বাকীছোৱা জীৱন/মোৰ যদি দুখন পাখি থাকিলহেঁতেন
মোৰ যদি দুখন পাখি থাকিলহেঁতেন
পাখি দুখন থকা হ’লে পৃথিৱীৰ চুকে-কোণে ঘূৰি ফুৰিলোহেঁতেন। আখৰ চিনিবৰ আগতেই দেউতাই চিনাকি কৰি দিছিল পৃথিৱীৰ মানচিত্ৰখনৰ সৈতে। বাইদেউ অনিতালৈ অনা গ্ল’বটোৰ সৈতেও মোৰ চিনাকি জ্ঞান হোৱাৰে পৰা। দেউতাই বিশ্বাস কৰিছিল বাহিৰৰ বিশ্বখনক নাজানিলে মানুহ কূপমণ্ডুক হৈ থাকে। সেয়েহে তেওঁৰ সাধ্যানুযায়ী আমাক চাৰিবেৰৰ মাজৰ পৰা মাজে-সময়ে উলিয়াই নিছিল। বাহিৰৰ জগতখনৰ প্ৰতি আকর্ষণ মোৰ তেতিয়াৰে পৰা। সোঁ শৰীৰে সদায় ওলোৱা অসম্ভৱ। গতিকে কল্পনাত ডেউকা লগাই বিশ্বব্রহ্মাণ্ড চলাথ কৰি ফুৰো। সংস্কৃতত যাক কোৱা হয় মনসা মথুৰাং গচ্ছামি।
কল্পনাত পাখি লগাই ফুৰিবলৈ বৰ ভাল। টিকট, পাছপ'ৰ্ট, ভিছা একো নালাগে। নীলা আকাশৰ বুকু ফালি উৰিবলৈ, উৰি উৰি পাহাৰ-পৰ্বত, নৈ-সমুদ্ৰ পাৰ হোৱাত যি উত্তেজনা আৰু আনন্দ গাড়ী-মটৰ-ট্ৰেইন-প্লেনত সেই আনন্দ বিচাৰি নাপাওঁ। যান-বাহনত উঠাৰে পৰা ননমালৈকে মনটো আতংকতে নিমজ্জিত হৈ থাকে। ট্ৰেইনত চোৰ-ডকাইত উঠিল নেকি, সন্ত্রাসবাদীয়ে লুকুৱাই ৰখা বোমা ফাটিব নেকি? ৰে'ল লাইন উঘালিলে নেকি?বাছতো একেই চিন্তা— মুখামুখি সংঘৰ্ষত স্পট ডেথ্ হয় নেকি? বিমানত তো আৰু ভয়। কোনোবা বিমান দস্যুই হাইজেক কৰিলে নেকি? যান্ত্রিক বিজুতি ঘটি সমুদ্রত বা হাবি-জংঘলত চূৰ্ণ-বিচূৰ্ণ হৈ সৰি পৰে নেকি ইত্যাদি [ ৩১৮ ] হৰেক ৰকমৰ চিন্তা। তাৰ পাছত আছে টকাৰ চিন্তা। সাতে-পাঁচে আজিকালি ডেউকাক আশ্ৰয় কৰিয়ে ফুৰিবলৈ ভালপোৱা হৈছো। তদুপৰি টিভিতে আজিকালি দেখিবলৈ পোৱা যায় পৃথিৱীখন। বুঢ়া বয়সত এইদৰে বিশ্বদৰ্শন কৰিয়ে সন্তুষ্ট হৈ আছো। বাংলা ভাষাত ইয়াকে কয় ‘দুধেৰ স্বাদ ঘোলে মেটানো'।
যি কি নহওক বাৰ্ধক্যৰ আগমনৰ আগলৈকে দিহিঙে-দিপাঙে ঘূৰি ফুৰিছো। অৱসৰগ্ৰহণ কৰাৰ পাছত গুৱাহাটীলৈ উভতি আহি উপলব্ধি কৰিছিলো উত্তৰ-পূৰ্বাঞ্চলখনেই চোৱা হোৱা নাই। অথচ এই অঞ্চলক ভূস্বৰ্গ বুলি ক'ব পাৰি। তদুপৰি ঘৰৰ কাষতে।
মনে মনে থিৰাং কৰিলো বয়সে বিধি-পথালি দিয়াৰ আগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্বতে-ভৈয়ামে উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিব লাগিব। ভাবি আচৰিত হৈছিলো ইমান বছৰে অৰুণাচল বা মণিপুৰ দৰ্শন কৰাৰ কথা ভবা নাছিলো কিয়? ইয়াৰ উত্তৰ পাইছো ৰবীন্দ্ৰনাথৰ কবিতাত। আচৰিত হৈ ভাবো জীৱনৰ যিকোনো পৰিস্থিতি চম্ভালিবলৈ আৰু যিকোনো বিপদ-আপদৰ সন্মুখীন হ’বলৈ এশ বছৰ আগতে তেওঁ লিখি থৈ গৈছে। সেয়েহে আনন্দতো তেওঁক পাওঁ, দুখতো পাওঁ, বিপদতো পাওঁ। তেওঁ আমাৰ পৰম সুহৃদ।