পৃষ্ঠা:অনিমা গুহ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তলত ভৰাই লৈ ধুমুহাৰ গতিত ঘৰ আহি পালো। ঘৰতো নাই সকলোৰে চকুৰ আঁৰত খাবলৈ এডোখৰ ঠাই। ইফালে মা বা আন কোনোবাই মোক দেখিলে ধৰা পৰাৰ হাণ্ড্ৰেড পাৰচেণ্ট সম্ভাৱনা। কাৰোবাৰ ভৰিৰ শব্দ শুনি মই আলমাৰিৰ পাছফালে নিৰাপদ আশ্ৰয় এটা বিচাৰি পালো। তাত পাচি মিঠাইটোৰ এডোখৰ খাই বাকীখিনি মজিয়াতে থৈ ওলাই আহিছিলো। ছেগ বুজি দিনটোত কেইবাবাৰো আলমাৰিটোৰ পাছফালে সোমাই সোমাই পৰম তৃপ্তিৰে কেৱল চেনিৰে তৈয়াৰ কৰা লেতেৰা মিঠাইটো খোৱাৰ কথা আজিও মনত পৰে। এতিয়াও মই মেলাবোৰলৈ গ'লে সেইবিধ মিঠাই বিচাৰি ফুৰো। নিষিদ্ধ বস্তুৰ সোৱাদ অমৃত তুল্য।

 ক'ৰবাৰ পৰা ক'ৰবালৈ আহিলো। থিছিছখন জমা দিয়াৰ পাছত মূৰৰ পৰা গধুৰ বোজা এটা নামিল। বাহিৰা কিতাপ-পত্ৰ পঢ়িবলৈ সময় পালো। তদুপৰি জয়ৰ পঢ়া-শুনা চোৱা-চিতা কৰাও আন এটা প্ৰধান কাম আছিল। বাহিৰা কিতাপ পঢ়াত সৰুৰে পৰা তাৰ ৰাপ, কিন্তু স্কুলৰ পাঠ্যক্ৰমৰ প্ৰতি বৰ অনীহা। তাক চোৱা-চিতা কৰাৰ পাছতো অফুৰন্ত সময় পাইছিলো। সেই সময়ছোৱাত ইণ্ডিয়ান কাউন্সিল অব্ হিষ্টৰিকেল ৰিচাৰ্ছে অনুবাদ কৰিবলৈ দিয়া নীহাৰ ৰঞ্জন ৰায়ৰ ‘বাঙালীৰ ইতিহাস’খন বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰিলো ৷ কিতাপখনৰ আকাৰ আছিল এখন ডিকশ্যনাৰীৰ সমান। সময়মতে জমা দিলো যদিও কিতাপখন তেওঁলোকৰ গুদাম ঘৰতে থাকি গ'ল যেন লাগিছে। ইতিমধ্যে কেন্দ্ৰত চৰকাৰ সলনি হ'ল, নীতি-নিয়ম সলনি হ’ল, হয়তো এইখন কিতাপ পৰৱৰ্তী চৰকাৰে প্ৰকাশৰ অযোগ্য বুলি ভাবিলে। পিছে অনুবাদ কৰাৰ মূল্য যথাসময়ত দিছিল। তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত পৰীক্ষক কুল গগৈয়ে পাণ্ডুলিপিটো চাই দিয়া বাবে তেওঁকো পাৰিশ্ৰমিক দিছিল। সেই সময়ত গগৈ নেশ্যনেল লাইব্ৰেৰীৰ অসমীয়া বিভাগৰ লগত জড়িত হৈ আছিল। লাইব্ৰেৰীলৈ গ’লে কুল গগৈৰ কোৱাৰ্টাৰত আমি প্ৰায়ে সোমাইছিলো। শ্ৰীমতী গগৈ এগৰাকী সাদৰী মহিলা। তেওঁলোকৰ তিনিওজনী ছোৱালী বৰ গুণী। গান-বাজনাতো তেওঁলোক আছিল পাৰদৰ্শী।

 এবাৰ গৌৰীপুৰৰ ৰাজকুমাৰী নীহাৰবালা বৰুৱা (প্ৰতিমা বৰুৱা পাণ্ডেৰ পেহীয়েক) কলকাতালৈ আহোতে কুল গগৈৰ ঘৰলৈ আহিছিল। তেতিয়া তেওঁৰ বয়স আছিল সত্তৰ। গৌৰীপুৰৰ ৰজাৰ পৰিয়ালটো বৰ সংস্কৃতিৱান। গোৱালপাৰাৰ লোক-সংগীতৰ সম্ৰাজ্ঞী বুলি প্ৰতিমা বৰুৱা পাণ্ডেই খ্যাতি লাভ কৰিছে যদিও তেওঁৰ পেহীয়েক নীহাৰবালাও আছিল এগৰাকী লোক-সংগীত গায়িকা। তেওঁ গোৱালপাৰা লোকনৃত্যতো আছিল পাৰদৰ্শী। সিবাৰ সত্তৰ বছৰ বয়সত তেওঁ কলকাতা দূৰদৰ্শনৰ এটা অনুষ্ঠানত

২০/ বাকীছোৱা জীৱন