বাকীছোৱা জীৱন/‘A Jewel of India’ মণিপুৰলৈ

ৱিকিউৎসৰ পৰা
[ ৩১৮ ]

‘A Jewel of India’ মণিপুৰলৈ

 ৰবীন্দ্ৰনাথ ঠাকুৰে দেশ ভ্ৰমণৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগীৰ কথা প্ৰকাশ কৰিছে কবিতাৰ মাজেদি—

 ‘বহুদিন ধৰে বহু ক্রোশ দূৰে
 বহু ব্যয় কৰি বহু দেশ ঘুৰে,
 দেখিতে গিয়েছি পর্বতমালা
 দেখিতে গিয়েছি সিন্ধু।
 দেখা হয় নাই চক্ষুমেলিয়া
 ঘৰ হতে শুধু দুই পা ফেলিয়া,
 একটি ধানেৰ শিষেৰ ওপৰে
 একটি শিশিৰ বিন্দু।'

 মোৰ ক্ষেত্ৰত ই এশভাগেই সঁচা। ভাৰতৰ ভিতৰে বাহিৰে বহু ঠাই ফুৰিলো, কিন্তু [ ৩১৯ ] ঘৰৰ কাষৰ মণিপুৰলৈ যাবলৈ সময় পালো জীৱনৰ শেষ অধ্যায়ত সোমাবৰ প্ৰাক্মুহূৰ্তত। মণিপুৰৰ প্ৰাকৃতিক সৌন্দর্য, ইয়াৰ সুপ্রসিদ্ধ প্রাচীন সাহিত্য-সংস্কৃতি আৰু বিশিষ্ট নৃত্যশিল্পৰ বাবে ৰাজ্যখনক কোৱা হয় A Jewel of India. তদুপৰি পিতৃপ্ৰধান হ’লেও মণিপুৰী সমাজত নাৰীৰ স্থান মনকৰিবলগীয়া।

চমু ইতিহাস : মণিপুৰৰ আছে এক সুসভ্য প্রাচীন ইতিহাস। অতি প্রাচীন কালৰে পৰা ৰাজ্যখন এক সুপ্রতিষ্ঠিত ৰাজবংশৰ অধীনস্থ আছিল। সেই সময়তে তেওঁলোকৰ আছিল নিজস্ব বর্ণমালা আৰু সেই হৰফত লিখিত সাহিত্য। বর্তমানে অসমীয়া বাংলা লিপি ব্যৱহৃত হয় যদিও সাম্প্ৰতিক কালত পুনৰুত্থানবাদী জাতীয়তাবাদৰ জন্ম হোৱা বাবে প্ৰাচীন লিপি পুনঃপ্রতিষ্ঠাৰ চেষ্টা চলিছে।

 নিজা হৰফত লিখা মণিপুৰী পুৰাণখ্যাত এই পুথিবোৰত ৰাজ্যখনৰ বিষয়ে বহু কথা জানিব পৰা যায়। বর্ণিত আছে মণিপুৰ এসময়ত গন্ধৰ্বসকলৰ দেশ আছিল। মহাভাৰতত উল্লেখ আছে অর্জুনে গন্ধৰ্বৰাজ চিত্ৰবাহুৰ জীয়ৰী চিত্ৰাংগদাক বিবাহ কৰাইছিল । মহাবীৰ বজ্ৰবাহন এওঁলোকৰ পুত্ৰ আৰু মণিপুৰীসকল বব্ৰুবাহনৰ বংশধৰ। গতিকে ক্ষত্রিয়। এইবোৰ কাহিনী যদি সঁচা হয় তেনেহ'লে মনত প্রশ্ন জাগে, আজিৰ দৰে উন্নত যোগাযোগ ব্যৱস্থা নথকা সত্ত্বেও অর্জুনে বিয়া কৰাবলৈ ইমান দূৰ বাট আহিছিল কেনেকৈ?

 যি কি নহওক, ঐতিহাসিক যুগৰ প্ৰথম ৰজাজন আছিল পাখাংবা। তেওঁৰ ৰাজত্বকাল খ্ৰীষ্টীয় দ্বিতীয় শতাব্দী। এই সময়তে তাত প’ল’ খেলৰ প্ৰচলন হৈছিল আৰু মুদ্ৰাও ব্যৱহৃত হৈছিল। মণিপুৰক প'ল’ খেলৰ জন্মভূমি বুলি কোৱা হয়।

 ১৫৯৮ খ্রীষ্টাব্দত সিংহাসনত আৰোহণ কৰিছিল ৰজা খগেনবা-ই। তেওঁৰ অৰ্ধ শতাব্দী ব্যাপী ৰাজত্বকালক মণিপুৰৰ সুৱৰ্ণ যুগ বুলিব পাৰি। তেওঁ পুৰণি সমাজখনক ভাঙি নতুন ৰূপ দান কৰে। মণিপুৰৰ জাতীয় পোছাক খগেনবাৰ দ্বাৰা প্ৰৱৰ্তিত। এওঁৰ ৰাজত্বকালত বহু চীনা ব্যৱসায়ী মণিপুৰলৈ আহি ৰাজ্যত প্রচলিত ধর্ম গ্রহণ কৰি স্থায়ীভাৱে বসবাস কৰে। এওঁলোকৰ পৰা মণিপুৰীসকলে বাৰুদ আৰু ইটা তৈয়াৰ কৰিবলৈ শিকিছে। ১৬২৭ চনত ৰজা খগেনবাই প্রথম বন্দুক নিৰ্মাণ কৰে। মণিপুৰৰ সৈতে ব্ৰহ্মদেশ (ম্যানমাৰ), কাছাৰ, ত্ৰিপুৰা আদি ৰাজ্যৰ যুদ্ধ-বিগ্রহ লাগিয়ে থাকিছিল।

