দন্দুৱা দ্ৰোহ/ছয়ত্ৰিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৪৮ ]

ছয়ত্ৰিংশ অধ্যায়।

 এইবাৰ কামৰূপত, বিশেষকৈ জিকেৰিত, আৰু হৰদত্তৰ ফলীয়া যি সকল বৰুৱা, চৌধাৰী আৰু প্ৰজা আছিল, সেই সকলৰ ভিতৰত হাহাকাৰ মিলিল। হৰদত্ত বৰুৱাৰ ঘৰত বীৰদত্তৰ মৃত্যুৰ বাতৰি পাই কান্দোনৰ ৰোল উঠিল। বীৰদত্তৰ পতিপ্ৰাণা সতী সহধৰ্ম্মিনীয়ে গিৰিয়েকৰ মৃত্যুৰ বাতৰি পায়েই ধাচ্‌ কৰে পৰি যি মুচ্‌কচ্‌ গ’ল তাৰ পৰা আৰু দুনাই সাৰ নাপালে। তেওঁ সেই পিনেই নশ্বৰ দেহা এৰি বৈকুণ্ঠী হল। হৰদত্তে কান্দোন-কাটনৰ মাজতো মহীৰাম, পদ্মকুমাৰী আৰু ঘৈণীয়েকক কলে:—“তোমালোকে ধনৰাত গৈ আশ্ৰয় লোৱা। ধনৰীয়া চৌধাৰী যেতিয়া এই বৰফুকনৰ সৈতে ভাল, তোমালোকক ৰক্ষা কৰিব পাৰিব। মই আত্ম সমৰ্পণ কৰোঁ”। ঘৈণীয়েকে কান্দি কান্দি কলেঃ—“আপুনি কয় কি? আমি নিজৰ প্ৰাণ বচাবলৈ ধনৰীয়াৰ ঘৰত চাপিম গৈ আৰু আপুনি আহোমৰ শূলত প্ৰাণত্যাগ কৰিব, এইটো হব নোৱাৰে। [ ১৪৯ ] যদি আত্ম-সমৰ্পণেই কৰিব লাগে, তেন্তে বলক, আপুনি মই উভয়ে আত্ম-সমৰ্পণ কৰোঁ গৈ। জী-জোঁৱাই ধনৰালৈ যাওক। ” শহুৰ শাহুৰ এই কথা শুনি মহীৰামে আঠু লৈ জনালে—“মাতৃ! পিতৃ! আমিও আপোনালোকক এই বিপদত এৰি কাপুৰুষৰ দৰে নিজে বাচিবলৈ কলৈকো নাযাওঁ। এপৰৰ মুৰতে আহোম আহি এইখিনি পাব। বলক, আমি সৌ দূৰত যে সন্ধ্যাৰ ঝাৰখন দেখিছে তাৰে ভিতৰত আশ্ৰয় লওঁ গৈ। যেতিয়া আহোম সৈন্য উলটি যাৰ তেতিয়া আমি তাৰ পৰা ওলাই দেশ এৰি বিজনি বা গৌৰীপুৰলৈ যাম গৈ। ”
 মহীৰামৰ এই কথাকে যুক্তি সঙ্গত যেন দেখি বৰুৱাণীয়ে লৰৰ বেগতে যি দুডোখৰ কানি-কাপোৰ লব পাৰিলে ললে, আৰু অলঙ্কাৰ পাতি হাতত লুকুৱা অলপ ধনবিত যি আছিল তাকো লৈ বেগাবেগিকৈ চাৰিটি প্ৰাণী আৰু লগতে পদ্মকুমাৰীৰ হাত ধৰি লিগিৰীজনীক লৈ সন্ধ্যাৰ ঝাৰৰ ভিতৰত সোমাল গৈ। ওচৰৰ গোত জ্ঞাতিয়ে বীৰদত্তৰ পৰিয়ালৰ দাহন কাৰ্য্যাদি কৰিলে।
 সন্ধ্যাৰ ঝাৰৰ ভিতৰতে মহীৰামে লগত নিয়া সৰু দা আৰু তৰোৱালখানেৰে হাবিৰ মাজতে সৰু সৰু গছ কাটি অলপ-অচৰপ খেৰ কাটি ঝুপুৰি এটা সাজি পাঁচোজন তাতে পৰি ৰল। ইএালে আহোম সৈন্যই হৰদত্ত বৰুৱাৰ হাউলি সোমাই গৰু-মহ, ধান-ধন বয়-বস্তু যি পালে সোপাকে লুটি[ ১৫০ ] পুটি লৈ হৰদত্তৰ ঘৰ আৰু হাউলিবিলাকত জুই লগাই দিলে। হৰদত্তৰ বেটী বন্দী যি আছিল সেই সকলে আগেয়ে যেয়ে যিপিনে পালে সেই পিনে পলাইছিল। বৰফুকনে হৰদত্তক বিচাৰি ধৰিবলৈ এশ আহোম ৰণুৱা আৰু চোৰাং চোৱা আৰু কুমেদানে সৈতে দহজন শিখক এমাহলৈ উত্তৰ কামৰূপৰ ভিতৰত থাকিবলৈ হুকুম দি, আৰু যেয়ে হৰদত্তক ধৰি দিব পাৰে তাকে শিকা ৰূপ এশ দিম বুলি ঢোল পিটি শুনাই দি গুৱাহাটীলৈ উলটিল।