বাকীছোৱা জীৱন/কল্লোলিনী কলকাতাত
কল্লোলিনী কলকাতাত
ব্ৰিটিছৰ শাসনকালত দেউতা-মাৰ লগত দুবাৰ কলকাতালৈ গৈছিলো ফুৰিবলৈ। কোকৰাঝাৰত ৰেলত উঠি গোলোকগঞ্জ হৈ পূৰ্ববংগৰ (আজিৰ বাংলাদেশ) মাজেদি তেতিয়াৰ দিনত কলকাতালৈ যাব লাগিছিল। যিমান দূৰ মনত পৰে পূৰ্ববংগৰ পাৰ্বতীপুৰ জংচনত গাড়ী সলাই কলকাতামুখী ৰে'লত উঠিছিলো। নামিছিলো শেষ ৰে'ল ষ্টেচন শিয়ালদহত। কলকাতাত কলকাতা নামৰ কোনো ষ্টেচন নাছিল। তেতিয়া হাওৰা আৰু শিয়ালদহ— এই দুটাই মহানগৰীৰ মুখ্য ৰেল ষ্টেচন আছিল। সম্প্ৰতি কলকাতা নামৰ এটা ষ্টেচন নিৰ্মিত হৈছে। যি কি নহওক আহল বহল বাট-পথ, ৰাজপ্ৰাসাদ যেন ঘৰ-দুৱাৰ, সুসজ্জিত দোকান বজাৰ, গাড়ী-ঘোঁৰা, ট্ৰাম ইত্যাদি দেখি আমাৰ ধুবুৰীয়া ভাষাত ‘চাকচান্দা’ খাইছিলো অৰ্থাৎ মূৰ ঘূৰোৱাকৈ মুগ্ধ হৈছিলো। ইমান সুন্দৰ ঠায়ো পৃথিৱীত থাকিব পাৰেনে? উভতি যাবৰ দিনা শোকে খুন্দা মাৰি ধৰিছিল।
১৯৪৭ চনত দেশ বিভাজন হৈ ভাৰত স্বাধীন হ’ল। পূৰ্ববংগ পূৰ্ব পাকিস্তান হৈ হ’ল বিদেশ। নিজৰ মাটি-ভেটি ত্যাগ কৰি হেজাৰে হেজাৰে ভগনীয়া আহি সোমাবলৈ ধৰিলে কলকাতাত। জনস্ৰোতৰ হেঁচাত কলকাতাই তাৰ সৌন্দৰ্য হেৰুৱালে, চাৰিওফালে কেৱল মানুহ আৰু মানুহ। আগতে দেখা কলকাতাৰ ছবিখন মনৰ পৰা মচি পেলাবলগীয়া হোৱা বাবে কম মনোকষ্ট পোৱা নাছিলো। সঁচা কথা ক'বলৈ গ'লে কলকাতাক ভাল নোপোৱা হ'লো। তথাপিতো মাজে মাজে আহি থাকিবলগীয়া হৈছিলো দেওৰ হেমেন্দুৰ লগত শাহুআই থকা বাবে। ওভতনি যাত্ৰাত স্বস্তিৰ নিশ্বাস কাঢ়িছিলো হাওৰা ষ্টেচনত ৰে’লত উঠি। সেই কলকাতালৈকে আহিবলগীয়া হ'ল অনিৰ্দিষ্ট কালৰ বাবে পুনেৰ দৰে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইখনৰ পৰা। কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছোচিয়েল ছায়েন্স নামৰ গৱেষণামূলক প্ৰতিষ্ঠানত গৃহস্থই অধ্যাপকৰ পদটো পোৱা বাবে আহিবলগীয়া হৈছিল।