 ওঠৰ শতিকাৰ প্ৰথম ভাগত মহাৰজা ভাগ্যচন্দ্ৰৰ ৰাজত্বকালত বাঙালী বৈষ্ণৱ [ ৩২০ ] গোস্বামীসকলে মণিপুৰলৈ গৈ ৰজাৰপৰা প্ৰজালৈ সকলোকে বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰে। বৈষ্ণৱ ধৰ্মৰ আধ্যাত্মিকতাই তেওঁক ইমানে মুগ্ধ কৰে যে ভাগ্যচন্দ্ৰই সিংহাসন ত্যাগ কৰি বাকী জীৱন নৱদ্বীপত কটায়।

 ইয়াৰ পাছৰ এশ বছৰ ধৰি ব্ৰহ্মদেশৰ মানসকলে কেইবাবাৰো মণিপুৰ আক্ৰমণ কৰে। আহোম ৰজাৰ লগত মণিপুৰ ৰজাৰ সুসম্পৰ্ক আছিল। তেওঁলোকে পৰস্পৰক সহায় কৰিছিল। মণিপুৰৰ ৰাজকুঁৱৰী কুৰংগনয়নীক বিয়া দিছিল আহোম ৰজা ৰাজেশ্বৰ সিংহলৈ। আহোমসকলে মণিপুৰৰ ৰজাক কৈছিল ভাইৰজা। মানসকলে সেই সময়ত অসমকো আক্ৰমণ কৰাত মণিপুৰৰ ৰজাই আহোম ৰজাক সৈন্য-সামন্ত পঠাই সহায় আগবঢ়াইছিল। এইবোৰ ওঠৰ শতিকাৰ কথা। এবাৰ আহোম ৰজায়ো মণিপুৰ ৰজাক মানৰ আক্ৰমণ ৰোধ কৰিবলৈ সৈন্য পঠাইছিল। পিছে তালৈ যাওঁতে ডাঠ হাবিৰ মাজেৰে যাবলগীয়া হোৱাত সৈন্যসকলৰ অৱস্থা শোচনীয় হয়। শত্ৰু কাটিবলৈ গৈ গছ-পাত কাটিবলগীয়া হোৱা বাবে সেইখন ৰণক কোৱা হয় লতাকটা ৰণ। মানৰ সঘন আক্ৰমণৰ ফলত দুয়োখন ৰাজ্যত জনসংখ্যা ঊনৈশ শতিকাত কমি যায়। অনেক মণিপুৰী মানুহে নিজ ৰাজ্য এৰি কাছাৰ, চিলেট, ত্ৰিপুৰা আদি অঞ্চলত আশ্ৰয় লয়। এইবোৰ অঞ্চলত বাস কৰা আজিৰ মণিপুৰীসকল তেওঁলোকৰে উত্তৰ পুৰুষ।

 ব্ৰিটিছৰ সৈতেও মানৰ সংঘৰ্ষ হৈছিল। এই উপলক্ষে ১৭৬২ চনত চট্টগ্ৰামত থকা ব্ৰিটিছ ৰাজ বিষয়াৰ লগত মণিপুৰৰ প্ৰথম চিঠি-পত্ৰৰ আদান-প্ৰদান ঘটে। মণিপুৰৰ ৰজাই ব্ৰিটিছক বন্ধু ৰজা বুলি কৈছিল।

 ঊনৈশ শতিকাৰ শেষ ভাগত মণিপুৰৰ ৰাজকোঁৱৰসকলৰ মাজত সিংহাসনক লৈ কাজিয়া লাগে। ফলত ৰাষ্ট্ৰীয় অশান্তি আদিৰ সূত্ৰপাত ঘটে। প্ৰাসাদ বিদ্ৰোহৰ ফলত ৰজা শূৰচন্দ্ৰৰ ঠাইত কুলচন্দ্ৰ সিংহাসনত বহে। এই বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছ চিফ কমিশ্যনাৰ কুইনটন চাহাব মণিপুৰলৈ গৈছিল। বিদ্ৰোহীসকলে তেওঁক হত্যা কৰাত ব্ৰিটিছে ফৌজ লৈ গৈ বিদ্ৰোহ দমন কৰি ১৮৯১ চনত মণিপুৰক নিজৰ অধীনলৈ আনে। মহাৰজা কুলচন্দ্ৰ নিৰ্বাসিত হয় আৰু সেনাপতি টিকেন্দ্ৰজিতে ইংৰাজৰ বিচাৰত ফাঁচী কাঠত প্ৰাণ বিসৰ্জন দিয়ে।

 ব্ৰিটিছে মণিপুৰৰ ৰাজ পৰিয়ালৰ পৰা ৯ বছৰীয়া চূড়াচন্দ্ৰক ৰজা নিৰ্বাচিত কৰি তেওঁক মেয়ো কলেজত অধ্যয়ন কৰিবলৈ পঠায়। সাবালক হোৱাৰ পাছত ব্ৰিটিছৰ অধীনত তেওঁ মণিপুৰৰ শাসনভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে মহাৰজা চূড়াচন্দ্ৰৰ [ ৩২১ ] সুলেখিকা বিদুষী কন্যা ৰাজকুঁৱৰী বিনোদিনী দেৱী আছিল কমিউনিষ্ট আদৰ্শত বিশ্বাসী। এওঁক কোৱা হয় The Red Princess of the East. বামপন্থী নেত্ৰী অঞ্জলি লাহিড়ী বিনোদিনীৰ বান্ধৱী। সম্ভৱতঃ তেওঁৰ প্ৰভাৱতে ৰাজতন্ত্ৰৰ ধাৰক হোৱা সত্ত্বেও বিনোদিনী ৰঙা আদৰ্শত বিশ্বাসী হৈছিল। ১৯৭২ চনত ভাৰত চৰকাৰৰ দ্বাৰা মণিপুৰে পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পাইছে।

