কথা কলে, এটা বেটৰ পেটেৰাৰপৰা দুজন মানুহ উৰি যোৱাৰ কথা কলে, আৰু সেই মানুহেই আকাশৰপৰা নানা প্ৰকাৰ ভূত ভবিষ্যত বাণী কোৱা কথা কলে।
এই দৰে অনেক আচৰিত বাজিৰো কথা ওলাল।
সভাৰ অদূৰত আছিল এক সন্ন্যাসী; ধীৰ, গম্ভীৰ।
সকলোএ কলে, “এই ফকিৰে অনেক দেশ ফুৰিছে। এওঁক
সোধাচোন কিবা বাজি দেখিছে নে?”
সন্ন্যাসীএ কলে, “পণ্ডিত মণ্ডলী, মই শুকান সন্ন্যাসীয়ে এজন বাজিকৰৰ বাজি দেখিছোঁ। শুনিব খোজে যদি কব পাৰোঁ।”
সকলোএ অনুগ্ৰহ কৰি কবলৈ দিলে।
সন্ন্যাসীএ কলে, “মই দেখা বাজিকৰজনৰ কাম অতি আচৰিত। তেওঁ অকণমানি ধূলি-কণা এটাৰ পৰা চকুৰ আগতে প্ৰকাণ্ড প্ৰকাণ্ড জীৱ আৰু উদ্ভিদ সৃষ্টি কৰে। তোমালোকে স্পৰ্শমণিৰ কথা কৈছা; তেওঁৰ হাতেই স্পৰ্শমণি; ধুলি-মাকতি যিহৰ-তিহৰপৰা তেওঁ যি ইচ্ছা তাকে তৈয়াৰ কৰি যাক যিমান লাগে তিমানকে দিয়ে। নিচেই খুদ- কণ ফুল এটাৰ ভিতৰতো তেওঁ ইমান সাজ-সজুলি এনে বিতোপন কৈ সজাই ৰাখে যে কোনো ইঞ্জিনিয়াৰৰ সাধ্য নাই। তাৰ কৌশল বুজি উঠে। তেওঁ ঘিট-মিটীয়া