পৃষ্ঠা:মেঘনাদ সাহা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সংক্ষিপ্ত জীৱন-পঞ্জী ২৭
 
 

১৯১৮ : ১৬ জুন : নাৰায়ণগঞ্জৰ ৰাধাৰাণীৰ লগত বিবাহ।

১৯১৯  : আইনষ্টাইনে আপেক্ষিকতাবাদৰ তত্ত্বৰ বিষয়ে জাৰ্মান ভাষাত লিখা

 গৱেষণাপত্ৰসমূহ মেঘনাদ সাহা আৰু সত্যেন্দ্ৰনাথ বসুৰে কৰা ইংৰাজী

 অনুবাদ কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা গ্ৰন্থাকাৰে প্ৰকাশ। কলিকতা

 বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট অব ছায়েন্স ডিগ্ৰী (D.Sc.) লাভ।

 ‘নাক্ষত্ৰিক বৰ্ণালীৰ হাভাৰ্ড শ্ৰেণী বিভাগ' শীৰ্ষক গৱেষণা পুস্তিকাৰ বাবে

 প্ৰেমচান্দ ৰায়চান্দ বৃত্তি লাভ।

 ‘বিকিৰণৰ চাপ আৰু কোৱান্টাম তত্ত্ব’ শীৰ্ষক গৱেষণাপত্ৰ প্ৰকাশ।

১৯২০ : ‘নাক্ষত্ৰিক বৰ্ণালীত পোৱা ৰেখাসমূহৰ উৎস' শীৰ্ষক গ্ৰন্থৰ বাবে

 কলিকতা বিশ্ববিদ্যালয়ৰ সন্মানজনক গ্ৰিফিট বঁটা লাভ।

 তাপজনিত আয়নন তত্ত্বৰ প্ৰকাশ

 ইউৰোপ যাত্ৰা।

১৯২১ : কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে

 যোগদান।

১৯২২ : জ্যেষ্ঠ পুত্ৰ অজিত সাহাৰ জন্ম।

১৯২৩ : পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰূপে এলাহাবাদ

 বিশ্ববিদ্যালয়ত যোগদান।

 দ্বিতীয় পুত্ৰ ৰঞ্জিতৰ জন্ম।

১৯২৬ : ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ গণিত আৰু পদাৰ্থ বিজ্ঞান শাখাৰ

 সভাপতি।

১৯২৭ : লণ্ডনৰ ফেল’ অব দি ৰয়েল ছচাইটিৰূপে নিৰ্বাচিত।

১৯৩০ : মেঘনাদ সাহাৰ সভাপতিত্বত এলাহাবাদত ‘যুক্ত প্ৰদেশ বিজ্ঞান

 একাডেমী’ স্থাপিত।

১৯৩৩ : তৃতীয় পুত্ৰ প্ৰসেনজিতৰ জন্ম।

১৯৩৪ : ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সভাপতিৰূপে নিৰ্বাচিত।