 কলা-সংস্কৃতিত সমৃদ্ধিশালী মণিপুৰৰ আজি অস্থিৰ অৱস্থা। সশস্ত্ৰ উগ্ৰপন্থী সংগঠনসমূহৰ ৰম্যভূমিত পৰিণত হৈছে এসময়ৰ A Jewel of India. হত্যা, লুণ্ঠন, অপহৰণ, ধৰ্ষণ আদি বিবিধ অপৰাধেৰে জৰ্জৰিত ৰাজ্যখনক ১৯৮০ চনৰ ৮ ছেপ্টেম্বৰৰ পৰা অশান্ত অঞ্চল ঘোষণা কৰি ভাৰত চৰকাৰে বলৱৎ কৰিছে এখন দানৱীয় আইন— ‘সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮'। এই আইনৰ অধীনত কোনো দয়া-মায়া-সহানুভূতিৰ প্ৰশ্ন নাই। আইনখন বিতৰ্কিত হোৱাৰ কাৰণ হ’ল ইয়াৰ অধীনত সশস্ত্ৰ বাহিনী আৰু আৰক্ষীয়ে সীমাহীন ক্ষমতা লাভ কৰিছে। তেওঁলোকে গ্ৰেপ্তাৰী পৰোৱানা নোহোৱাকৈ যিকোনো মানুহক গ্ৰেপ্তাৰ কৰিব পাৰে, লিখিত আদেশ নোহোৱাকৈয়ে Search and Chase অপাৰেশ্যন চলাব পাৰে, হত্যা কৰিব পাৰে। মুঠতে যি খুচি কৰিব পাৰে। আইনখনৰ অপপ্ৰয়োগ হ’ব পাৰে, হৈ আছে। উগ্ৰপন্থীক নাপাই নিৰীহ মানুহক উগ্ৰপন্থী সজাই নিৰ্যাতন কৰিছে, হত্যাও কৰিছে। কেতিয়াবা উগ্ৰপন্থী বিচাৰি নাপাই খঙৰ ভমকত নিৰীহক হত্যা কৰি অভিযান সফল হোৱা বুলি ঘোষণা কৰে। ২০০৪ চনত মনোৰমা দেৱীক অসম ৰাইফলছৰ জোৱানে ঘৰৰ পৰা উঠাই নি বলাৎকাৰ কৰি হত্যা কৰিছিল। ইয়াৰ প্ৰতিবাদত অসম ৰাইফলছৰ কাৰ্যালয়ৰ সন্মুখত বাৰগৰাকী মৈৰা পাইবিৰ সদস্যই উলংগ হৈ ‘Indian Army Rape us প্লেকাৰ্ড হাতত লৈ প্ৰতিবাদ কৰিছিল। ফলাফল একো নহ'ল।

 ইয়াৰ আগতে ২০০০ চনৰ ২ নৱেম্বৰ তাৰিখে মালম নামৰ ঠাইখনৰ বাছ আস্থানত বাছলৈ ৰৈ থকা দহজন নাগৰিকক অসম ৰাইফলছৰ জোৱানে নিৰ্দয়ভাৱে হত্যা কৰে। ৰাজ্যজুৰি প্ৰতিবাদ হ’ল। ইৰম শৰ্মিলা চানুই (জন্ম ১৯৭২) সৰুৰে পৰা শুনি আহিছিল মণিপুৰত চলি থকা সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰ সন্ত্ৰাসৰ কথা। মালমৰ ঘটনাই তেওঁক উপলব্ধি কৰালে যে ৰাজ্যখনত চলি থকা হিংসামূলক কাৰ্যৰ আঁৰত জড়িত হৈ আছে ‘সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮' খন। নিজৰ ৰাজ্যখনক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনি শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ’লে এই কঠোৰ আইনখন প্ৰত্যাহাৰ কৰিব লাগিব। সেই উদ্দেশ্যে ২০০০ চনৰ ৫ নৱেম্বৰ তাৰিখে তেওঁ আইনখন [ ৩২২ ] প্ৰত্যাহাৰ নকৰালৈকে আমৰণ অনশনত বহিবলৈ সিদ্ধান্ত লয়। এই অনশনক আত্মহত্যাৰ প্ৰচেষ্টা বুলি ধৰি লৈ ভাৰতীয় দণ্ডবিধিৰ ৩০৯ ধাৰামতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। আজি এঘাৰ বছৰ ধৰি এই লৌহমানৱী বন্দী অৱস্থাত অনশনৰত হৈ আছে। অহিংস আন্দোলনৰ পূজাৰী শৰ্মিলা গান্ধীবাদী। চৰকাৰে জোৰ কৰি তেওঁক নাকেৰে জুলীয়া পদাৰ্থ খুৱাই আছে।

 উত্তৰ-পূৰ্বাঞ্চল যে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ মানুহৰ দ্বাৰা উপেক্ষিত তাৰ প্ৰমাণ আমি খোজেপতি পাওঁ। আন্না হাজাৰে আৰু শৰ্মিলা দুয়ো অহিংসাৰ পূজাৰী আৰু দুয়ো ন্যায়সংগত কাৰণে আমৰণ অনশনত ব্ৰতী হৈছিল। আন্না হাজাৰেৰ ক্ষেত্ৰত চৰকাৰ, জনসাধাৰণ আৰু মিডিয়াই তেৰ দিনৰ অনশনতেই যিটো ভূমিকা ল’লে শৰ্মিলাৰ ক্ষেত্ৰত তাৰ সামান্যতম লৈছেনে? নাই লোৱা। কিয় এই বৈষম্য। প্ৰথম কাৰণ শৰ্মিলা পূৰ্বভাৰতৰ, দ্বিতীয়তে তেওঁ মহিলা। পৃথিৱীৰ বহু ঠাইৰ পৰা শৰ্মিলাই মান-সন্মান, বঁটা পাইছে। মানৱ অধিকাৰ কৰ্মীবৃন্দই তেওঁৰ নামত সংস্থা গঠন কৰিছে, বহুতে তেওঁৰ সন্মানাৰ্থে কবিতা, গ্ৰন্থ আদি ৰচনা কৰিছে, মহাশ্বেতা দেৱীয়ে বৰ্তমান শতিকাটোক ইৰম শৰ্মিলা শতিকা বুলি অভিহিত কৰিছে। কিন্তু ভাৰত চৰকাৰ অলৰ-অচৰ। মনত প্ৰশ্ন জাগে মাওবাদী অধ্যুষিত এলেকাত এই আইনখন বলৱৎ কৰা নাই কিয়?