কলকাতাৰ গাড়ী-মটৰ-ট্ৰাম আৰু মানুহৰ ভিৰে মোৰ উশাহ বন্ধ কৰি আনে। তদুপৰি ঠাইখনৰ চেপেটা লেণ্ডস্কেপে মনক পীড়া দিয়ে। অসমত পাহাৰ-পৰ্বত-নৈ [ ১৪ ] হাবি বননিৰে বেৰি থকা পৰিবেশত ডাঙৰ হৈছো, পুনেৰ পৰিবেশো মনোমুগ্ধকৰ। তদুপৰি আমি থকা গোখলে ইনষ্টিটিউটৰ কোৱাৰ্টাৰবোৰ নিৰ্মিত হৈছিল এক মুকলি পৰিবেশত। আমাৰ ঘৰৰ সন্মুখত আছিল এখন সমূহীয়া ফুলনি, তাৰ সিফালে মহাৰাষ্ট্ৰ এছ’চিয়েশ্যন ফৰ কাল্টিভেশ্যন অব্ ছায়েন্সৰ নানা তৰহৰ ফুলেৰে ভৰা এখন বিশাল ফুলনি। তাৰ পাছতে এলানি দিগন্ত বিস্তৃত পাহাৰ। পাহাৰৰ মাজেৰে যোৱা আলিবাটটোৰ গুৰিত ভাণ্ডাৰকৰ ওৰিয়েণ্টেল ৰিছাৰ্চ ইনষ্টিটিউটৰ সুচাৰুভাৱে ৰক্ষিত বিৰাট ভৱনটো। আমাৰ বেলকনিত বহিলে দৃষ্টি গৈ ঠেকা খায় ফুলনিবোৰ পাৰ হৈ পাহাৰত। পাহাৰৰ মাজেৰে যোৱা বাটটোৰ আনটো মূৰত চতুশৃংগী মন্দিৰ, মন্দিৰটো অৱশ্যে ঘৰৰ পৰা দেখা নাযায়। আজি ইমান বছৰৰ মূৰত পুনেৰ ৰূপৰ কিবা হানি হৈছে নেকি নাজানো, কিন্তু সেই সময়ত পুনেক এখন ফুলনি যেনেই লাগিছিল। আমাৰ ঘৰবোৰৰ পিছফালে আছিল আমৰ বাগিচা। মুঠতে এলেকাটো আছিল প্ৰদূষণমুক্ত, শব্দ প্ৰদূষণ কাক বোলে জনা নাছিলো। তদুপৰি পুনেৰ সংস্কৃতিৱান ব্যক্তিসকলৰ বাসো আছিল ডেকান জিমখানা নামেৰে খ্যাত অঞ্চলটোত। দেশ-বিদেশৰ পৰা অহা বিদ্বৎজনক সঘনাই লগ পাইছিলো।
তেনে এক পৰিবেশৰ পৰা আহি অৱতৰণ কৰিলো এক নাৰকীয় পৰিবেশত। আলিপুৰ ৰোডত আগতে ভাড়া কৰি ৰখা ঘৰটোত সোমাই মোৰ তেনে ধাৰণাই হৈছিল। ঘৰটো যথেষ্ট আহল-বহল, সুদৃশ্য টাইল লগোৱা মজিয়া, দুৱাৰ-খিৰিকী আদি ভাল কাঠেৰে নিৰ্মিত। তথাপিতো তাত সোমাই ধাৰণা হ’ল যেন বাকচত বন্দী হ'লো। পুনেত দৃষ্টি গৈ ঠেকা খাইছিল দিগন্তত, কলকাতাৰ ঘৰটোৰ পৰা দৃষ্টি ঠেকা খাইছিল পাঁচ-ছয় হাত আঁতৰত থকা চুবুৰীয়াৰ ঘৰবোৰত। আকাশখন বিচাৰি হাবাথুৰি খাবলগীয়া অৱস্থা হৈছিল। পুৱা-গধুলি ওচৰ-পাজৰৰ ঘৰে ঘৰে জ্বলোৱা কয়লাৰ চৌকাৰ পৰা নিৰ্গত ধোঁৱাই উশাহ বন্ধ কৰি আনিছিল।
কলকাতাও সংস্কৃতিৱান চহৰ। কিন্তু পুনেত একেটা এলেকাত প্ৰগতিশীল, আধুনিক মনস্ক ব্যক্তি বা পৰিয়াল পোৱাৰ দৰে কলকাতাত পোৱা নাছিলো। জয়ৰ স্কুল আৰু গৃহস্থৰ কৰ্মস্থল এই ঘৰটোৰ ওচৰতে বাবে মুকলি পৰিবেশ বিচাৰি ছল্টলেক বা তেনে কোনো দূৰ অঞ্চললৈ যোৱাৰ কথাও ভবা নাছিলো। জয়ক সত্যজিৎ ৰায় আৰু তেওঁৰ সমপৰ্যায়ৰ কেইগৰাকীমান সমাজ সচেতন আধুনিকমনস্ক ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা পাঠভৱন নামৰ স্কুলখনত সপ্তম শ্ৰেণীত নাম লগাই দিয়া হ'ল। এইখন স্কুলত শিক্ষাদান ব্যৱস্থা গতানুগতিক স্কুলৰ দৰে নহয়। ষষ্ঠ শ্ৰেণীলৈ কোনো ধৰণৰ পৰীক্ষা [ ১৫ ] দিব নালাগিছিল, হোমৱৰ্কৰ হেঁচাও বৰ নাছিল, শৈক্ষিক পৰিবেশ আছিল মুক্ত। পিছে তেতিয়ালৈকে স্কুল বিল্ডিং নিৰ্মাণ নোহোৱা বাবে ঘৰ এটাৰ সৰু সৰু কোঠাত থেপাথেপিকৈ ছাত্ৰ-ছাত্ৰীসকলে বহিবলগীয়া হৈছিল। খেলা-ধূলা কৰিবলৈ নাছিল তাত কোনো খেলপথাৰ। তদুপৰি বাংলাপাঠ আছিল বাধ্যতামূলক। সি পুনেত পঢ়ি আহিছে ইংৰাজীৰ উপৰি মাৰাঠী আৰু হিন্দী। কলকাতাত বাংলাৰ চিলেবাছখন আছিল তাৰ বাবে অতি টান। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ উচ্চমানৰ বাংলা ময়েই বুজি নাপাওঁ। সি যে কি কৰিছিল ভাবিলে আজিও বুকুৰ কঁপনি উঠে। মুঠতে কলকাতালৈ আহি আমাৰ পানীত বুৰ যোৱাৰ অৱস্থা।
যি কি নহওক স্কুলবাছত এসপ্তাহমান অহা-যোৱা কৰাৰ পাছত মুখখন গোমা কৰি এদিন জয়ে ঘোষণা কৰিলে যে স্কুলবাছত সি আৰু নাযায়, পাব্লিক বাছত যাব। কি কাৰণ সি কোনোমতে নকয়। লাগিলে স্কুলতে নপঢ়ে কিন্তু কাৰণটো নকয়। আজিকালি কলকাতাৰ বাছসেৱাৰ বহু উন্নতি ঘটিল, পিছে সেই সময়ত মানুহ বাদুলি ওলমা দি যাতায়াত কৰিছিল। আমাৰ ঘৰৰ ওচৰৰ পৰা দুমহলীয়া ৩৩ নম্বৰ বাছখনত ঠেলি-হেঁচি যদিওবা সোমাব পাৰি গন্তব্য স্থানত ওলাই অহা দুঃসাধ্য। তদুপৰি অচিনাকি ঠাইখনত এঘাৰ বছৰীয়া ল’ৰা এটাক অকলশৰে এৰি দিবলৈ ভয় লাগিছিল। উপায়হীন হৈ ময়ে চাৰিবাৰ তাৰ লগত অহা-যোৱা কৰিছিলো। এমাহমানৰ পাছত সি ক'লে বোলে সি লাল্লু ল’ৰা নহয় যে মাকৰ হাতত ধৰি স্কুললৈ যাব। অৱশেষত এদিন তাক অকলেই এৰিবলৈ বাধ্য হ’লো। যি কি নহওক কেইমাহমানৰ পাছত আমি দুয়ো ভিৰ বাছৰ পৰা নামিবলৈকো শিকিলো। কালক্ৰমে ইমানে এক্সপাৰ্ট হ’লো যে কলকাতাৰ ইমূৰৰ পৰা সিমূৰলৈ বাছেৰে টিঘিলঘিলাই ফুৰিব পৰা হৈছিলো দুয়ো।
