বাজিকৰ আৰু আন আন গল্প/বাজিকৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
 

বাজিকৰ।

 পণ্ডিতলোকৰ মেল বহিছে; নানা প্ৰকাৰৰ আলাপ, নানা প্ৰকাৰৰ কথা বাৰ্তা। ধৰ্ম, সাহিত্য, বিজ্ঞান, দৰ্শন, ৰাজ- নীতিৰ লালি-নিচিগা কথা। তাৰপৰা কথা ওলাল ইন্দ্ৰজাল, মেচমেৰিজিম, বাজিকৰৰ।

 বিজ্ঞানবিদ্‌ পণ্ডিতে কৈছে, “মেদেম কুৰিৰ দৰে বাজিকৰ জগতে দেখা নাই; এই অকণমানি মাইকী জনীএ আচল স্পৰ্শমণি উলিয়াই হে এৰিব, যাৰ স্পৰ্শত বস্তু মাত্ৰেই সোণত পৰিণত হয়!”

 দাৰ্শনিকে কয়, “কান্ত (Kant) আৰু বেদান্তৰ দৰে বাজি কি হব পাৰে, যাৰ আত্মা-ভেদা যুক্তিৰ বলত সংসাৰৰ পদাৰ্থ সমুহৰ প্ৰকৃত সত্ত্বাৰ জ্ঞান পাব পাৰি।” [  ]  কবিয়ে মাত লগালে, “বাজিকৰ যদি বোলা কবি কালিদাস; যি প্ৰকৃত-অপ্ৰাকৃত, ঋষি-ৰজা, দেৱতা-মানুহ একেলগে মিহলাই কি এক বিচিত্ৰ সংসাৰ সৃষ্টি কৰিলে; যি সংসাৰত প্ৰত্যেক বৃক্ষে মধু ক্ষৰণ কৰে, প্ৰত্যেক পক্ষীয়ে মধুৰ সংগীত গায়, প্ৰত্যেক বস্তুএ মধুৰ প্ৰেমত উত্ৰাৱল হয়, আৰু প্ৰত্যেক মানৱৰ আত্মা ৰূপ-ৰস-গন্ধত ভৰি আমোল-মোলাই থাকে। প্ৰকৃত বাজিকৰ কালিদাস।”

 ধাৰ্মিকে কলে, “বাজি যদি বোলা গীতাৰ। প্ৰতিটা আখৰতে, এনে কি এটা আকাৰ বা অনুস্বাৰতে কিমান অৰ্থ গাজ খাই আছে।”

 ৰাজনীতি বিশাৰদে উক্তি কৰিলে, “পৃথিবীত এই যুগত বাজিকৰ জন্মিছে দুজনা। মাহাত্মা গান্ধি আৰু লয়েড জৰ্জ। অকণ মান মানুহজন; গাত নাই বল, নাই তেজ! তেও নো এই মানুহ জনে ভাৰতবৰ্ষৰ দৰে বিশাল দেশখনক কি শক্তিৰে এনেকুৱাকৈ তলমলাই তুলিছে হে!

 আৰু লয়েড জৰ্জ! বৃটিছৰ পোৱালিৰ বাহাদুৰি হলে হয়। চোৱাচোন গোটেইখন পৃথিবীকে ভুৱা দি কেনেকৈ মহাযুদ্ধৰ সকলো লাভ নিজৰ জাতিলৈ টানি নিলে।

 অ-পণ্ডিত দুই এক সমাজত আছিল। তেওঁ লোকে এদণ্ডৰ ভিতৰতে আমাৰ বাট্ঠিৰপৰা গছ ওলাই আম পকাৰ [  ] কথা কলে, এটা বেটৰ পেটেৰাৰপৰা দুজন মানুহ উৰি যোৱাৰ কথা কলে, আৰু সেই মানুহেই আকাশৰপৰা নানা প্ৰকাৰ ভূত ভবিষ্যত বাণী কোৱা কথা কলে।

 এই দৰে অনেক আচৰিত বাজিৰো কথা ওলাল।
 সভাৰ অদূৰত আছিল এক সন্ন্যাসী; ধীৰ, গম্ভীৰ। সকলোএ কলে, “এই ফকিৰে অনেক দেশ ফুৰিছে। এওঁক সোধাচোন কিবা বাজি দেখিছে নে?”

 সন্ন্যাসীএ কলে, “পণ্ডিত মণ্ডলী, মই শুকান সন্ন্যাসীয়ে এজন বাজিকৰৰ বাজি দেখিছোঁ। শুনিব খোজে যদি কব পাৰোঁ।”

 সকলোএ অনুগ্ৰহ কৰি কবলৈ দিলে।

 সন্ন্যাসীএ কলে, “মই দেখা বাজিকৰজনৰ কাম অতি আচৰিত। তেওঁ অকণমানি ধূলি-কণা এটাৰ পৰা চকুৰ আগতে প্ৰকাণ্ড প্ৰকাণ্ড জীৱ আৰু উদ্ভিদ সৃষ্টি কৰে। তোমালোকে স্পৰ্শমণিৰ কথা কৈছা; তেওঁৰ হাতেই স্পৰ্শমণি; ধুলি-মাকতি যিহৰ-তিহৰপৰা তেওঁ যি ইচ্ছা তাকে তৈয়াৰ কৰি যাক যিমান লাগে তিমানকে দিয়ে। নিচেই খুদ- কণ ফুল এটাৰ ভিতৰতো তেওঁ ইমান সাজ-সজুলি এনে বিতোপন কৈ সজাই ৰাখে যে কোনো ইঞ্জিনিয়াৰৰ সাধ্য নাই। তাৰ কৌশল বুজি উঠে। তেওঁ ঘিট-মিটীয়া [  ] আন্ধাৰ গুছাই জকজকীয়া পোহৰ কৰে; পুৰা-ফাটা ৰোদ গুচাই জীপাল বৰষুণ দিয়ে; আৰু থকথকীয়া জাৰৰ সলনি বসন্ত মলয়া বলায়। তেওঁ যে কিমান ধৰণৰ সৰু-বৰ শুৱনি-অশুৱনি জীৱ জন্তু সৃষ্টি কৰে, আৰু প্ৰত্যেককে ভাগে ভাগে দিহা লগাই থয়, এবাৰ যদি ভাবি চোৱা আচৰিত হবা। মোৰ বাজিকৰৰ ডাঙৰ মজা এইটো যে তেওঁ কৰা বাজি সকলোখিনি দেখিবা; কিন্তু তেওঁক হলে নেদেখা। আৰু তাতোকৈ মজা এই–তেওঁ যে বাজি কৰি তোমাৰ আগতে দেখুৱাই আছে, সেই কথাটোও তোমাৰ মনত নপৰে। তেওঁ হৰেক ৰকম ধন-সম্পত্তি পৰ্বত-বিল নদীয়- জংঘল সমুদ্ৰ-মৰুভূমি সকলো ঠাইতে সিঁচৰি থয়; তথাপিতো তেওঁৰ ভাণ্ডাৰ শূন্য নহয়! তেওঁতকৈ ডাঙৰ বাজিকৰ হলে মই দেখা নাই।”

 সকলোএ আচৰিত হৈ সুধিলে—কত দেখিলা নো এনে বাজিকৰ, ফকিৰ বাবা?

 ফকিৰে অলপ হাঁহি উত্তৰ দিলে, “চাৰিও ফালে এই বিনন্দীয়া সংসাৰখন চোৱা। ইয়াৰ দৰে ভেল্কি বা বাজি দেখিছা নে কৰবাত?”

১৫।৮।২১

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )