পৃষ্ঠা:অনিমা গুহ.pdf/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোস্বামীসকলে মণিপুৰলৈ গৈ ৰজাৰপৰা প্ৰজালৈ সকলোকে বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰে। বৈষ্ণৱ ধৰ্মৰ আধ্যাত্মিকতাই তেওঁক ইমানে মুগ্ধ কৰে যে ভাগ্যচন্দ্ৰই সিংহাসন ত্যাগ কৰি বাকী জীৱন নৱদ্বীপত কটায়।

 ইয়াৰ পাছৰ এশ বছৰ ধৰি ব্ৰহ্মদেশৰ মানসকলে কেইবাবাৰো মণিপুৰ আক্ৰমণ কৰে। আহোম ৰজাৰ লগত মণিপুৰ ৰজাৰ সুসম্পৰ্ক আছিল। তেওঁলোকে পৰস্পৰক সহায় কৰিছিল। মণিপুৰৰ ৰাজকুঁৱৰী কুৰংগনয়নীক বিয়া দিছিল আহোম ৰজা ৰাজেশ্বৰ সিংহলৈ। আহোমসকলে মণিপুৰৰ ৰজাক কৈছিল ভাইৰজা। মানসকলে সেই সময়ত অসমকো আক্ৰমণ কৰাত মণিপুৰৰ ৰজাই আহোম ৰজাক সৈন্য-সামন্ত পঠাই সহায় আগবঢ়াইছিল। এইবোৰ ওঠৰ শতিকাৰ কথা। এবাৰ আহোম ৰজায়ো মণিপুৰ ৰজাক মানৰ আক্ৰমণ ৰোধ কৰিবলৈ সৈন্য পঠাইছিল। পিছে তালৈ যাওঁতে ডাঠ হাবিৰ মাজেৰে যাবলগীয়া হোৱাত সৈন্যসকলৰ অৱস্থা শোচনীয় হয়। শত্ৰু কাটিবলৈ গৈ গছ-পাত কাটিবলগীয়া হোৱা বাবে সেইখন ৰণক কোৱা হয় লতাকটা ৰণ। মানৰ সঘন আক্ৰমণৰ ফলত দুয়োখন ৰাজ্যত জনসংখ্যা ঊনৈশ শতিকাত কমি যায়। অনেক মণিপুৰী মানুহে নিজ ৰাজ্য এৰি কাছাৰ, চিলেট, ত্ৰিপুৰা আদি অঞ্চলত আশ্ৰয় লয়। এইবোৰ অঞ্চলত বাস কৰা আজিৰ মণিপুৰীসকল তেওঁলোকৰে উত্তৰ পুৰুষ।

 ব্ৰিটিছৰ সৈতেও মানৰ সংঘৰ্ষ হৈছিল। এই উপলক্ষে ১৭৬২ চনত চট্টগ্ৰামত থকা ব্ৰিটিছ ৰাজ বিষয়াৰ লগত মণিপুৰৰ প্ৰথম চিঠি-পত্ৰৰ আদান-প্ৰদান ঘটে। মণিপুৰৰ ৰজাই ব্ৰিটিছক বন্ধু ৰজা বুলি কৈছিল।

 ঊনৈশ শতিকাৰ শেষ ভাগত মণিপুৰৰ ৰাজকোঁৱৰসকলৰ মাজত সিংহাসনক লৈ কাজিয়া লাগে। ফলত ৰাষ্ট্ৰীয় অশান্তি আদিৰ সূত্ৰপাত ঘটে। প্ৰাসাদ বিদ্ৰোহৰ ফলত ৰজা শূৰচন্দ্ৰৰ ঠাইত কুলচন্দ্ৰ সিংহাসনত বহে। এই বিদ্ৰোহ দমন কৰিবলৈ ব্ৰিটিছ চিফ কমিশ্যনাৰ কুইনটন চাহাব মণিপুৰলৈ গৈছিল। বিদ্ৰোহীসকলে তেওঁক হত্যা কৰাত ব্ৰিটিছে ফৌজ লৈ গৈ বিদ্ৰোহ দমন কৰি ১৮৯১ চনত মণিপুৰক নিজৰ অধীনলৈ আনে। মহাৰজা কুলচন্দ্ৰ নিৰ্বাসিত হয় আৰু সেনাপতি টিকেন্দ্ৰজিতে ইংৰাজৰ বিচাৰত ফাঁচী কাঠত প্ৰাণ বিসৰ্জন দিয়ে।

 ব্ৰিটিছে মণিপুৰৰ ৰাজ পৰিয়ালৰ পৰা ৯ বছৰীয়া চূড়াচন্দ্ৰক ৰজা নিৰ্বাচিত কৰি তেওঁক মেয়ো কলেজত অধ্যয়ন কৰিবলৈ পঠায়। সাবালক হোৱাৰ পাছত ব্ৰিটিছৰ অধীনত তেওঁ মণিপুৰৰ শাসনভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে মহাৰজা চূড়াচন্দ্ৰৰ

৩২০/ বাকীছোৱা জীৱন