মানুহ অৱস্থাৰ দাস। ভাল নালাগিলেও কলকাতাৰ পৰিবেশৰ লগত খাপ খাই পৰিলো। প্ৰথমে যেতিয়া মনৰ বিধ্বস্ত অৱস্থা আছিল তেতিয়া ধৰিয়ে লৈছিলো মোৰ আধা হোৱা থিছিছখন আৰু কেতিয়াও সম্পূৰ্ণ নহয়। নিজৰ কথা পাহৰি জয়ক পৰিস্থিতিৰ সৈতে খাপখুৱাবলৈ চেষ্টা কৰি থাকিলো। গৃহস্থৰ বোধকৰো নিজকে অলপ দোষী যেন লাগিছিল পুনেৰ পৰা গুচি অহা বাবে। গতিকে তেওঁ এদিন মোৰ গাইড ড° কে চি মালহোত্ৰাক আমাৰ ঘৰলৈ আমন্ত্ৰণ জনালে। তেওঁ সিদিনা মোক আকৌ কামত মন বহুৱাবলৈ নানাভাৱে উৎসাহিত কৰিছিল। ড° মালহোত্ৰা আছিল ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউটৰ অধ্যাপক। তালৈ নিয়মীয়াকৈ যোৱাটোও আছিল মোৰ বাবে আন এক সমস্যা। ইমান ডাঙৰ মহানগৰীখনৰ দক্ষিণে থাকো আমি আৰু [ ১৬ ]
■ কলকাতাত লেখিকা |
ষ্টেটিছটিকেল ইনষ্টিটিউটটো উত্তৰৰ আন এটা মূৰত। এঘণ্টা-ডেৰঘণ্টাৰ বাট। মুঠতে সমগ্ৰ কলকাতাৰ মাজেৰে ঘূৰি-পকি বাছখন যায়। গাইডে কৈছিল সদায়তো যাব নালাগে, ঘৰতে কাম আগুৱাই মাজে মাজে আলোচনাৰ বাবে গ'লে হ’ব। সকলো সুবিধাৰ কথা শুনাৰ পাছতো মোৰ মনটো পৰি আছিল জয়ৰ পঢ়া-শুনাৰ ওপৰতহে। সিও পুনেৰ স্কুলখন এৰি আহি কম মানসিক যন্ত্ৰণা ভোগ কৰা নাছিল।
আমাৰ ঘৰৰ ওচৰে-পাজৰে খেল-ধেমালি কৰিব পৰা কোনো খেলপথাৰ নাছিল। পাৰাৰ ল'ৰাবোৰে গলিতে ক্ৰিকেট বা ডাণ্ডা-গুটি বা মাৰ্বল খেলিছিল। খা-খবৰ কৰি তাক জৱাহৰ শিশু ভৱনত ভৰ্তি কৰালো হাতৰ কাম শিকিবলৈ। সি এঘণ্টা শিকিছিল মাটিৰ মূৰ্তি গঢ়িবলৈ আৰু আন এটা ঘণ্টা শিকিছিল ইলেকট্ৰিচিটিৰ কাম-কাজ। দুটা ঘণ্টা ছাত্ৰ-ছাত্ৰীসকলৰ মাকবোৰে বহি আড্ডা মাৰিছিল নহ'লে ইফালে-সিফালে ঘূৰি ফুৰিছিল৷ মই প্ৰথম প্ৰথম গল্প কিতাপ পঢ়িছিলো যদিও কিছুদিন যোৱাৰ পাছত মোৰ অৰ্ধসমাপ্ত থিছিছৰ ফাইলখন উলিয়াই পাত লুটিয়াবলৈ আৰম্ভ কৰিছিলো। ইলেকট্ৰিচিটিৰ কাম শিকি থকাৰ সময়ত তাৰ মন গ'ল ট্ৰেনজিছটাৰ এটা নিৰ্মাণ কৰিবলৈ। তাৰে পাৰ্টছবোৰ কিনিবলৈ আমি মেডোনা ষ্ট্ৰীটলৈ গৈছিলো। গান শুনিবলৈ সি ভাল পাইছিল, লৈ গৈছিলো গ্ৰামোফোন ৰেকৰ্ড কিনিবলৈ। তাৰো ধীৰে ধীৰে কলকাতাত মন বহিল। কিছুমান বিষয়ত তাৰ পুনেতকৈ কলকাতাকে ভাল লগা হ’ল। পুনেৰ বাছৰ কণ্ডাকটৰসকলৰ মাত কথা হেনো হুটা, সৰু ল'ৰা-ছোৱালীৰ প্ৰতি নিৰ্দয়। কলকাতাৰ কণ্ডাকটৰসকলে ল’ৰা-ছোৱালীক মৰম কৰিব জানে। তদুপৰি তাৰ খুৰাক- পেহীয়েকহঁতৰ ল'ৰা-ছোৱালীবোৰক মাজে-সময়ে লগ পাই বন্ধৰ দিনবোৰ আনন্দৰ মাজেৰে কটাবলৈ ধৰিলে। বন্ধু-বান্ধৱো বহু হ’ল।
