দন্দুৱা দ্ৰোহ/অষ্টাত্ৰিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৫৩ ]

অষ্টাত্ৰিংশ অধ্যায়।

 এইদৰে হাবিৰ মাজত কাল কটাওঁতে জেঠ মাহ পৰিল। এদিন বৰুৱাণীয়ে জীয়েক আৰু বেটীজনীয়ে সৈতে ওচৰৰ বিললৈ পানী আনিবলৈ গল। পানী লৈ উলটি ঘৰ পাওঁ পাওঁ হঁওতেই কৰ পৰানো ওলাই এটা চকৰি-ফেটী সাপে তেওঁৰ ভৰিতে খোট মাৰি দিলে। তেওঁ উহ্‌ উহ্‌ কৰি [ ১৫৪ ] লৰি জুপুৰিৰ ভিতৰত সোমায়ে ঢাল খাই পৰিল। কি হল কি হল বুলি জীয়েক জোঁয়ায়েক বৰুৱাই সাবটি ধৰিলে। বৰুৱাণীয়ে সেহাই সেহাই কলে মোক ফেটী সাপে খুটিলে— মই আৰু নাবাচোঁ। এই কথা শুনা মাত্ৰকে পদ্মকুমাৰীয়ে “আই ঔ! মোৰ মাইৰ কি হল ঔ! বুলি মুচকচ হৈ, পৰিল। মহীৰামে আৰু বেটীজনীয়ে “আমি সাপৰ বিষ জাৰিব পৰা বেজ লৈ আহোঁ গৈ” বুলি গাৱঁলৈ গ’ল। গাৱঁত গৈ বেজ বিচাৰে মানে ইফালে বৰুৱাণীৰ মৃত্যু হল।
 বিপদ হেনো অকলৈ নাহে। এই কথাটো ধ্ৰুব সত্য। বেজ বিচাৰিবলৈ যোৱা গাওঁ খনতে তিনি চাৰিটা শিখ আৰু দহ বাৰটা আহোম ৰণুৱাৰে সৈতে কুমেদান চৰ্দ্দাৰে হৰদত্তক ধৰিবলৈ চুপি আছিল। সিহঁতে এইটো খবৰ পাইছিল যে হৰদত্ত বৰুৱা সন্ধ্যাৰ ঝাৰত লুকাই আছে। আন কলৈকো যাব পৰা নাই। কিন্তু সন্ধ্যাৰ ঝাৰ বোলা ঝাৰনিখন প্ৰকাণ্ড কাঠনি হাবিৰে ভৰা। সেই কাঠনিৰ কোন খিনিত বৰুৱা লুকাই আছে তাৰ উৱাদিহ নাপাই কুমেদানে ধৈৰ্য্য ধৰি চোৰাং চোৱাৰ হতুৱাই সুৰাগ লৈ আছিল। এতিয়া যি মুহূৰ্ত্তেই মহীৰাম আৰু বেটীজনী গাৱলৈ আহিল, সেই মুহূৰ্ত্তেই কুমেদানে তেওঁলোক অহা বাটটো চিনি পাচ ছটা ৰণুৱাৰে সৈতে হাবি সোমাল। পাঁচছটা ৰণুৱাক গাৱঁতে মহীৰাম আৰু বেটীজনীক ধৰিবলৈ আদেশ দিলে। গাৱঁৰ কেইটাই তৎক্ষণাৎ বেটীজনীক ধৰিলে, কিন্তু মহীৰামক [ ১৫৫ ] ধৰিব নোৱাৰিলে। মহীৰ সশস্ত্ৰে পলাই আকৌ ঝাৰণি সোমাল গৈ।
 ইফালে কুমেদানে পহে পহে গৈ হৰদত্তৰ পজাটো পালে। হৰদত্তে আত্ম-ৰক্ষা কৰোঁ বোলা হলে সহজেই আত্ম-ৰক্ষা কৰিব পাৰিলেহেঁতেন। তেওঁ তৰোৱালেৰে নিজক আৰু জীয়েকক আগুৰি কুমেদানক এৰাই আকৌ হাবিত সোমাই ৰক্ষা পাব পাৰিলেহেঁতেন। কিন্তু তেওঁ তেওঁৰ ওচৰত পৰি থকা মৃত পত্নীৰ আৰু মুচ্‌কচ্‌ গৈ পৰি থকা জীয়েকক এৰি পলাবলৈ ইচ্ছা নকৰিলে। তেওঁ জানিলে তেওঁৰ কালপূৰ্ণ হল। কুমেদানৰ লগত যোৱা আহোম ৰণুৱাহঁতে হৰদত্ত বৰুৱাক তৎক্ষণাত হাতে ভৰিয়ে বান্ধি টানি লৈ চেচামুখৰ বাটেদি গ’ল। কুমেদানে ঘৰৰ ভিতৰত সোমাই দেখিলে যে বৰুৱাণী মৃত, পদ্মকুমাৰী মূৰ্চ্চিতা। কুমেদানে বাঁহৰ চুঙাত থকা পানী পদ্মকুমাৰীৰ মূৰত আৰু চকুত ছটিয়াই পদ্ম কুমাৰীৰ চৈতন্য আনিলে। পদ্মকুমাৰীয়ে চেতন লভিয়েই বিনালে—“মাই! তইনো মোক এৰি কলৈ গলি ঔ? পিতি। তই নো কত ঔ? প্ৰাণনাথ! তুমিনো কত? ” চেতনা পাই দেখে যে কুমেদানে অতি আস্তে আস্তে ব্যস্তে সেৱা শুশ্ৰুষা কৰিছে। তেওঁ কুমেদানক চিনিপাই কলে:—কুমেদান চৰ্দ্দাৰ! তুমি ক’ৰ পৰা আহিলা? মোৰ মা আৰু পিতিক ৰক্ষা কৰিব আহিছা নে"? [ ১৫৬ ] কুমেদানে চকু চলচলীয়া কৰি কলে:—“হয়, কিন্তু তোমাৰ পিতি ইয়াৰ পৰা উঠি গৈছে।
 পদ্ম কুমাৰী। —পিতি নো কলৈ গল? মাইক ইয়াতে পেলাই থৈ নো কিয় গল? চৰ্দাৰ কাকা। তুমি কব পাৰানে পিতি কলৈ গল? তুমি মোক পিতিৰ ওচৰলৈ, লৈ যাব পাৰা নে? পিতিয়ে যদি মাইৰ ওপৰত খং কৰিহে গৈছে তেন্তে মাই ইয়াতে শুই থাকক; মই পিতিক হাতে গুৰিয়ে ধৰি লৈ আহোঁগৈ। চৰ্দাৰ! মোক লৈ বলা। ”
 কুমেদান— বাৰু! চলিয়ে। কুমেদানৰ এই কথাত পদ্মকুমাৰী গিৰিস্‌ কৰি উঠি বহিল। ওচৰতে মাকক দেখি কলে: —অ! মাই দেখোন শুয়ে আছে। বাৰু! মাইক নজগাওঁ। পিতিক লৈ আলি মাইক জগাম। অ, মোৰ স্বামী খৰি কটিবলৈ গৈছে নহয়! বাৰু তেৱোঁ আহক। মই পিতিক আনোঁ গৈ। পিছত এটাই বিলাকে লগ লাগি বিলৰ পৰা পানী মানিম। অ, বিলত অকৌ ফেটী সাপ! বাক থাকক ফেটী সাপ। পানী আনি বাঁহৰ চুঙাত মই ভাত ৰান্ধিম। এটাই বিলাকে দেখা দেখিকৈ খাম। চৰ্দ্দাৰ! বলা, বলা, বেলি হল পিতিক ফিৰাই আনো গৈ। এই বুলি কৈয়েই পদ্মকুমাৰী একে কোবে থিয় হল। থিয় হৈয়ে আকৌ ঢলি পৰিল। কুমেদানে আকৌ থাপ মাৰি ধৰিলে। পদ্ম কুমাৰীয়ে কলে:—“বৰ পিয়াহ লাগিছে। ” কুমেদানে তেতিয়া পানী থকা বাঁহৰ চুঙা এটা দিলে। তেওঁ [ ১৫৭ ] সেই চুঙা পানী তেনেই খাই কলে:—“অ, চৰ্দাৰ! তুমি দিয়া পানী খাই মোৰ জাত নগল নে?
 কুমেদান। —কাঁহে তোৰ জাত যাব। তই কলিতা, মইভি আচল ছেত্ৰি।
 পদ্মকুমাৰী। তেন্তে চৰ্দ্দাৰ বলা। এই বুলি কৈয়ে পদ্মকুমাৰীয়ে চুলি-টুলি মেলি লৰ ধৰিলে। কুমেদানো পিছে পিছে লৰি গল। কিন্তু পদ্মকুমাৰীক কুমেদানে ধৰিব নোৱাৰিলে। পদ্মকুমাৰী উন্মত্তা। তেওঁৰ ভৰিত আৰু গাত এটা শক্তি প্ৰবেশ কৰিছে। আগে আগে লৰি লৰি পদ্মকুমাৰীয়ে চেচামুখৰ বাটেদি গৈ শগুণঠুটিৰ বালি পালে। কুমেদানো তেওঁৰ পিছে পিছে লৰি গৈ শগুণ- ঠুটিৰ বালিত ওলাল।