পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৩২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৬ ]


(২)

 খেতিয়কে কলে, “ভেকুলি দেউতা, তোমাৰ বিয়া পাতিলোঁ, মেঘে দেখোন বৰষুণ নিদিয়ে?”

 ভেকুলিএ কলে, “ৰবা ককাই, মিতালৈ বাতৰিহে দিছোঁ। ডাঙৰ লোকৰ কথা হয়, কিছু গহীন-গম্ভীৰেহে।

 আৰু দিন গল; খেতিয়কে ভেকুলিত আৰু গোচৰ জনালে।

 ভেকুলিএ কলে, “ককাই, তুমি অবুজন। মোৰ মিতাৰ ঘৈণীয়েকৰ মূৰৰ কামোৰ। তেওঁ তোমালোকৰ কথালৈ এতিয়াও মন দিব পাৰা নাই। কোৱাচোন বাৰু, তেওঁৰ ঘৈণীয়েকৰ মূৰৰ কামোৰণিতকৈ নো তোমালোকৰ পেটৰ পোৰণি বেছি বুলি ভাবিব পাৰি নে?”

( ৩ )

 এই দৰে আৰু দিন গল। আকৌ খেতিয়কৰ গোচৰ আহিল।

 ভেকুলিএ সেইবাৰ কলে, “খেতিয়ক ককাই, তোমা- লাকে মোক বিয়া নিদিলা, বিহ হে দিলা। ইমানকৈ আমনি দিবা বুলি জনাহেতেন, মই তোমালোকৰ বাবে ইমান