ময়ো মোৰ মানসিক অৱসাদ, ক্লান্তি, হতাশা আদি জাৰি-জোকাৰি থিছিছ শেষ কৰাত মনোনিবেশ কৰিলো। পূৰ্ণোদ্যমে আৰম্ভ হ’ল গৱেষণাৰ কাম। মোৰ থিছিছৰ বিষয় আৰু উদ্দেশ্যৰ কথা পূৰ্বে কোৱা হৈছে। আহৰণ কৰা ডাটাবোৰৰ পুংখানুপুংখ ষ্টেটিছটিকেল পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউটৰ দৰে প্ৰতিষ্ঠান এটা পোৱা ভাগ্যৰে কথা। সেই প্ৰতিষ্ঠানৰ বৰ্তমান নামী গৱেষক ড° পাৰ্থপ্ৰতিম মজুমদাৰ তেতিয়া তৰুণ গৱেষক। তেওঁৰ পৰা মই যথেষ্ট সুবিধা পাইছিলো। গাইড হিচাপে ড° মালহোত্ৰা তুলনাহীন। দুয়োগৰাকী বিজ্ঞানীৰ লগত কাম কৰি উপকৃত হৈছিলো। ডেৰটা বছৰ ফাইলত বন্দী হৈ থকা মোৰ আধালিখা থিছিচখনে প্ৰাণ পাই উঠিল। শেষ হোৱাৰ আগে আগে কেইদিনমান ভালেপৰ ৰাতিলৈ বহি বহি [ ১৮ ] লিখা-মেলা কৰাৰ ফলত কঁকালৰ বিষত তত নোপোৱা অৱস্থা হৈছিল। তেতিয়া চিকিৎসা কৰাৰ সময় নাই। মনৰ জোৰতে নিৰ্দিষ্ট দিনত সকলো সমাপ্ত কৰি পাণ্ডুলিপি দাখিল কৰিবলৈ গৈছিলো গাইডৰ হাতত। সিদিনা মোৰ এনে অৱস্থা হৈছিল যে বহিলে বিষে খুন্দা মাৰি ধৰে, উঠিব নোৱাৰো। গতিকে মোনা এখনত পাণ্ডুলিপিটো ভৰাই বাছ টাৰ্মিনাছৰ পৰা বাছত উঠিলো। প্ৰায় ডেৰঘণ্টা পথ থিয়ৈ থিয়ৈ গ’লো। থিয়ৈ থিয়ৈ ড° মালহোত্ৰাৰ হাতত ফাইলৰ বোজাটো দি উভতি অহা বাছখনত বহি ক্লান্ত ভৰি দুখনক সকাহ দিবলৈ গৈ অনুভৱ কৰিলো কঁকালত প্ৰচণ্ড বিষ। ভাগ্য ভাল বাছ সলাবলগীয়া নহ'ল। ঘৰলৈ আহি কঁকালৰ বিষত দুদিন থাকিলো বিছনাত পৰি। সিদিনা ঘৰত আছিল জেশাহুৰ জীয়েক আভা। তায়ে গৰম পানীৰ বেগ-ছেগ দি মোক আৰাম দিছিল। যিমানদূৰ মনত পৰে পুনে বিশ্ববিদ্যালয়ত থিছিছখন জমা দিয়াৰ সময়টো আছিল ১৯৭৫ চনৰ প্ৰথমাৰ্ধ। কেইমাহমানৰ পাছত মোৰ নামৰ পাছত এটা নতুন ডিগ্ৰী যুক্ত হ’ল।
