পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৭ ]


খাটোঁ কেলেই? মই বাৰু বাতৰি পঠাইছোঁ। তোমালোক মনে মনে বহি থাকা গৈ। মিছাতে দিগ নিদিবা।”

 এই দৰে আৰু দিন গল। খেতি-খালা শুকাই পথাৰত জুই লাগিল, গৰু-মানুহে পিয়াহত কল-বলাই ফুৰিব ধৰিলে।

( 8 )

 অৱশেষত আহিল বৰষুণ; গুৰু-গম্ভীৰ গৰ্জন কৰি মেঘে কেইটোপামান পানী পৃথিবীত পেলালে। শুকান মাটিত পৰি পানী শুহি গল। পৃথিবীৰ পিয়াহত মেলা মুখ মেলাই থাকিল।

 ভেকুলি তৰক্‌ তৰক্‌ কৰি জনাই দিলে, ‘নেদেখিছা, খেতিয়ক ককাই, মোৰ মহতালি। মই মেঘ মিতাক কোৱা মাত্ৰকে তোমালোকৰ কিমান উপকাৰ কৰিলে। বৰষুণ দিলে, পানী দিলে , আৰু কি লাগে। তেও তোমালোকে মোৰ শলাগ নোলোৱা।”

 খেতিয়কে ভাবিলে-“হয়, এওঁৰ কৃপাতেই যি অলপ আৰু জানোচা হয়।

(৫)

 এইদৰে আকৌ মহা সমাৰোহ, আৰু মহোৎসৱৰ মহাৰলা, ভেকুলিৰ আকৌ বিয়া। গোটাই দেশৰ তিৰি-মুনিহ,