দন্দুৱা দ্ৰোহ/সপ্তবিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১২২ ]

সপ্তবিংশ অধ্যায়।
বৰুৱা—বৰুৱানী।

 মহীৰাম যোৱাৰ সাতদিন মানৰ পিচত এ নিশা আকৌ পদ্মকুমাৰীৰ টোপনি অহা যেন অনুমান কৰি হৰদত্ত বৰুৱাই ঘৈণীয়েকক কলে:—
 “মইছানাৰ মাক! কোচ ৰাজকুমাৰে মাইছানাক বিয়া কৰাবলৈ উত্ৰাৱল হোৱাদি হৈছে।
 গৃহিণী—“বাৰু আমাৰ ইয়াত তেওঁ চপনীয়া হবলৈ গাত লৈছে নে?
 হৰদত্ত— সেইটোত তেওঁ কোনো প্ৰকাৰে সম্মত নহয়। তেওঁ কয় যে বাহুৱলী বীৰৰ আৰু ৰজাৰ ঘৰৰ লৰাই কোনো কালে কতো চপনীয়া থকা নাই। তেওঁনো কেনেকৈ আত্ম-সন্মান নষ্ট কৰি সেইটো কাম কৰিব। তেওঁ ইয়াকো কয় যে তেওঁ মাইছানাৰ লগতে আমাকো তুলি লৈ গই [ ১২৩ ] কোচ বেহাৰত থাপিব আৰু মাহে মাহে আমাক ৰোজ দি ৰাখিব। মোৰ মনেৰে হলে তেওঁতে আমাৰ মাইছানাক বিয়া দি আমাৰ পক্ষে কামৰূপ এৰি যোৱাই ভাল। সদাই বছৰি বছৰি আহোমৰ লগত যুঁজি যে আমি জিকি থাকিম এনেকুৱা আশা নাই। আহোমেও যে সতকাই ৰণ এৰি পলাই যাব তাৰো আশা নেদেখোঁ। তাতে আকৌ আমাৰ হিন্দুৰ ধৈয্য বোলা বস্তু এটা আৰু একতা বোলা বস্তু এটা নাই। দহোটাৰ দহোটা মত। এই চাৰি বছৰৰ ভিতৰতে আমি যুঁজ জিকি থকা স্বত্বেও আমাৰ কামৰূপীয়া বৰুৱা চৌধাৰীসকলে নিজৰ কঁকালৰ বল পাহৰি উচপিচ লগাই কোচবেহাৰ আৰু পঞ্জাবৰ পৰাও সৈন্য অনালে। সেই সৈন্যক ৰছদ দি ৰাখোঁতে আৰু পঞ্জাবী তিনি শ শিখক— ৰছদৰ উপৰিও মাহে মাহে গায় পতি তিনি চাৰি টকাকৈ দৰমহা দিওঁতে মোৰ ধনৰ পৰালি পৰি আহিছে। দেশ ভাতৃ সকলৰ ভিতৰত বুজৰ বৰুৱা দুজনৰ পেট আহোমৰ ফালেই; ই সকলেও আগেয়ে যেনেকৈ বয়ে বস্তুৱে, সৈন্য সামন্তে সহায় কৰোঁ বুলিছিল এতিয়া দিনক দিনে দিনে সেই সহায় দিয়াত টান পাই আহিছে; সেই দেখি আৰু দুই তিনি বছৰ এইদৰে ৰণ চলাই থাকিবলৈ হলে শেহত মোক দেশী বৰুৱা চৌধাৰীসকলেও এৰা দি নিঠঙুয়াত পেলাব। তেতিয়া আমাৰ সবংশে নাশ হব হে লাগিব। সেই দেখি মোৰ বিবেচনাৰে আমাৰ কোচ ৰাজকুমাৰতে [ ১২৪ ] ছোৱালীজনী বিয়া দি কোচ বেহাৰলৈকে উঠি যোৱাটোৱে ভাল হ’ব। ”