সিদিনা মোৰ বিদ্যোৎসাহী দেউতালৈ মনত পৰাটো স্বাভাৱিক। ছোৱালীৰ বাবে স্কুল এখন নথকা কোকৰাঝাৰত ডাঙৰ হোৱা আমাক আজিৰে পৰা সাতটা দশক আগতে তেওঁ কেনেকৈ শিক্ষিত কৰি তুলিবলৈ চেষ্টা কৰিছিল সেইকথা ভাবি বিস্মিত হওঁ। মাৰ পৰাও কম অনুপ্ৰেৰণা পোৱা নাই। তেওঁ আমাক ঘৰুৱা কাম কৰিবলৈ দিয়া নাছিল। কৈছিল মগজুৰ প্ৰয়োজন নোহোৱা ঘৰুৱা কাম-বন পাছতো শিকিব পাৰি, কিন্তু পঢ়া-শুনা কৰিবলৈ লাগে কুমলীয়া মগজু। নতুন ডিগ্ৰীটো পাবৰ সময়ত মা জীয়াই আছিল। তেওঁৰো কিজানি দেউতালৈ মনত পৰিছিল।
মা-দেউতালৈ মনত পৰাৰ পাছত মনত পৰিল কটন কলেজত পঢ়া দিনবোৰলৈ। ছাত্ৰ সমাজৰ মাজত সদায়ে কেইজনমান জমনি ছাত্ৰ-ছাত্ৰী থাকে যিসকলৰ উদ্ভাৱনী ক্ষমতাক তাৰিফ নকৰি নোৱাৰি। বৰ্তমান যুগত ডক্টৰেটৰ সংখ্যা অনেক হ’ল। আমাৰ সময়ত অৰ্থাৎ মই ১৯৪৭ চনত কটন কলেজত নাম লগোৱাৰ বহু বছৰ পাছলৈকে এইটো ডিগ্ৰীধাৰী অধ্যাপক আছিল কেইজনমান। অধ্যক্ষ হিচাপে আমি পাইছিলো ড° বাণীকান্ত কাকতিক আৰু উদ্ভিদ বিদ্যা বিভাগত অধ্যাপক আছিল ড° কমলা ৰয় আৰু ড° পাৰুকুট্টি বৰুৱাক। আমাৰ আগৰ চামৰ কোনোবা ছাত্ৰই এটা গাঁজাখুৰী বাতৰি উলিয়াইছিল বোলে— ড° বাণীকান্ত কাকতি ‘ডক্টৰ’ হোৱা শুনি তেওঁৰ সহকৰ্মী অধ্যাপক ‘অমুকৰ’ পত্নীয়ে স্বামীক তাচ্ছিল্যৰ সুৰত হেনো কৈছিল ‘বাণীবাবু ডাক্তাৰ হ’ল, আপ্ নি কম্পাউণ্ডাৰ হবাও নৰিল’। গাঁজাখুৰী গল্পটো কৈছিল মাৰ বায়েকৰ ল'ৰা [ ১৯ ] ডিব্ৰুগড়ৰ কাবুলদাই।
সেইদিনা আৰু মনত পৰিছিল কোকৰাঝাৰৰ নগেন্দ্ৰ লাইব্ৰেৰীৰ গৰাকী নগেন ঠাকুৰ মহোদয়লৈ। মোৰ বাল্যকালত তেওঁৰ দোকানলৈ কিতাপ-বহী কিনিবলৈ যাওঁতে তেওঁ এবাৰ ডিকশ্যনাৰী এখন কিনিবলৈ কৈছিল। সেইখন পঢ়িলে হেনো বি এ পাছ কৰিব পাৰিম। প্ৰতিটো পৰীক্ষাৰ ফল ওলালে মোৰ তেওঁলৈ মনত পৰিছিল। তেওঁৰে নাতিদ্বয় গুৱাহাটীৰ এন এল পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অলক আৰু ৰাজীৱ অধিকাৰী।
আমি বাই-ভনীকেইজনীৰ বহি-শুই সময় কটোৱাৰ অভ্যাস নাই। আমাৰ মাৰ পৰাই সম্ভৱতঃ এই স্বভাৱটো পাইছো। মাই ঘৰুৱা সকলো জঞ্জাল সামৰি ঘৰতে বিধে বিধে মিঠাই বনাইছিল, এম্ব্ৰোডাৰী-কুৰ্শাৰ কাম, ব্লাউজ-ফ্ৰক চিলোৱা, তাঁত বোৱা আদি কোনো কাম তেওঁৰ ৰুটিনৰ পৰা বাদ পৰা নাছিল। আমাৰ পৰীক্ষা হৈ যোৱাৰ পাছত এম্ব্ৰোডাৰী, ঊল গুঠা ইত্যাদি নানা ধৰণৰ কামত তেওঁ আমাক লগাই দিছিল। থিছিছ জমা দিয়াৰ পাছত সেই অভ্যাসবশতঃ এটা কামত হাত দিলো।
