পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


৬৯

যোৱাদি গৈ, "হাঁ, প্ৰাণনাথ!" বুলি গোহাঞিদেৱৰ জীৱহীন দেহা সাবটি ধৰিলেগৈ! মানুহে স্পৰ্শ কৰা মাত্ৰকে কাটি হৈ মাটিত পৰিল। আশ্ৰয়হীনা লতাৰ দৰে ভানুমতী আৰু তৰা আইদেৱো লগতে লুটি-খাই পৰিল! তাৰ পাচত, বহু প্ৰৱন্ধেৰে দুই কল্পিত সতিনী-সখীৰ আলিঙ্গনৰপৰা গোহাঞিদেৱৰ মৃতদেহা এৰুৱাই নিয়া হ'ল। প্ৰাণ কাঢ়ি নিয়া অচেতন দেহাৰ নিচিনা হৈ আইদেউহঁত তাতে পৰি ৰল!

তাৰ পাচত, ভানুৰ দশা হল কি! ভানুত আৰু ভানু নাই। ভানুৰ আকৃতি আছে, প্ৰকৃতি নাই। ভানুৰ ৰূপ আছে গুণ নাই। ভানুৰ ভেলা আছে জীৱনৰ বেহা নাই। চাৰু গোহাঞিদেৱ স্বৰ্গী হোৱাৰ পাচত, আজি, ভানুৰ অময়া আনন্দ মিলিছে! আজি আনন্তে ভানুৱে অকলে-অকলে হাঁহিছে! পুখুৰী পাৰত বহি ভানুৱে জাঁত-জাঁতকৈ নাম উৰুৱাইছে! মানুহ দেখিলেই তেওঁ খল্‌খলাই হাঁহি গাত ধৰিবলৈ খেদি যায়! থাকি থাকি একোবাৰ ফুলনিৰ ফালে মন কৰে; আৰু একোবাৰ লৰি গৈ আঁচল ভৰাই ফুল তুলি আনি তেওঁ হেঁপাহেৰে মালা গাঁথিবলৈ ধৰে! পুৱাৰপৰা এইদৰে আপোন-মনেৰে আনন্দ কৰি থাকোঁতেই বেলি ভাটী দিলে। সকলো ভাত-পানী খাই উঠিল। ভানুক মাতিবলৈ কাৰো সাহ যোৱা নাই। দেউতাক নৰিয়া-পাটীৰপৰা উঠিব নোৱাৰা অৱস্থাত। ভানুক আৰু পায় কোনে! ভয় আৰু ভালপোৱাৰ গুণত আগৰবাৰ ভানু অলপ সুস্থিৰ আছিল। এতিয়া তেওঁৰ সেই দুয়ো বস্তুৰে অভাৱ। অন্তৰত তাৰ এটিও নাই। চাকুলীৰ প্ৰাণে কিন্তু নসহে। তাই আকৌ এবাৰ ওচৰ চাপিল গৈ। আৰু, ভানুৰ গাত হাত বুলাই তাই কলে, "আইদেউ! তুমি ভাত খোৱা নাই নহয়। তুমি নাই খোৱা দেখি ময়ো খোৱা নাই। বেলি আবেলি হল।" চাকুলীৰ কথা শুনি, চেতন পোৱাদি পাই ভানুৱে কবলৈ ধৰিলে, "অ' গোহাঞিদেৱ আহিল? দেউতা আহিল? ময়ো গৈছোঁ, যা।" চাকুলীয়ে আকৌ