 সেনা বাহিনীৰ চকুত মণিপুৰীয়ে নহয় অসমীয়া মানুহ মাত্ৰেই উগ্ৰপন্থী। ২০১১ চনত আমাৰ ম'বাইলবোৰৰ কাকত-পত্ৰ নৱীকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা নিৰ্দেশ আহিছিল। উদ্দেশ্য উগ্ৰবাদীৰ সন্ধান কৰা। বাহিৰৰ পৰা অহাসকলৰ ম'বাইল ফোনবোৰ অচল হৈ গৈছিল অসমত সোমোৱাৰ লগে লগে। এই আদেশ এতিয়া তুলি লোৱা হৈছে। কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰযোজ্য নীতি-নিয়মবোৰ ভাৰতৰ অন্যান্য ৰাজ্যত প্ৰয়োগ কৰা নহয়। যেন সেইবোৰ ঠাইত শান্তি বিৰাজমান, যেন মাওবাদীসকল হাবি এৰি ঘৰলৈ উভতিছে, যেন মুম্বাই-দিল্লীত উগ্ৰবাদী নাই, যেন এইবোৰ ঠাইত কোনো দিনে বোমা বিস্ফোৰণ ঘটা নাই।

মণিপুৰ পালোহি : মণিপুৰৰ লগত গুহ পৰিয়ালৰ সম্পৰ্ক এক শতাব্দীজোৰা। পূৰ্বে কোৱা হৈছে যে কুৰি শতিকাৰ প্ৰথম দশকত বৰ্তমান বাংলাদেশৰ টাঙাইলৰ (তেতিয়া ভাৰতৰ অংগ আছিল) পৰা শিক্ষকতা কৰিবলৈ ইম্ফললৈ আহিছিল যামিনী সুন্দৰ গুহ। ১৯৩৭ চনত অৱসৰ গ্ৰহণ নকৰালৈকে তেওঁ ইম্ফলৰ জনষ্টন হাইস্কুলৰ প্ৰধান [ ৩২৩ ] শিক্ষকৰ পদত উপৱিষ্ট আছিল। তেওঁলোকৰ আটাইকেইটা ল'ৰা-ছোৱালীৰ জন্ম ইম্ফলত। খোৱা-বোৱাৰ পৰা আদি কৰি জীৱন যাত্ৰাৰ নানাক্ষেত্ৰত এওঁলোকৰ ওপৰত মণিপুৰৰ সংস্কৃতিৰ প্ৰভাৱ মন কৰিবলগীয়া। এইখন ঘৰলৈ অহাৰ পাছত এওঁলোকৰ খাদ্য তালিকাত ইৰম্বা, চামপুট, হাংগাম, উতি আদি নামবোৰ দেখি ভাবিছিলো এইবোৰ আকৌ ক’ৰ খাদ্য — ফ্ৰান্স, উগাণ্ডা, চীন নে থাইলেণ্ডৰ। না, আটাইবোৰেই মণিপুৰৰ। আমাৰ শহুৰ দেউতা যামিনী সুন্দৰ গুহৰ নামত প্ৰতি তিনি বছৰৰ মূৰে মূৰে ৰাজ্যখনৰ প্ৰসিদ্ধ এগৰাকী সাহিত্যিকক সোণৰ মেডেল প্ৰদান কৰে মণিপুৰ সাহিত্য পৰিষদে। আমি মাজে মাজে সেই প্ৰতিষ্ঠানলৈ বৰঙণি আগবঢ়াও। শহুৰ দেউতাই অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁৰ দুজন পুত্ৰ আৰু এজন নাতি তাত থাকি যায়। পৰিয়ালৰ তাত থকা শেষ সদস্যগৰাকীৰ মৃত্যুৰ পাছতো মণিপুৰৰ লগত গুহহঁতৰ সম্পৰ্ক জীয়াই ৰাখিছে মণিপুৰ সাহিত্য পৰিষদে।

 প্ৰধান জনগোষ্ঠী মৈত্ৰেয়ীসকলৰ মাজত শতকৰা দহজন মুছলমান। পাৰ্বত্য অঞ্চলত বাস কৰে নগা আৰু কুকিসকল। মৈত্ৰেয়ীসকলৰ ভাষা, শিক্ষা, সংস্কৃতি অতি উন্নতমানৰ।

 নাজানো আজি মণিপুৰৰ মন্ত্ৰীসকলে কটকটীয়া নিৰাপত্তাৰ বেহুত বাস কৰে নে নকৰে, আমি ১৯৯৪ চনত গৈ ৰিজিঅ'নেল ইনইষ্টটিউট অব্ মেডিকেল ছায়েন্সৰ সঞ্চালক, মোৰ ভনীজোঁৱাই ডাঃ চি দাসৰ ঘৰত আলহী হৈ থাকোতে দেখিছিলো তেওঁৰ প্ৰতিবেশী জলসিঞ্চন বিভাগৰ মন্ত্ৰীগৰাকী অকলে অকলে বাটত খোজকাঢ়ি আছে। ডাঃ দাসক দেখা পাই পদুলিমুখত দুয়ো থিয়ৈ থিয়ৈ কথা পাতিছিল। আচৰিত হৈছিলো অসমত এনে দৃশ্য দেখা নাছিলো বাবে।