মাই মিঠাই বনোৱাৰ প্ৰসংগত মোৰ সাত-আঠমান বছৰ বয়সৰ কথা এষাৰলৈ মনত পৰিল৷ আমাৰ দেউতাৰ বেমাৰলৈ বৰ ভয় আছিল বাবে আমাৰ ঘৰত দোকানৰ মিঠাইৰ প্ৰৱেশ আছিল বন্ধ। অথচ দেউতা আছিল ভোজনবিলাসী। ঘৰত গাখীৰৰ আছিল উভৈনদী। প্ৰতিদিনে মাই ৰসগোল্লা নহ'লে সন্দেশ নাইবা আন কিবা ছানাৰ মিঠাই প্ৰস্তুত কৰিছিল। ঘৰতে কৰা মিঠাই সোপা খাই খাই মোৰ আমনি লাগিছিল। মোৰ মন আছিল বহিৰ্মুখী। দোকানৰ মাখি পৰি থকা মিঠাই দেখিলে জিভাৰ পানীৰে মুখখন ভৰি পৰিছিল। পিছে কিনিবৰ যদিওবা কাচিৎ কেতিয়াবা উপায় ওলাইছিল, খাবৰ উপায় সমূলি নাছিল বুলিয়ে ক’ব পাৰি। এদিন সেই অসম্ভৱকো মই সম্ভৱ কৰিলো।
কোকৰাঝাৰত আমাৰ ঘৰৰ ওচৰত মেলা এখন বহিছিল। কাঁচৰ খাৰু, মণিৰ মালা আদি বিভিন্ন সম্ভাৰ লৈ বহিছিল দোকানীসকল। এইবোৰ চাই চাই আগবাঢ়ি গৈ আছিলো হঠাতে চকুত পৰিল কেৱল চেনিৰে কৰা গুলপীয়া ৰঙৰ এবিধ মিঠাই, দেখাত সৰু সৰু পাচি একোটাৰ দৰে। ওপৰত মাখি আছিল ভেনভেনাই। সিহঁতলৈ চাই হিংসা লাগিল। ইমান স্বাধীন মাখিহঁত। সিহঁতৰ দেউতাকে বাহিৰৰ মিঠাই খাবলৈ বাধা নিদিয়ে। মাখিহঁতৰ দ্বাৰা অনুপ্ৰাণিত হৈ মই এটা পাচি মিঠাই কিনি ল'লো। পিছে সিহঁতৰ দৰে তাত বহিতো খাব নোৱাৰো। সৰু ঠাই, কোনোবাই দেখা পালে দেউতাক লগাই দিয়াৰ ভয়। কিংকৰ্তব্যবিমূঢ় অৱস্থা মোৰ। লেতেৰা মিঠাইটো ফ্ৰকৰ [ ২০ ] তলত ভৰাই লৈ ধুমুহাৰ গতিত ঘৰ আহি পালো। ঘৰতো নাই সকলোৰে চকুৰ আঁৰত খাবলৈ এডোখৰ ঠাই। ইফালে মা বা আন কোনোবাই মোক দেখিলে ধৰা পৰাৰ হাণ্ড্ৰেড পাৰচেণ্ট সম্ভাৱনা। কাৰোবাৰ ভৰিৰ শব্দ শুনি মই আলমাৰিৰ পাছফালে নিৰাপদ আশ্ৰয় এটা বিচাৰি পালো। তাত পাচি মিঠাইটোৰ এডোখৰ খাই বাকীখিনি মজিয়াতে থৈ ওলাই আহিছিলো। ছেগ বুজি দিনটোত কেইবাবাৰো আলমাৰিটোৰ পাছফালে সোমাই সোমাই পৰম তৃপ্তিৰে কেৱল চেনিৰে তৈয়াৰ কৰা লেতেৰা মিঠাইটো খোৱাৰ কথা আজিও মনত পৰে। এতিয়াও মই মেলাবোৰলৈ গ'লে সেইবিধ মিঠাই বিচাৰি ফুৰো। নিষিদ্ধ বস্তুৰ সোৱাদ অমৃত তুল্য।
