পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ 8 ]


আন্ধাৰ গুছাই জকজকীয়া পোহৰ কৰে; পুৰা-ফাটা ৰোদ গুচাই জীপাল বৰষুণ দিয়ে; আৰু থকথকীয়া জাৰৰ সলনি বসন্ত মলয়া বলায়। তেওঁ যে কিমান ধৰণৰ সৰু-বৰ শুৱনি-অশুৱনি জীৱ জন্তু সৃষ্টি কৰে, আৰু প্ৰত্যেককে ভাগে ভাগে দিহা লগাই থয়, এবাৰ যদি ভাবি চোৱা আচৰিত হবা। মোৰ বাজিকৰৰ ডাঙৰ মজা এইটো যে তেওঁ কৰা বাজি সকলোখিনি দেখিবা; কিন্তু তেওঁক হলে নেদেখা। আৰু তাতোকৈ মজা এই–তেওঁ যে বাজি কৰি তোমাৰ আগতে দেখুৱাই আছে, সেই কথাটোও তোমাৰ মনত নপৰে। তেওঁ হৰেক ৰকম ধন-সম্পত্তি পৰ্বত-বিল নদীয়- জংঘল সমুদ্ৰ-মৰুভূমি সকলো ঠাইতে সিঁচৰি থয়; তথাপিতো তেওঁৰ ভাণ্ডাৰ শূন্য নহয়! তেওঁতকৈ ডাঙৰ বাজিকৰ হলে মই দেখা নাই।”

 সকলোএ আচৰিত হৈ সুধিলে—কত দেখিলা নো এনে বাজিকৰ, ফকিৰ বাবা?

 ফকিৰে অলপ হাঁহি উত্তৰ দিলে, “চাৰিও ফালে এই বিনন্দীয়া সংসাৰখন চোৱা। ইয়াৰ দৰে ভেল্কি বা বাজি দেখিছা নে কৰবাত?”

১৫।৮।২১