 ডাঃ দাসৰ সাহায্যকাৰী ৰামক সুধিছিলো মন্ত্ৰীজনৰ নামটো। ক’লে চন্দ্ৰমণি। মণিপুৰত হেনো আমেৰিকাৰ দৰে মানুহৰ প্ৰথম নামটো কোৱা নিয়ম। মন্ত্ৰীগৰাকীৰ মুকলিমূৰীয়া ব্যৱহাৰে মোক কেইবাবাৰো চমক খুৱাইছিল। এদিন এজন ডাক্তৰৰ ঘৰত মন্ত্ৰী চন্দ্ৰমণিৰ পৰিয়ালৰে সৈতে আমি কেইবাঘৰো ৰাতিৰ সাঁজলৈ নিমন্ত্ৰিত হৈছিলো। ৰাতি এঘাৰ বজাত সদলবলে উভতি আহোতে মই কৈয়ে পেলালো যে নিৰাপত্তাবিহীন অৱস্থাত খোজকাঢ়ি ঘৰলৈ ওভোতা মন্ত্ৰী জীৱনত প্ৰথম দেখিলো। তেওঁ হাঁহি হাঁহি মোৰ কথা উপভোগ কৰি কৈছিল, ‘সৌ পাছফালে নিৰাপত্তাৰক্ষী এজন আহি আছে'। সিজনাক মোৰ সাক্ষী গোপাল যেনহে লাগিছিল।

 এদিন মন্ত্ৰী চন্দ্ৰমণিয়ে আঠ-নটা পৰিয়ালক ইম্ফলৰ পৰা কিছু আঁতৰত বান্ধি থকা ছিংদা বান্ধটো দেখুৱ লৈ গ'ল। সমগ্ৰ মণিপুৰখনৰ প্ৰাকৃতিক সৌন্দৰ্যৰ তুলনা [ ৩২৪ ] নাই। বান্ধটোৰ কাষতে থকা পাহাৰ এখনৰ উচ্চ শিখৰত থকা এডোখৰ সমতল ভূমিলৈ অকোৱা পকোৱা আধা নিৰ্মিত বাট এটাৰে মাৰুতি-জিপছিত উঠি গৈছিলো। নামিয়ে চকুৰ আগত দেখিলো চিৰহৰিৎ পৰ্বতমালাৰ এক দিগন্ত প্ৰসাৰিত দৃশ্য। দুনয়ন ভৰি দেখিলো চৌদিশে বিয়পি থকা পাহাৰ-উপত্যকা, পথাৰ প্ৰান্তৰত সেউজীয়া বৰণটোৰ বিভিন্ন মাত্ৰাৰ ঘনত্ব। বোধকৰো এনেকুৱা কোনোবা এডোখৰ ঠাইত থিয় হৈ ভাৰতৰ ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে মণিপুৰক কৈছিল ভাৰতৰ চুইজাৰলেণ্ড! আচল চুইজাৰলেণ্ড নেদেখাকৈয়ে যে চকু মুদিব লাগিব ভাবিলেই চকু চলচলীয়া হ'ব খোজে।

 পানী আৰু বিজুলী কঙাল মণিপুৰক ছিংদা বান্ধে জীয়াই ৰাখিব বুলি শুনিছিলো, প্ৰায় ওঠৰ-ঊনৈশ বছৰ পাছত ২০১১ চনত বাতৰি কাকতত পঢ়িলো মণিপুৰ এতিয়াও বিজুলী কঙাল। বাহিৰৰ পৰা কিনিব লাগে বিদ্যুৎ। কিছুমান অঞ্চল হেনো বিজুলীহীন হৈয়ে থাকে। সেয়েহে আজিকালি মণিপুৰী মানুহে জীয়েকৰ বিয়াত উপহাৰ হিচাপে দিয়ে একোটা জেনেৰেটৰ। নাই, দৰা ঘৰে দাবী নকৰে। মণিপুৰী সমাজত নাৰীৰ স্থান তলত নহয়। মৈৰা পাইবি মণিপুৰী মহিলাৰ এক সক্ৰিয় সংগঠন। অতীতৰে পৰা তেওঁলোকে অতন্দ্ৰ প্ৰহৰীৰ দৰে সমাজখনক পহৰা দি আছে। এশ বছৰ আগতেই তেওঁলোকে মণিপুৰৰ চাউল বাহিৰলৈ নিয়াত বাধা দিছিল। বোধকৰো মণিপুৰী ছোৱালী বাবেই ইৰম শৰ্মিলা চানু লৌহমানৱী হ’ব পাৰিছে।

 ইম্ফলৰ এক মুখ্য আকৰ্ষণ ইমা বজাৰ। বিৰাট এক অঞ্চল জোৰা বজাৰখনত নোপোৱা বস্তু নাই। বজাৰখন পৰিচালনা কৰে মহিলাই, আটাইবোৰ ষ্টলৰ গৰাকী মহিলা। এদিন দুই ভনী প্ৰতিমা, সবিতা আৰু ৰামৰ লগত কাহিলি পুৱাতে গৈছিলো মহিলা অধ্যুষিত পাইকাৰী বজাৰলৈ। ট্ৰাকৰ পৰা পাচলিৰ বস্তাবোৰ তেওঁলোকেই টানি টানি নমাই যথাস্থানলৈ লৈ গৈ বহিছে, বেচিছে। তাৰ পৰা ইমাবজাৰলৈ গৈছিলোহে, হঠাতে ভূমিকম্পৰ এক প্ৰচণ্ড জোকাৰণি অনুভৱ কৰি লোৰ খুঁটা এটা সাবটি তিনিও বাই-ভনী থৰ লাগি থাকিলো। জোকাৰণি শেষ হোৱাৰ পাছতো তেনেকৈ থকা দেখি মণিপুৰী মহিলাসকলে হাঁহিবলৈ ধৰিলে। বোধকৰো ভাবিছিল বীৰাংগনাহঁতৰ দেশলৈ ক’ৰ পৰানো আহিল এই ভয়-পাদুৰীকেইজনী। আমালৈ পুতৌ ওপজা বাবে এগৰাকী মহিলাই আমাক একোপাহকৈ দি গ'ল সোণালী চম্পা, ৰাতি গাৰুৰ তলত লৈ শুবলৈ। চম্পা আৰু পদুম নাৰীৰ প্ৰিয় ফুল।