ক'ৰবাৰ পৰা ক'ৰবালৈ আহিলো। থিছিছখন জমা দিয়াৰ পাছত মূৰৰ পৰা গধুৰ বোজা এটা নামিল। বাহিৰা কিতাপ-পত্ৰ পঢ়িবলৈ সময় পালো। তদুপৰি জয়ৰ পঢ়া-শুনা চোৱা-চিতা কৰাও আন এটা প্ৰধান কাম আছিল। বাহিৰা কিতাপ পঢ়াত সৰুৰে পৰা তাৰ ৰাপ, কিন্তু স্কুলৰ পাঠ্যক্ৰমৰ প্ৰতি বৰ অনীহা। তাক চোৱা-চিতা কৰাৰ পাছতো অফুৰন্ত সময় পাইছিলো। সেই সময়ছোৱাত ইণ্ডিয়ান কাউন্সিল অব্ হিষ্টৰিকেল ৰিচাৰ্ছে অনুবাদ কৰিবলৈ দিয়া নীহাৰ ৰঞ্জন ৰায়ৰ ‘বাঙালীৰ ইতিহাস’খন বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিলো ৷ কিতাপখনৰ আকাৰ আছিল এখন ডিকশ্যনাৰীৰ সমান। সময়মতে জমা দিলো যদিও কিতাপখন তেওঁলোকৰ গুদাম ঘৰতে থাকি গ'ল যেন লাগিছে। ইতিমধ্যে কেন্দ্ৰত চৰকাৰ সলনি হ'ল, নীতি-নিয়ম সলনি হ’ল, হয়তো এইখন কিতাপ পৰৱৰ্তী চৰকাৰে প্ৰকাশৰ অযোগ্য বুলি ভাবিলে। পিছে অনুবাদ কৰাৰ মূল্য যথাসময়ত দিছিল। তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত পৰীক্ষক কুল গগৈয়ে পাণ্ডুলিপিটো চাই দিয়া বাবে তেওঁকো পাৰিশ্ৰমিক দিছিল। সেই সময়ত গগৈ নেশ্যনেল লাইব্ৰেৰীৰ অসমীয়া বিভাগৰ লগত জড়িত হৈ আছিল। লাইব্ৰেৰীলৈ গ’লে কুল গগৈৰ কোৱাৰ্টাৰত আমি প্ৰায়ে সোমাইছিলো। শ্ৰীমতী গগৈ এগৰাকী সাদৰী মহিলা। তেওঁলোকৰ তিনিওজনী ছোৱালী বৰ গুণী। গান-বাজনাতো তেওঁলোক আছিল পাৰদৰ্শী।
এবাৰ গৌৰীপুৰৰ ৰাজকুমাৰী নীহাৰবালা বৰুৱা (প্ৰতিমা বৰুৱা পাণ্ডেৰ পেহীয়েক) কলকাতালৈ আহোতে কুল গগৈৰ ঘৰলৈ আহিছিল। তেতিয়া তেওঁৰ বয়স আছিল সত্তৰ। গৌৰীপুৰৰ ৰজাৰ পৰিয়ালটো বৰ সংস্কৃতিৱান। গোৱালপাৰাৰ লোক-সংগীতৰ সম্ৰাজ্ঞী বুলি প্ৰতিমা বৰুৱা পাণ্ডেই খ্যাতি লাভ কৰিছে যদিও তেওঁৰ পেহীয়েক নীহাৰবালাও আছিল এগৰাকী লোক-সংগীত গায়িকা। তেওঁ গোৱালপাৰা লোকনৃত্যতো আছিল পাৰদৰ্শী। সিবাৰ সত্তৰ বছৰ বয়সত তেওঁ কলকাতা দূৰদৰ্শনৰ এটা অনুষ্ঠানত [ ২১ ] গোৱালপৰীয়া লোকনৃতা প্ৰদৰ্শন কৰিছিল। কুল গগৈৰ ঘৰতো সিদিনা নৃত্য-গীতৰ আসৰ বহিছিল। নীহাৰ বালাই সেই বয়সতো নাচি ভাগৰি পৰা নাছিল। তেওঁক দেখি মোৰো গা উঠিল। ‘ভালো কৰিয়া বাজাওৰে দোতৰা কমলা সুন্দৰী নাচে...’।