পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মেষ আৰু ভেকুলি।

(১)

 বৰ খৰ; মাটি ফাটি ছিটাছিট হৈছে। খেতিয়কৰ ত্ৰাস।

 তাকে দেখি ভেকুলিএ কলে, “ককাই, ভয় কৰিছা কিয়? মেঘ মোৰ মিতা। মোৰ বিয়া পাতা, মই মেঘক বৰষুণ দিবলৈ কৈ দিম।”

 মহা মেলাৰ দিনা⸺ভেকুলি-বিয়া। দেশৰ লৰা-ছোৱালী মতা-মাইকী, ধুলীয়া-খুলীয়া, বামুণ-পুৰোহিত-আটাইৰে মহা সাজ-সজ্জা, আনন্দৰ তমৰোল।

 বিয়া হৈ গল, বৰ সমাৰোহ বৰ উৎসৱ; বৰষুণ নাই।