 ফুলৰ দৰে কোমলপ্ৰাণা হ'লেও মহিলাসকল লতাগছ নহয়। ইমাবজাৰতে [ ৩২৫ ] তেওঁলোকৰ চাৰিত্ৰিক দৃঢ়তা দেখিছো। ক্ৰীড়াৰ ক্ষেত্ৰতো তেওঁলোক দুৰ্দান্ত। মণিপুৰী মহিলা মুষ্টিযোদ্ধা মেৰী কম্ আজি ক্ৰীড়াজগতত এটা উজ্জ্বল নাম। ৰাজনীতিৰ জগতত তেওঁলোক যথেষ্ট প্ৰতিপত্তিশালিনী। দাবী পূৰণ আৰু অভিযোগ উত্থাপন কৰাৰ ক্ষেত্ৰতো তেওঁলোক অতি দৃঢ়মনা। দৃঢ়মনা নহ'লে এঘাৰ বছৰ ধৰি কোনোবাই অনশন কৰিব পাৰে নে? প্ৰাপ্তি আদায়ৰ সময়ত এওঁলোকে পুৰুষতকৈ অধিক হেঁচা প্ৰয়োগ কৰিব পাৰে।

 ইম্ফলত থাকোতে মহিলা সংগঠনৰ ক্ষমতাৰ নিদৰ্শন এটা দেখিছিলো। কেৱল টিভিৰ কোনোবা এটা চেনেলত দেখুওৱা হিন্দী কথাছবিৰ নাচ-গান অতি নিম্নখাপৰ, কিন্তু যুৱ সমাজত বৰ জনপ্ৰিয়। কেইবাদিন ধৰি চেনেলটো নাপাই ৰামে খা-খবৰ কৰি জানিব পাৰিলে যে ল’ৰা-ছোৱালীহঁতক অপ-সংস্কৃতিৰ হাতোৰাৰ পৰা মুক্ত কৰিবলৈ মহিলা সংগঠন এটাই চেনেলটোৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ বাধ্য কৰিছে।

 শাহু আইৰ মুখে শুনিছিলো তেওঁলোকে যেতিয়া দীঘল ওৰণিৰ তলত দিনাতিপাত কৰিছিল তেতিয়া মণিপুৰী মহিলাই মুকলিমূৰীয়া হৈ চাইকেল চলাইছিল। আজি চাইকেলৰ বাহিৰেও স্কুটাৰ, মটৰ চাইকেল, মটৰ গাড়ী আদি সকলো ধৰণৰ যান-বাহন তেওঁলোকে ব্যৱহাৰ কৰে।


আজাদ হিন্দ ফৌজৰ স্মৃতি বিজড়িত ময়ৰাঙত : দ্বিতীয় বিশ্বযুদ্ধই প্ৰসিদ্ধ কৰা ময়ৰাঙ ইম্ফলৰ পৰা ৪৫ কিলোমিটাৰ নিলগত। অলপ দিনৰ বাবে হ’লেও আজাদ হিন্দ ফৌজৰ প্ৰধান কাৰ্যালয়টো ইয়াতে স্থাপিত হৈছিল। ১৯৪৪ চনৰ ১৪ এপ্ৰিল তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুই পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত ময়ৰাঙত ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰে। ঠাই ডোখৰত নিৰ্মাণ কৰি থোৱা হৈছে এটি বেদি, কাষত নেতাজীৰ প্ৰস্তৰ মূৰ্তি আৰু আজাদ হিন্দ সোঁৱৰণী গৃহ। তাত নেতাজীৰ হাতে লিখা চিঠি, আলোকচিত্ৰ, ব্যাজ আৰু আন্দোলনৰ সৈতে জড়িত কিছুমান স্মৃতিচিহ্ন সুৰক্ষিত হৈ আছে।

 আমি গৈছিলো ইম্ফল মেডিকেল কলেজৰ অধ্যাপক দম্পতী ডাঃ ৰাজেন আৰু ডাঃ প্ৰিয়সখীৰ লগত ময়ৰাং নিবাসী প্ৰিয়সখীৰ মাকৰ ঘৰলৈ। তেওঁৰ দেউতাক আছিল আজাদ হিন্দ ফৌজৰ সমৰ্থক। সেই সময়ত ভাৰতৰ পূব সীমান্তত জাপানীৰে সৈতে ইংৰাজৰ যুঁজ চলি আছিল। জাপানী সেনাৰ লগত আহিছিল আজাদ হিন্দ বাহিনীও। যুদ্ধত যিসকল জাপানী আৰু আজাদ হিন্দ ফৌজৰ সেনাৰ মৃত্যু হৈছিল [ ৩২৬ ]

মায়ৰাঙৰ লোগতাগ হৃদৰ ওপৰত

[ ৩২৭ ] তেওঁলোকৰ বহুতকে ব্ৰিটিছৰ চকুৰ আঁৰত প্ৰিয়সখীৰ দেউতাকে নিজৰ ঘৰৰ পিছফালে বাৰীত কবৰ দিছিল।