 গৃহিণী— আপুনি এজন বীৰ পুৰুষ হৈয়ো কেনেবোৰ কথা কয়। আপুনি আৰু সৰু ডাঙ্গৰীয়ায়ে এই যুঁজখান লগাইছে; এতিয়া যদি আপুনি কামৰূপ এৰি কোচ- বেহাৰলৈ যায় তেন্তে কামৰূপীয়া লৰা—তিৰোতা সকলোৱে আপোনাক ভাল বুলিব নে? আপুনি কোচ বেহাৰলৈ গলেও তাত আপোনাৰ এই ব্যবহাৰ জানি আপোনাক সন্মানত ৰাখিব নে? নিজৰ দেশ এৰি পৰৰ অন্নে প্ৰতিপালিত হবলৈ যোৱাটো কাপুৰুষৰ কাম নহবনে? আপুনি ধৈৰ্য্যা ধৰি যুঁজি থাওক। যুঁজ দেখোন জিকিয়েই আছে। এইদৰে জিকি জিকি শেহত কামৰূপৰ পৰা আহোমক নিৰ্ম্মূল কৰিব পাৰিব। ক্ষত্ৰিয় তেজৰ কলিতাই নিজৰ জীয়াৰীক কোচলৈ বিয়া দি আৰু তেনেকুৱা (আচল ৰজাৰ দূৰ সম্পৰ্কীয়) কোচ কুমাৰৰ লগত বিদেশ আশ্ৰয় কৰিবলৈ যোৱাটো গৌৰৱৰ বিষয় নহব। বাৰু! আপুনি জানো সৰু ডাঙ্গৰীয়াৰে সৈতে এই বিষয়ে আলোচনা কৰিছে?
 হৰদত্ত— (দীঘলকৈ হুমুনিয়া কাঢ়ি) বীৰদত বপাকো মোৰ মনৰ ভাব কইছিলো। সিও কোচ কুমাৰত মাইছানাক বিয়া দিয়া কথাত চুই খায়েই নাযায়। সিও কয় যে [ ১২৫ ] কলিতাৰ কন্যা কোচক, দিবলৈ হলে সি আত্মহত্যাকে কৰিব।
 গৃহিণী—তেন্তে মোৰ মতে আৰু সৰু ডাঙ্গৰীয়াৰ মত সম্পূৰ্ণ মিল হৈছে। আপুনি কোচ কুমাৰক বিদায় দিয়ক আৰু মহীৰাম উলটি আহিলে তাতে মাইছানাক বিয়া দি ঘৰতে ৰাখক।
 হৰদত্ত—মাইছানাৰ মাক! তুমি কথাটো যিমান সহজ দেখিছা মই হলে সিমান সহজ দেখা নাই। কোচ ৰাজ- কুমাৰক এতিয়াই বিদায় দিলে কোচ সৈন্য সমস্ত গুচি যাব; আন কি দৰঙ্গ আৰু বিজনীৰ বিলাকো যাব। তেতিয়া অকল কামৰূপীয়া আৰু শিখ তিনিশ লৈ আহোমক বলে পৰাটো টান হৈ উঠিব। ইয়াৰ উপৰিও মহীৰামো যে চিৰকালে মোৰ ঘৰত চপনীয়া থাকিব সেইটোও মই আশা কৰিব নোৱাৰোঁ। যদিও সৰুতে তাৰ বুজ বিচাৰ লওঁতা কোনো নাছিল তথাপি এতিয়া যে তাৰ বৰ বাপেক আৰু ভাই ভাগিবিলাক নোলাব এনেটোও নাভাবিবা। সিহঁতে তাক জানো চপনীয়া থাকিব দিব?
 গৃহিণী—আপুনি বাৰু অহা বাৰৰ ৰণলৈকে কোচ কুমাৰক ৰাখক। মহীৰামক চপনীয়া ৰখা বিষয়ে মই জগৰীয়া ৰলোঁ। আপুনি মোৰ কথা ৰাখক। মহীৰামলৈকে পদুমক বিয়া দিয়ক। [ ১২৬ ]  হৰদত্ত। —বাৰু মই ভাবিচিন্তি চাওঁ। মহীৰামো উলটি আহক।