পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিল, ঘৰে-পৰে সকলোৱে তেওঁৰ অমায়িক গুণ বখানি বিনাবলৈ ধৰিলে৷ আৰু, সেই হুলস্থূলৰ ভিতৰত চাকুলী বুঢ়ী মানুহৰ মাজৰপৰা কেনি কলৈ গল কেৱে কব নোৱাৰে৷ সেইদিনাৰপৰা তাইক আৰু দেখা নগল!

এই হিয়াবিদৰোৱা পৰিণতি দেখি, অন্তত কঠুৱা ৰজাৰ মনতো বিষম অনুতাপ হবলৈ ধৰিলে৷ বিশেষকৈ, ভানুৰ অকাল-বিয়োগত ৰজাই মৰ্ম্মান্তিক বেজাৰ পালে৷ ইমান দিন তেওঁ ভানুৰ মোহিনী ৰূপত মুগ্ধ হৈ আছিল৷ ভানুৰ ৰূপত বিমোহিত হৈয়েই, তেওঁ হিতাহিত জ্ঞান হেৰুৱাই অতনা অন্যায় কাম কৰিলে৷ কিন্তু, সিমান কৰিও তেওঁ ভানুক লাভ কৰিব নোৱাৰিলে৷ ভানু আৰু নাই৷ যাৰ ভানু তাক পোহৰাবলৈ তাৰ লগতে সি গল৷ এই কথাত ৰজাৰ মনত অনুতাপতকৈও অধিককৈ ধিক্কাৰ লাগিল৷ চাৰু আৰু ভানুৰ পৱিত্ৰ প্ৰেমত বিঘিনি হৈ তেওঁ এতিয়া প্ৰাণত শান্তি নোপোৱা হ’ল৷ কি উপায়ে তেওঁ এতিয়াও সিবিলাকৰ প্ৰতি সজ ভাৱ দেখুৱাই এফেৰি শান্তি লাভ কৰিব, তাৰ উপায় চিন্তিবলৈ ধৰিলে৷ আৰু, তাৰে ফলস্বৰূপে ৰজাই ভানুৰ শৱটি চাৰুৰ মৈদামৰ বাৱেঁ শাৰীপতাই মৈদাম দিয়ালে; আৰু তেওঁ নিজ হাতে চাৰুৰ মৈদামৰ ওপৰত এজুপি জৰীগছ ৰুই তাত যত্ন-পানী দিবলৈ ধৰিলে৷ তাৰ পাচত, শুভদিন চাই, ৰজাই ৰাজভঁৰালৰপৰা বিস্তৰ অৰ্থ ভগন কৰি বৰ ধুমধামকৈ গছ দুজুপিৰ বিয়া পাতি, দুইৰো মাজত পৱিত্ৰ লগ্নগাঁথি দি মিলন ঘটালে৷ কালত গছ দুজুপি একেলগ হৈ বাঢ়ি উঠি এজুপি ৰূপহ জৰীগছ হলগৈ৷

তেতিয়াৰপৰা তৰা আইদেউ ভালেমান দিন নিৰুদ্দেশ হৈ আছিল৷ পিচে, বছৰদহেকৰ মূৰত তপস্বিনী বেশেৰে তেওঁ এদিন নগৰ ওলালহি৷ আৰু, তাৰ পাচত, ভানু-চাৰু যুগল গছজুপিৰ তলতে বহি ভালেমান