 ময়ৰাঙৰ নাতিদূৰত অৱস্থিত বিৰাট লোগতাগ সৰোবৰ। ইয়াৰ পানীৰ মাজত অৱস্থিত ছান্দ্ৰা দ্বীপলৈ এতিয়া আৰু নাৱেৰে যাব নালাগে। তালৈ পাৰৰ পৰা গাড়ী যোৱা বাট এটা বন্ধা হৈছে। ছান্দ্ৰা দ্বীপৰ টুৰিষ্ট বাংলাৰ চৌহদত থিয় হৈ সৰোবৰৰ বিশাল বিস্তৃতি দেখি তবধ মানিছিলো। চাৰিওফালে দেখিলো অসংখ্য সৰু সৰু দ্বীপত মাছমৰীয়াসকলৰ পঁজা ঘৰ। প্ৰিয়সখীয়ে কৈছিল এইবোৰ প্ৰাকৃতিক দ্বীপ নহয়। পুনি আৰু আন জলজ উদ্ভিদৰ ওপৰত ধূলি-বালি জমি দ্বীপ যেন লগা একো একো ডোখৰ ভাসমান চাপৰি। মাছমৰীয়াসকলে তাত খেতিবাতিও কৰে। শ্ৰীনগৰৰ ডাললেকৰ ওপৰতো এনেকুৱা ভাসমান খেতি দেখিছিলো। বতাহত লৰি ফুৰা পঁজাবোৰ দেখি ভাবো মানুহে কিমান প্ৰতিকুল অৱস্থাত বাস কৰিব পাৰে। কৃত্ৰিম আলিবাটটো নবন্ধা হ’লে নাৱেৰে ছান্দ্ৰা দ্বীপলৈ আহিব নোৱাৰিলোহেঁতেন। পানীলৈ যে মোৰ অসম্ভৱ ভয়। ছান্দ্ৰালৈ নগ'লে লোকতাগৰ সৌন্দৰ্য উপভোগ কৰিব নোৱাৰি।

 পানীত ডুবি প্ৰাণ হেৰুৱাবৰ ভয়তে হওক বা বাহিৰা মানুহৰ চকুৰ আগত শিকিব লাগিব বুলিয়ে হওক দেউতাই আমাক সাঁতোৰ নিশিকালে। বহু বছৰ পাছত পুনেত জয়ক সাঁতোৰ শিকাবলৈ চুইমিং পুললৈ যাওঁতে ভাবিছিলো ময়ো শিকো। মাকে ইমান মানুহৰ আগত পানীত নামিব— এনে এটা দৃশ্য দেখিবলৈ মোৰ পুত্ৰ নাৰাজ। সিদিনা উপলব্ধি কৰিলো যে কম বয়সত পিতাৰ আৰু বেছি বয়সত পাঁচ বছৰীয়া পুত্ৰৰ অধীনস্থ মই এক দুৰ্ভগীয়া নাৰী। ইয়াৰ বহু বছৰ পাছত ওপজা মোৰ চাৰি বছৰীয়া নাতিক প্ৰগতিশীল বুলি মানিবই লাগিব৷ মই সাঁতোৰ নজনা বাবে তাৰ বৰ চিন্তা। যদি পানীত পৰো বাচিম কেনেকৈ। গতিকে দেউতাকক কৈছিল মোলৈ সাঁতোৰৰ পোছাক এসাজ আনি দিবলৈ। নাতিৰ ইচ্ছা অৱশ্যে পূৰণ কৰা সম্ভৱ নহ'ল।

 ময়ৰাঙৰ পৰা উভতি আহোতে দ্বিতীয় বিশ্বযুদ্ধত মৃত ব্ৰিটিছ সৈনিকসকলৰ সমাধিক্ষেত্ৰখনত সোমাইছিলো। ভাৰতীয় মৃত সৈনিকসকলৰ বাবে আছে এখন সুকীয়া সমাধিক্ষেত্ৰ। কমনৱেল্থ ওৱাৰ গ্ৰেভছ কমিশ্যনে সমাধি ক্ষেত্ৰবোৰৰ ৰক্ষণাবেক্ষণ কৰে।

 মোৰ ধাৰণা মাজে-সময়ে সমাধিক্ষেত্ৰ বা শ্মশান দৰ্শন কৰিলে মানুহৰ মনবোৰ [ ৩২৮ ]

১৯৪৪ চনৰ ১৪ এপ্ৰিল তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুই পোন প্ৰথমবাৰৰ বাবে ময়ৰাঙৰ এই স্থানতে
ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰিছিল।

[ ৩২৯ ] নিৰ্মল হৈ থাকে। হিংসা-দ্বেষ, ক্ষুদ্ৰতা-নীচতা আদি হৃদয়-মনক কলুষিত কৰা ত্ৰুটিবোৰ সেই নিৰ্মল হৃদয়ত প্ৰৱেশ কৰাত বাধা পায়। দৈনন্দিন জীৱনত আমি পাহৰি যাওঁ যে মৃত্যুই আমাৰ শেষ পৰিণতি। পাহৰি যাওঁ বাবে আমি যুদ্ধবিগ্ৰহত লিপ্ত হওঁ, হাইকাজিয়া কৰো। মৰামৰি, কটাকটি, মনোমালিন্য আদিয়ে জীৱনৰ শান্তি হৰণ কৰে। ইম্ফলত মৃত সৈনিকৰ সমাধিক্ষেত্ৰৰ প্ৰশান্ত পৰিবেশত বহু চিন্তাই জুমুৰি দি ধৰিছিল। কাৰ বাবে বিদেশৰ মাটিত শায়িত সৈনিকসকলৰ জীৱন বীণাৰ তাঁৰবোৰ অকালতে ছিগি গ'ল। প্ৰতিটো কবৰৰ ওপৰত আছে একোখনকৈ স্মৃতি ফলক।ফলকবোৰৰ ওপৰত খোদাই কৰা স্মৃতিলিপিবোৰ পঢ়ি বুকুত এক অসহনীয় বেদনা বোধ কৰিছিলো। কাৰ পুত্ৰ, কাৰ পিতৃ, কাৰ স্বামীয়ে ক'ৰ পৰা ক’লৈ আহি প্ৰাণ বিসৰ্জন দিলে। পৃথিৱী কেতিয়াবা যুদ্ধমুক্ত হ’বনে? তৃতীয় বিশ্বযুদ্ধ হয়তো নহ'ব কিয়নো বৰ্তমানে ছুপাৰপাৱাৰ নালাগে কম ক্ষমতাৱান দেশৰ হাততো এনে মাৰণাস্ত্ৰ আছে যে নিমিষতে বিশ্বখনক প্ৰাণীমুক্ত কৰা সম্ভৱ। কিন্তু যুদ্ধক সহজতে দমাব পৰা হয়তো সম্ভৱ নহ'ব। মানুহ জাতিটোৰ স্বভাৱেই জংগী।

