পৃষ্ঠা:অনিমা গুহ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ডিব্ৰুগড়ৰ কাবুলদাই।

 সেইদিনা আৰু মনত পৰিছিল কোকৰাঝাৰৰ নগেন্দ্ৰ লাইব্ৰেৰীৰ গৰাকী নগেন ঠাকুৰ মহোদয়লৈ। মোৰ বাল্যকালত তেওঁৰ দোকানলৈ কিতাপ-বহী কিনিবলৈ যাওঁতে তেওঁ এবাৰ ডিকশ্যনাৰী এখন কিনিবলৈ কৈছিল। সেইখন পঢ়িলে হেনো বি এ পাছ কৰিব পাৰিম। প্ৰতিটো পৰীক্ষাৰ ফল ওলালে মোৰ তেওঁলৈ মনত পৰিছিল। তেওঁৰে নাতিদ্বয় গুৱাহাটীৰ এন এল পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অলক আৰু ৰাজীৱ অধিকাৰী।

 আমি বাই-ভনীকেইজনীৰ বহি-শুই সময় কটোৱাৰ অভ্যাস নাই। আমাৰ মাৰ পৰাই সম্ভৱতঃ এই স্বভাৱটো পাইছো। মাই ঘৰুৱা সকলো জঞ্জাল সামৰি ঘৰতে বিধে বিধে মিঠাই বনাইছিল, এম্ব্ৰোডাৰী-কুৰ্শাৰ কাম, ব্লাউজ-ফ্ৰক চিলোৱা, তাঁত বোৱা আদি কোনো কাম তেওঁৰ ৰুটিনৰ পৰা বাদ পৰা নাছিল। আমাৰ পৰীক্ষা হৈ যোৱাৰ পাছত এম্ব্ৰোডাৰী, ঊল গুঠা ইত্যাদি নানা ধৰণৰ কামত তেওঁ আমাক লগাই দিছিল। থিছিছ জমা দিয়াৰ পাছত সেই অভ্যাসবশতঃ এটা কামত হাত দিলো।

 মাই মিঠাই বনোৱাৰ প্ৰসংগত মোৰ সাত-আঠমান বছৰ বয়সৰ কথা এষাৰলৈ মনত পৰিল৷ আমাৰ দেউতাৰ বেমাৰলৈ বৰ ভয় আছিল বাবে আমাৰ ঘৰত দোকানৰ মিঠাইৰ প্ৰৱেশ আছিল বন্ধ। অথচ দেউতা আছিল ভোজনবিলাসী। ঘৰত গাখীৰৰ আছিল উভৈনদী। প্ৰতিদিনে মাই ৰসগোল্লা নহ'লে সন্দেশ নাইবা আন কিবা ছানাৰ মিঠাই প্ৰস্তুত কৰিছিল। ঘৰতে কৰা মিঠাই সোপা খাই খাই মোৰ আমনি লাগিছিল। মোৰ মন আছিল বহিৰ্মুখী। দোকানৰ মাখি পৰি থকা মিঠাই দেখিলে জিভাৰ পানীৰে মুখখন ভৰি পৰিছিল। পিছে কিনিবৰ যদিওবা কাচিৎ কেতিয়াবা উপায় ওলাইছিল, খাবৰ উপায় সমূলি নাছিল বুলিয়ে ক’ব পাৰি। এদিন সেই অসম্ভৱকো মই সম্ভৱ কৰিলো।

 কোকৰাঝাৰত আমাৰ ঘৰৰ ওচৰত মেলা এখন বহিছিল। কাঁচৰ খাৰু, মণিৰ মালা আদি বিভিন্ন সম্ভাৰ লৈ বহিছিল দোকানীসকল। এইবোৰ চাই চাই আগবাঢ়ি গৈ আছিলো হঠাতে চকুত পৰিল কেৱল চেনিৰে কৰা গুলপীয়া ৰঙৰ এবিধ মিঠাই, দেখাত সৰু সৰু পাচি একোটাৰ দৰে। ওপৰত মাখি আছিল ভেনভেনাই। সিহঁতলৈ চাই হিংসা লাগিল। ইমান স্বাধীন মাখিহঁত। সিহঁতৰ দেউতাকে বাহিৰৰ মিঠাই খাবলৈ বাধা নিদিয়ে। মাখিহঁতৰ দ্বাৰা অনুপ্ৰাণিত হৈ মই এটা পাচি মিঠাই কিনি ল'লো। পিছে সিহঁতৰ দৰে তাত বহিতো খাব নোৱাৰো। সৰু ঠাই, কোনোবাই দেখা পালে দেউতাক লগাই দিয়াৰ ভয়। কিংকৰ্তব্যবিমূঢ় অৱস্থা মোৰ। লেতেৰা মিঠাইটো ফ্ৰকৰ

বাকীছোৱা জীৱন / ১৯