পৃষ্ঠা:অনিমা গুহ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কল্লোলিনী কলকাতাত

ব্ৰিটিছৰ শাসনকালত দেউতা-মাৰ লগত দুবাৰ কলকাতালৈ গৈছিলো ফুৰিবলৈ। কোকৰাঝাৰত ৰেলত উঠি গোলোকগঞ্জ হৈ পূৰ্ববংগৰ (আজিৰ বাংলাদেশ) মাজেদি তেতিয়াৰ দিনত কলকাতালৈ যাব লাগিছিল। যিমান দূৰ মনত পৰে পূৰ্ববংগৰ পাৰ্বতীপুৰ জংচনত গাড়ী সলাই কলকাতামুখী ৰে'লত উঠিছিলো। নামিছিলো শেষ ৰে'ল ষ্টেচন শিয়ালদহত। কলকাতাত কলকাতা নামৰ কোনো ষ্টেচন নাছিল। তেতিয়া হাওৰা আৰু শিয়ালদহ— এই দুটাই মহানগৰীৰ মুখ্য ৰেল ষ্টেচন আছিল। সম্প্ৰতি কলকাতা নামৰ এটা ষ্টেচন নিৰ্মিত হৈছে। যি কি নহওক আহল বহল বাট-পথ, ৰাজপ্ৰাসাদ যেন ঘৰ-দুৱাৰ, সুসজ্জিত দোকান বজাৰ, গাড়ী-ঘোঁৰা, ট্ৰাম ইত্যাদি দেখি আমাৰ ধুবুৰীয়া ভাষাত ‘চাকচান্দা’ খাইছিলো অৰ্থাৎ মূৰ ঘূৰোৱাকৈ মুগ্ধ হৈছিলো। ইমান সুন্দৰ ঠায়ো পৃথিৱীত থাকিব পাৰেনে? উভতি যাবৰ দিনা শোকে খুন্দা মাৰি ধৰিছিল।

 ১৯৪৭ চনত দেশ বিভাজন হৈ ভাৰত স্বাধীন হ’ল। পূৰ্ববংগ পূৰ্ব পাকিস্তান হৈ হ’ল বিদেশ। নিজৰ মাটি-ভেটি ত্যাগ কৰি হেজাৰে হেজাৰে ভগনীয়া আহি সোমাবলৈ ধৰিলে কলকাতাত। জনস্ৰোতৰ হেঁচাত কলকাতাই তাৰ সৌন্দৰ্য হেৰুৱালে, চাৰিওফালে কেৱল মানুহ আৰু মানুহ। আগতে দেখা কলকাতাৰ ছবিখন মনৰ পৰা মচি পেলাবলগীয়া হোৱা বাবে কম মনোকষ্ট পোৱা নাছিলো। সঁচা কথা ক'বলৈ গ'লে কলকাতাক ভাল নোপোৱা হ'লো। তথাপিতো মাজে মাজে আহি থাকিবলগীয়া হৈছিলো দেওৰ হেমেন্দুৰ লগত শাহুআই থকা বাবে। ওভতনি যাত্ৰাত স্বস্তিৰ নিশ্বাস কাঢ়িছিলো হাওৰা ষ্টেচনত ৰে’লত উঠি। সেই কলকাতালৈকে আহিবলগীয়া হ'ল অনিৰ্দিষ্ট কালৰ বাবে পুনেৰ দৰে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইখনৰ পৰা। কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছোচিয়েল ছায়েন্স নামৰ গৱেষণামূলক প্ৰতিষ্ঠানত গৃহস্থই অধ্যাপকৰ পদটো পোৱা বাবে আহিবলগীয়া হৈছিল।

 কলকাতাৰ গাড়ী-মটৰ-ট্ৰাম আৰু মানুহৰ ভিৰে মোৰ উশাহ বন্ধ কৰি আনে। তদুপৰি ঠাইখনৰ চেপেটা লেণ্ডস্কেপে মনক পীড়া দিয়ে। অসমত পাহাৰ-পৰ্বত-নৈ

বাকীছোৱা জীৱন /১৩