 সমাধিক্ষেত্ৰত কবৰবোৰৰ কাষেৰে গৈ থাকোতে যুগোশ্লাভিয়াৰ পৰা গৱেষণা কৰিবলৈ পুনেলৈ অহা লিলিয়ানা নামৰ ছোৱালীজনীলৈ মনত পৰিছিল। ১৯৩৯ চনৰ পহিলা ছেপ্টেম্বৰৰ দিনা দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। লিলিয়ানা তেতিয়া মাতৃগৰ্ভত। আন বহুতো ডেকাৰ সৈতে লিলিয়ানাৰ দেউতাকক হিটলাৰৰ সেনাই গুলীয়াই মাৰে। কোনো দিনে দেউতাকক নেদেখা জীয়েকে তেজেৰে লুতুৰি-পুতুৰি হোৱা তেওঁৰ মোজাযোৰকে একমাত্ৰ স্মৃতি হিচাপে লগত লৈ ফুৰে। যুদ্ধৰ পাছত মানুহবোৰক শ্ৰদ্ধা জনাবলৈ ৰক্তাক্ত ঠাইডোখৰত গোলাপ ফুলৰ বাগিচা পাতিছে। লিলিয়ানাৰ দৰে আপোনজনক হেৰোৱাসকলে সেই বাগিচাৰ নিজানত বহি চকু পানী টোকে নীৰৱে। কেইবছৰমান আগতে সেইখন দেশ আকৌ যুদ্ধত বিধ্বস্ত হৈছিল। নাজানো গোলাপ বাগিচাখন অক্ষত অৱস্থাত আছে নে নাই।

 বৰ্তমানে মণিপুৰকে লৈ উত্তৰ-পূৰ্বাঞ্চলৰ বহু ঠাই উগ্ৰবাদীৰ কৱলত। তাৰ লগত যুক্ত ৰাষ্ট্ৰসন্ত্ৰাস। পিছলৈ উভতি চাই ভাবো বৰ পলমকৈ হ'লেও দৰ্শন কৰি অহিলো এনে এখন ৰাজ্য য’ৰ নাগৰিকৰ সুৰুচিপূৰ্ণ প্ৰকৃতিৰ আৰু শিল্পবোধৰ উমান পাওঁ তেওঁলোকৰ নৃত্যগীতত, তাঁত শিল্পত, সাজ-পাৰত, হস্তশিল্পত আৰু দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰত। মণিপুৰী কপাহী আৰু ৰেচমী বস্ত্ৰ সম্ভাৰে বিশ্বৰ বজাৰত এখন আসন অধিকাৰ কৰিব পাৰিছে।

[ ৩৩০ ]  ইম্ফলৰ ৰাজপ্ৰাসাদ সংলগ্ন শ্ৰীশ্ৰীগোবিন্দজীৰ মন্দিৰ আৰু ইয়াৰ প্ৰাংগণ অতি চাফ-চিকুণ। আমাৰ অধিকাংশ মন্দিৰৰ পৰিবেশত পৰিচ্ছন্নতাৰ অভাৱ। গোবিন্দজীৰ মন্দিৰৰ পুৰোহিতসকলকে ধৰি মন্দিৰৰ বিভিন্ন কামৰ সৈতে জড়িত অন্যান্যসকলৰ অংগত দেখিছিলো শুভ্ৰ বসন। তেওঁলোকৰ শিল্পীমনৰ প্ৰতিফলন আনকি খাদ্য পৰিবেশনৰ ক্ষেত্ৰতো দেখি মুগ্ধ হৈছিলো। ডাঃ প্ৰিয়সখীৰ বায়েকৰ ঘৰত কলপাতত খাদ্য পৰিবেশন কৰিছিল, আমি মজিয়াত বহি খাইছিলো। গৃহস্থৰ হাতৰ পৰশত কলপাতে অপৰূপ ৰূপ ধাৰণ কৰিছিল। ডাঙৰকৈ কটা কলপাত এখনৰ সোঁমাজত ঘূৰণীয়াকৈ কটা আন এডোখৰ কলপাতত দিছিল জৰজৰীয়া ভাতখিনি। তাৰ চাৰিওফালে সজাই দিছিল কলপটুৱাৰে সজা সুদৃশ্য বাৰটা বাটিত বিধে বিধে আঞ্জা। শিল্পীসুলভ পদ্ধতিত জুতিলগাকৈ ৰন্ধা খাদ্য আগবঢ়োৱাত আমাৰ ৰসনাই কেৱল তৃপ্ত হোৱা নাই, দৃষ্টিকো কৰিছিল পুলকিত।

 সেয়েহে ভাবো সেই সময়ত নোযোৱা হ'লে জীৱনত বহুত হেৰুৱালোহেঁতেন। দেখা নাপালোহেঁতেন নজৰ কাঢ়ি নিয়া মণিপুৰৰ হাবি-বননিয়ে ফুলি থকা নানাৰঙী অৰ্কিডবোৰ।

 কাশ্মীৰ দৰ্শনো কৰিছিলো সন্ত্ৰাসবাদে উগ্ৰমূৰ্তি ধাৰণ কৰাৰ আগে আগে। আমি অহাৰ পাছত তালৈ পৰ্যটকৰ সংখ্যা দ্ৰুত হাৰত কমিবলৈ ধৰে। আনকি কাশ্মীৰৰ হিন্দু পণ্ডিতসকলেও জীৱনটো হাতত লৈ ওলাই আহিবলগীয়া হৈছিল নিজ নিজ ঘৰ, মাটি-ভেটি ত্যাগ কৰি।