পৃষ্ঠা:অনিমা গুহ.pdf/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকৰ চাৰিত্ৰিক দৃঢ়তা দেখিছো। ক্ৰীড়াৰ ক্ষেত্ৰতো তেওঁলোক দুৰ্দান্ত। মণিপুৰী মহিলা মুষ্টিযোদ্ধা মেৰী কম্ আজি ক্ৰীড়াজগতত এটা উজ্জ্বল নাম। ৰাজনীতিৰ জগতত তেওঁলোক যথেষ্ট প্ৰতিপত্তিশালিনী। দাবী পূৰণ আৰু অভিযোগ উত্থাপন কৰাৰ ক্ষেত্ৰতো তেওঁলোক অতি দৃঢ়মনা। দৃঢ়মনা নহ'লে এঘাৰ বছৰ ধৰি কোনোবাই অনশন কৰিব পাৰে নে? প্ৰাপ্তি আদায়ৰ সময়ত এওঁলোকে পুৰুষতকৈ অধিক হেঁচা প্ৰয়োগ কৰিব পাৰে।

 ইম্ফলত থাকোতে মহিলা সংগঠনৰ ক্ষমতাৰ নিদৰ্শন এটা দেখিছিলো। কেৱল টিভিৰ কোনোবা এটা চেনেলত দেখুওৱা হিন্দী কথাছবিৰ নাচ-গান অতি নিম্নখাপৰ, কিন্তু যুৱ সমাজত বৰ জনপ্ৰিয়। কেইবাদিন ধৰি চেনেলটো নাপাই ৰামে খা-খবৰ কৰি জানিব পাৰিলে যে ল’ৰা-ছোৱালীহঁতক অপ-সংস্কৃতিৰ হাতোৰাৰ পৰা মুক্ত কৰিবলৈ মহিলা সংগঠন এটাই চেনেলটোৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ বাধ্য কৰিছে।

 শাহু আইৰ মুখে শুনিছিলো তেওঁলোকে যেতিয়া দীঘল ওৰণিৰ তলত দিনাতিপাত কৰিছিল তেতিয়া মণিপুৰী মহিলাই মুকলিমূৰীয়া হৈ চাইকেল চলাইছিল। আজি চাইকেলৰ বাহিৰেও স্কুটাৰ, মটৰ চাইকেল, মটৰ গাড়ী আদি সকলো ধৰণৰ যান-বাহন তেওঁলোকে ব্যৱহাৰ কৰে।


আজাদ হিন্দ ফৌজৰ স্মৃতি বিজড়িত ময়ৰাঙত : দ্বিতীয় বিশ্বযুদ্ধই প্ৰসিদ্ধ কৰা ময়ৰাঙ ইম্ফলৰ পৰা ৪৫ কিলোমিটাৰ নিলগত। অলপ দিনৰ বাবে হ’লেও আজাদ হিন্দ ফৌজৰ প্ৰধান কাৰ্যালয়টো ইয়াতে স্থাপিত হৈছিল। ১৯৪৪ চনৰ ১৪ এপ্ৰিল তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুই পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত ময়ৰাঙত ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰে। ঠাই ডোখৰত নিৰ্মাণ কৰি থোৱা হৈছে এটি বেদি, কাষত নেতাজীৰ প্ৰস্তৰ মূৰ্তি আৰু আজাদ হিন্দ সোঁৱৰণী গৃহ। তাত নেতাজীৰ হাতে লিখা চিঠি, আলোকচিত্ৰ, ব্যাজ আৰু আন্দোলনৰ সৈতে জড়িত কিছুমান স্মৃতিচিহ্ন সুৰক্ষিত হৈ আছে।

 আমি গৈছিলো ইম্ফল মেডিকেল কলেজৰ অধ্যাপক দম্পতী ডাঃ ৰাজেন আৰু ডাঃ প্ৰিয়সখীৰ লগত ময়ৰাং নিবাসী প্ৰিয়সখীৰ মাকৰ ঘৰলৈ। তেওঁৰ দেউতাক আছিল আজাদ হিন্দ ফৌজৰ সমৰ্থক। সেই সময়ত ভাৰতৰ পূব সীমান্তত জাপানীৰে সৈতে ইংৰাজৰ যুঁজ চলি আছিল। জাপানী সেনাৰ লগত আহিছিল আজাদ হিন্দ বাহিনীও। যুদ্ধত যিসকল জাপানী আৰু আজাদ হিন্দ ফৌজৰ সেনাৰ মৃত্যু হৈছিল

বাকীছোৱা জীৱন / ৩২৫