পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


৬৮

তেওঁ অতি গম্ভীৰভাৱে ৰাইজলৈ সাদৰ-সম্ভাষণ জনাই কবলৈ ধৰিলে, "শুনা ৰাইজ! মোকে বোলে ঘাট-মাউৰা। তথাপি, এই পৃথিৱীত মোৰ বুলি এৰি যাবলৈ এটি মাথোন প্ৰাণী থাকিল, তেওঁ মোৰ প্ৰাণেশ্বৰী ভানুমতী। মৰণ চাপিছে বুলি তাত মোৰ অকণো বেজাৰ নাই। জন্ম হলেই অৱশ্যে এদিন মৃত্যু আছে। এই ঘৰৰ ভিতৰত নৰিয়া পৰি, কিম্বা হিংস্ৰ জন্তুৰ মুখত পৰি নিজানত নুমাব লগা নহল, মোৰ দেহান্তৰ হোৱা আজি অত ৰাইজে দেখিব, ই মোৰ বৰ ভাগ্যৰ ফল। কিন্তু, মোৰ দেহান্তৰ ঘটাৰ পূৰ্ব্বে মোৰ দুআষাৰ শেষ কথা কৈ যাওঁ। মই কোনো অপৰাধৰ অপৰাধী নহওঁ। ৰজাৰ বিচাৰ সম্পূৰ্ণ অন্যায়। কিন্তু আৰ্জ্জিলে ফল ভুঞ্জিব লাগে। এই কথা সকলোৱে মনত ৰাখিবাঁহঁক। এতিয়া সকলোৰে ওচৰত বিদায় হে মাগিলোঁ।" এই কেইআষাৰ হিয়াত লাগি যোৱা কথা কৈ তেওঁ চাওদাঙ্গৰ ফালে ঘূৰিল। চাওদাঙ্গে নিয়ম লগাই বলিশালত ঠিক কৰি লবলৈ ধৰিছে। এনেতে, চাৰিওফালে অন্যায় অবিচাৰ অধৰম ইত্যাদি আৰ্ত্তৰাৱ গগন ভেদি উঠিল। হঠাৎ প্ৰকৃতিয়ে ভীষণ মূৰ্তি ধৰিবৰ উপক্ৰম কৰিলে। আকাশত এচুকেদি এচকলা মেঘ অকলৈ আছিল। তাৰেপৰা গিৰ্‌-গিৰ্‌কৈ গাজনি উঠিল। গছৰ ডাল এৰি চৰাইবোৰে ৰমলিয়াবলৈ ধৰিলে। নিমিষতে অকস্মাৎ ভয়ঙ্কৰ ধুমুহা আহিল। ক'লা ডাৱৰে আকাশ ঢাকি পেলালে। ধাৰাসাৰে মেঘে বৰষিবলৈ ধৰিলে। ঘনে ঘনে কাণ-টাল-মৰা ঢেৰেকনিত মানুহ আছাৰখাই পৰিবলৈ ধৰিলে! স্বাভাৱিক অমঙ্গলৰ চিন্‌ এটা বিৰঙ্গি উঠিল! চাওদাঙ্গৰ হাতৰ পৰা বলিকটা-দা সৰি পৰিল। এনেতে, হঠাৎ স্বৰগ পৰি চাৰু গোহাঞিদেৱ থিয়ৈ থিয়ৈ স্বৰ্গী হ'ল! তুলসীৰ লগত কলপটুৱাৰ মুক্তিৰ দৰে চাওদাং দুটাৰো গোহাঞিদেৱৰ লগতে পৱিত্ৰ মৰণ মিলিল। উপস্থিত জনমণ্ডলীয়ে জয়ধ্বনিৰে গগন ফালি দিলে। এনেতে, ভানু সখীৰে সৈতে ইফালে তৰা আইদেউ বাউলী হৈ উৰি আহিছে। দুয়ো মানুহৰ ওপৰেদি উৰি