দন্দুৱা দ্ৰোহ/সাতত্ৰিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৫০ ]

সাতত্ৰিংশ অধ্যায়।
নিয়তি চক্ৰ।

 যি হৰদত্ত বৰুৱাই উত্তৰ কামৰূপত বৰফুকনৰ শাসন উচ্ছেদ কৰি আজি সাত বছৰে নিজৰ হাউলিত বেটি-বন্দীয়ে পৰিবৃত হৈ উত্তৰ কামৰূপত ৰাজত্ব কৰিছিল, যি হৰদত্ত একালত কামৰূপীয়া প্ৰজাৰ ৰঞ্জিত বীৰ আছিল, নিয়তিৰ চকৰিত, গ্ৰহ বৈগুণ্যত সেই হৰদত আজি অটব্য অৰণ্য- বাসী! যি হৰদতে তাজি সাত বছৰে বৰফুকণক বাৰে বাৰে যুঁজত ঘটুৱাই কামৰূপীয়াৰ গৌৰৱ ৰক্ষা কৰি আছিল, সেই হৰদত্তই আজি বৰফুকনে দিয়া নাম মতে এজন সামান্য “বিদ্ৰোহী দন্দুৱা” অৰ্থাৎ বীৰ নহয়, এজন দন্দ কৰা ঢেকেৰী মাথোন। যি হৰদত এদিন কামৰূপীয়া প্ৰজাৰ মনত [ ১৫১ ] দেৱতা স্বৰূপ আছিল আজি সেই হৰদত্ত অনেক কামৰূপীয়া প্ৰজা আৰু বিষয়াৰ মনত অত্যাচাৰী, দেশ দ্ৰোহী, নিজে গজি উঠা বুজৰ বৰুৱা। আজি সেই স্বদেশ বৎসল হৰদত্তৰ মূৰটোৰ ওপৰত তেওঁক ধৰি দিয়া জনৰ নিমিত্তে এশ ছিকা ৰূপৰ বটাৰ জাননী! যি হৰদত্তে ৰূপৰ বাসনতহে আহাৰ কৰিছিল আজি সেই হৰদত্তৰ আহাৰ বনৰীয়া কৌ পাতত। সেই আহাৰো আকৌ পূব কচাৰী মহলৰ কচাৰীহঁতৰ বস্তিৰ পৰা মনে মনে খুজি অনা ৰঙা আহু চাউল আৰু বনৰীয়া শাকৰ। তাকো আকৌ সদায় নিমিলা। যি হৰদতে দিনটোত তিন চাৰি সাজ চৰ্ব্ব চুষ্য লেহ্য-পেয় খাইছিল, সেই হৰদতে আজি কালি মাজে মাজে লঘোনেও থাকিব লগা হৈছিল। যি হৰদত্তৰ অসংখ্য ঘৰ দুৱাৰ মঠ মন্দিৰ আছিল আজি সেই হৰদত্তৰ কপালত জোৱাঁয়েক আৰু পদ্মকুমাৰীৰ হাতধৰী লিগিৰী জনীয়ে সজা পজা এডোখৰ। হায় গ্ৰহফল! হায় নিয়তিৰ চকৰি! হায় কৰ্ম্মফল! তোমালোকক বুজা টান। প্ৰভু ভগবন্ত! তোমাৰ মহিমা দুৰ্জ্ঞেয়।
