পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বাজিকৰ।

 পণ্ডিতলোকৰ মেল বহিছে; নানা প্ৰকাৰৰ আলাপ, নানা প্ৰকাৰৰ কথা বাৰ্তা। ধৰ্ম, সাহিত্য, বিজ্ঞান, দৰ্শন, ৰাজ- নীতিৰ লালি-নিচিগা কথা। তাৰপৰা কথা ওলাল ইন্দ্ৰজাল, মেচমেৰিজিম, বাজিকৰৰ।

 বিজ্ঞানবিদ্‌ পণ্ডিতে কৈছে, “মেদেম কুৰিৰ দৰে বাজিকৰ জগতে দেখা নাই; এই অকণমানি মাইকী জনীএ আচল স্পৰ্শমণি উলিয়াই হে এৰিব, যাৰ স্পৰ্শত বস্তু মাত্ৰেই সোণত পৰিণত হয়!”

 দাৰ্শনিকে কয়, “কান্ত (Kant) আৰু বেদান্তৰ দৰে বাজি কি হব পাৰে, যাৰ আত্মা-ভেদা যুক্তিৰ বলত সংসাৰৰ পদাৰ্থ সমুহৰ প্ৰকৃত সত্ত্বাৰ জ্ঞান পাব পাৰি।”