ হস্ত হয়।
 (৮) চলন্ত মধুকৰ হস্ত:- ভ্ৰমৰ হস্তৰ তৰ্জ্জনী আৰু অনামিকা কিছু কেঁচাই লৰালে চলন্ত মধুকৰ হস্ত হয়।
 (৯) মৃগশীৰ্ষ হস্ত:- বুঢ়া আঙুলি আৰু কেঞা আঙুলি ওখ কৰি মাজৰ তিনি আঙুলি মুঠি মাৰি ধৰিলে মৃগশীৰ্ষ হস্ত হয়।
 (১০) বংশী মুদ্ৰা:- মৃগশীৰ্ষ হস্ত দুয়োকে সোঁফালে মুখৰ ওপৰত তুলি, বাওঁ বুঢ়া আঙুলি ওঁঠত লগাই চকুৰে কেৰাহিকৈ চালে বংশীক অাৰু বংশীবাদনক বুজায়।
 (১১) পানী:- পতাক হস্তৰ বুঢ়া আঙুলি অলপ নমাই তলুৱা অলপ কোঁচাই লৰালে পানীক বুজায়।
 (১২) ণুপুৰ:- পতাক হস্তক দুয়োকে ভৰিৰ আগত বৃত্তাকাৰে ঘূৰালে ণুপুৰক বুজায়।

[ ৭১ ]

 ( ১৩ ) বন :— দুই পতাক হস্ত উবুৰি কৰি এপাষৰ পৰা আন পাবলৈ নিলে বন উপৰন আদিক বুজায়।
 ( ১৪ ) পৰ্ব্বত :—পতাক দুষ্ট হস্তক পোন কৰি মূৰলৈ তুলি চকুৰে চালে পৰ্ব্বতক বুজায়।
 ( ১৫ ) গছ :—পতাক হস্তক তলৰ পৰা ক্ৰমে ওপৰলৈ লৰাই নিলে গছক বুজায়।
 ( ১৬ ) কোমল তৃণ :— পতাক হস্তক বহলাই মেলিলে কোমল তৃপক বুজায়।
 ( ১৭ ) ঢৌ :– পতাক হস্ত দুয়োকে আগত হিন্দোল কৰিলে ঢৌক বুজায়।
 ( ১৮ ) লতা :-—মাজৰ আঙুলিৰ আগত বুঢ়া আঙুলিৰে ধৰি বাকী আঙুলি মেলি তলৰ পৰা ওপৰলৈ কেকোৰাকৈ লৰাই তুলিলে লতাক বুজায়।
 ( ১৯ ) মৎস্য :—সোঁ পতাক হস্তৰ পিঠিৰ ওপৰত বাওঁ পতাক হস্তক তুলি বুঢ়া আঙুলি মেলি বুঢ়া আঙুলি দুটা লৰালে মৎস্য, কুৰ্ম আদিক বুজায়।
 ( ২০ ) জগত :—যদি বাম কন্ধৰ পৰা দক্ষিণ পতাক হস্তৰ দক্ষিণ কাষলৈ অনা হয়, তেতিয়া জগতক বুজায়।

[ ৭২ ]
নৃত্য সমূহ :—

 (ক) পতাকা হস্ত ওপৰলৈ তুলি, কঁকালৰপৰা ওপৰ ভাগ কাষেদি পাছলৈ বেঁকা কৰি, ভৰি অগা-পিছাকৈ চলাই লয়লাস গতিৰে ভাগলৈ যাব। লেখ—১, ২, ১, ২ ইত্যাদি।
 ( ইয়াত বিশেষকৈ কঁকাল আৰু বুকুৰ ব্যায়াম হয়, আৰু কুঁজা অৱস্থাৰ সংশোধক পৰিচালনা। )

 (খ) পতাকা হস্তেৰে সোঁৱে বাঁৱে চাই মৃদঙ্গ বজোৱাৰ ভঙ্গি দি সাধাৰণ খোজকঢ়াৰ দৰে লয়লাসত অাগুৱাই থাকিব। লেখ— ১, ২, ১, ২ ইত্যাদি।
 ( ইয়াত হাতৰ ঠাৰি, ডিঙি আৰু হাতৰ গাঁঠিৰ পৰিচালনা হয়। )

 (গ) ক নংৰ দৰে।

 (ঘ ) তাৰ পিছত ঠাইতে তালে-তালে ঘূৰি হাত ওপৰলৈ কৰি চাপৰি মাৰি মাৰি হাতৰ গাঁঠি ঘূৰাব। লেখ—সোঁৱে ৮ বা, বাঁৱে ৮ বাৰ।
 ( ইয়াতো ঠাৰিৰ অাৰু বাহুৰ পৰিচালনা হয়। )

 (ঙ) অাকৌ ক নং দৰে।

 (চ ) থলপদ্ম-হস্ত মুখৰ গুৰিলৈ তুলি লয়লাসে ঘূৰাই ঠাইতে ৪ নংৰ দৰে সোঁৱে-বাৱে ঘূৰিব।
 ( ইয়াতো আঙুলি অাৰু হাতৰ ব্যায়াম হয়। )

 (ছ) ক নংৰ দৰে।

[ ৭৩ ]

 (জ) চ নংৰ দৰে থল-পদ্ম-হস্ত ওপৰত ঘূৰাই দুবাৰ সোঁয়ে আৰু দুবাৰ বাঁৱে একান্তৰে ঘূৰি ঘূৰি উঠা-বহা কৰিব।
লেখ—১, ২, ৩, ১, ২, ৩ ইত্যাদি।
 (ইয়াত শৰ্ব্বশৰীৰৰ চালনা হয়।)

 (ঝ) ক নংৰ দৰে।

 (ঞ) সোঁ ফালে লাহেকৈ অৰ্দ্ধ কোণীয়া আগুৱাই জাপ মাৰি, পদ্মকোষ হস্ত ঘূৰাই বাওঁ ফাললৈ আনি হংস-মুখ-বস্তু মুদ্ৰা দেখুৱাই এৰি দিয়াৰ লগে লগে সোঁ ভৰি অাগেদি বাওঁ ফালে অানি বাওঁ ভৰিৰ ওপৰত থিয় দিব। লেখ—১, ২, ১, ২ ইত্যাদি।

 (ট) ক নংৰ দৰে শেষ কৰিব।
 গোটেই নাচটো মণ্ডলাকাৰত কৰিব। তলত দিয়া গীতটি বা ইয়াৰ নিচিনা অন্য গীত এই নাচত ব্যৱহাৰ কৰি পাৰিব ,—
 বালা :—এমন মোহন গোপী সৱে কৰে খেলা ”।।
 পদ : – স্বানন্দ মৃদঙ্গ ৰঙ্গে বজাৱত
     তাল কৰতাল ঠুকি।
 তাৰ চেৱ লৈয়া “ঘূৰিয়া ঘূৰিয়া”
     গোপিনী নাচে উৎসকি ।
   *   *   *
 “আনন্দে উৎসৱে নাচে চেৱে চেৱে
     সমস্ত গোপিনী জাক, "
 মানা ভঙ্গি-তায়ে চৰণ চলায়ে
     ফুৰন্ত মণ্ডলি পাক ।

[ ৭৪ ]

 ওপৰত দিয়া এই মুদ্ৰাবোৰৰ দুই বা ততোধিক লগ লগাই কঁকাল আৰু ভৰিৰ লাস্যৰ লগত মিলাই চালনা কৰিলে সুন্দৰ শাৰীৰিক ব্যায়াম হ’ব, দেহৰ সোঁৱ অাৰু গতিৰ জয়লাস বৃদ্ধি হ'ব, দেহটি ল-নী হ’ব, ভিতৰ যন্ত্ৰৰ শক্তি বৃদ্ধি হ’ব আৰু স্বাস্থ্যই মোৰ বুলিব।
 শাৰীৰিক ব্যায়াম বা এই লৰাবোৰৰ চালনা কৰোতে মুখখন কেতিয়াও টেপি নধৰিব। মুখত হাঁহি বিৰিঙাই ৰাখিব লাগে। ইয়াৰ অন্যথা হ’লে গাল সোমাই যায়।
 গা ধুই উঠি চুলি আঁচোৰোতে বা অন্য কোনো সময়ত মাজে মাজে, মুখখন ঘনে ঘনে মেলা-জপা কৰি তাৰ পৰা ওপৰলৈ হাত চলাই গাল দুখন মোহাৰিলে মুখৰ সৌন্দৰ্য্য বৃদ্ধি হয়।

অন্ত
ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল (page 88 crop)
[ ৭৫ ] [ ৭৬ ]
Published by

S. N. Bhattacharyya
For
Darpan Prakash Bhawan
JORHAT, ASSAM