 হৰদত্ত এইদৰে সন্ধাৰ ঝাৰৰ কাঠনি হাবিৰ মাজত ৰল। বেটীজনীয়ে আৰু মহীৰামে মাজে মাজে অতি সতৰ্কৰে ওলাই অচিনাকি বেশ লৈ স্বভাবৰ অজলা সেই পূব কচাৰি মহলৰ কছাৰি সকলৰ পৰা চাউল খুজি খুজি নিয়ে। বাঁহৰ চুঙাত, পদ্মকুমাৰী, বেটীজনী, বৰুৱানী সকলোৱে ওচৰৰ [ ১৫২ ] বিলৰ পৰা পানী আনে। বাহঁৰ চুঙাত ৰঙা আহু চাউল সিজায়। হাবিত গজা শাক পাচলিৰেই তৰকাৰি কৰে। মহীৰামে দিনৰ ভাগতেই শুকান গছৰ ঠানি কাটিকুটি আনি নিশা কাপোৰৰ অভাৱত জুই ধৰি ধুনি জালে। সেই ধুনিৰ চাৰিউকাষে কাটি অনা বিৰিনা পাতৰ ওপৰত সকলোটি পৰি থাকে। হৰদত্তে দিনেৰাতিয়ে কেৱল দুৰ্গাৰ নাম জপ কৰোতেই কাল নিয়াইছিল। ঘৈণীয়েক, জীয়েক, জোয়াঁয়েক এই সকলে “খা” বুলিলে খাইছিল, খাবলৈ নিদিলেও নুখুজিছিল।
 এই হাবিৰ মাজতো বিপদ আৰু অভাবৰ মাজতো মহীৰাম আৰু পদ্মকুমাৰী সুখী আছিল। অনেক সময়ত পদুমীয়ে মহীৰামৰ লগত খৰি কাঠ গোটাই আনিছিল। মাকৰ লগত গই পানীও আনিছিল। এইদৰে এই পৰিয়ালটোৰ হাবিৰ মাজতে দুমাহ গল। মহীৰাম আৰু বেটিজনীয়েই সকলো কাৰবাৰ কৰি বৰুৱা বৰুৱানীক খুৱাইছিল আৰু সুবিধা পালেই সেই হাবিৰ পৰা ওলাই গৌৰীপুৰৰ ফাললৈ বৰুৱা বৰুৱানী আৰু পদ্মকুমাৰীক লই যাবলৈ চেষ্টাত আছিল। কিন্তু উত্তৰ কামৰূপৰ চাৰিউফালে আহোম সৈন্য আৰু চোৰাং চোৱাই তেওঁ- লোকক ধৰিবলৈ ঘূৰি ফুৰিছে বুলি জানি হঠাতে সেই হাবিৰ পৰা ওলাবলৈ সাহ কৰা নাছিল।
 এইদৰে ফাগুণ গল, চত গল, বহাগ পৰিল, ১৭৯৬ শক [ ১৫৩ ] হল। বহাগ সোমাবৰে পৰা হৰদত বৰুৱাৰ মন আক বেয়া হল। তেওঁ এক প্ৰকাৰ মৌন-ব্ৰত লোৱাৰ দৰে ললে। খাবলৈ খুজি মাগি অনা চাউলৰ ভাত দিলেও নোখোৱাত পৰিল। ইয়াৰ কাৰণ হৈছিল যে হৰদত্তক ভাতৃ শোকে বৰকৈ পিড়িছিল; আৰু তাৰ লগতে তেওঁ জানিছিল যে তেওঁৰ আয়ুশ শেষ হইছে। তেওঁ সপোনত সঠিকত মৃত্যু হব লগীয়া হলে যি বিলাক অমঙ্গল দেখা যায় সেই সমস্তকে দেখিছিল। তেওঁ অহৰ্নিশে দুৰ্গাৰ নাম জপাত মগ্ন আছিল। তেওঁৰ আচৰণত ঘৈণীয়েক, জীয়েক, জোয়াঁয়েক বৰ বিষণ্ণ হই পৰিছিল। তেওঁলোকে ভাবিছিল যে যিমান সোনকালে পাৰে বৰুৱাক লই তাৰ পৰা গৌৰীপুৰৰ ফালে পলাব পাৰিলেই তেওঁলোকৰ দুৰ্দ্দিন গই সুদিন আহিব। হৰদত্ত কিন্তু জানিছিল যে ঘটনা চকৰিয়ে তেওঁক মৃত্যুৰ ফাললৈ টানিছে।