পৃষ্ঠা:ভেনিচৰ সাওদ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


ভেনিচৰ সাওদ

⸻:o:⸻

প্ৰথম অধ্যায়।

 ভেনিচ চহৰত এণ্টোনিও আৰু বাচানিও নামে দুই বন্ধু বাস কৰিছিল। তেওঁলোকৰ ভিতৰত এনে সদ্ভাৱ আছিল যে, তেনে সদ্ভাৱ প্ৰায়েই দুজন মানুহৰ ভিতৰত থকা দেখা নেযায়। বন্ধুতা কি, — এণ্টোনিও আৰু বাচানিওৰপৰা আমাৰ শিকিব লগীয়া। এণ্টোনিও ভেনিচ চহৰৰ সাওদ আছিল। ভিন ভিন দেশৰ বস্তু ভেনিচত বেচা আৰু ভেনিচৰ বস্তু ভিন ভিন দেশত বেচাই তেওঁৰ কাম আছিল। যিখিনি ঠাইত কাৰবাৰৰ বেছি ধূম, সেইখিনি ঠাইক ভেনিচত ৰিয়াণ্টো বুলি কয়। ৰিয়াণ্টোত এণ্টোনিওৰ বৰ নাম আছিল। তেওঁৰ নাম শুনিলেই আন আন বেপাৰী সদাগৰসকলে সসম্ভ্ৰমে তেওঁৰ বন্ধু আন বেপাৰী মুদৈ সদাগৰসকলৰ সৈতে কাৰবাৰ কৰিছিল।

 এদিন বাটত তেওঁ তেওঁৰ বন্ধু চালাৰিনো আৰু চালানিওৰে সৈতে দুখ-সুখৰ, বেহা-বেপাৰৰ কথা-বাৰ্ত্তা পাতি থাকোঁতে বাচানিও লৰেঞ্জো