দন্দুৱা দ্ৰোহ/অষ্টবিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১২৬ ]

অষ্টবিংশ অধ্যায়।
১৭৯২ শক

 এই শকটোক অসম বুৰঞ্জীৰ এটা যুগ পৰিবৰ্ত্তনৰ সময় বুলিব পাৰি। এই শকৰ কাতি মাহতে ৰংপুৰৰ পৰা এশ চিপাহী লই কাপ্তান ওৱেল্‌ছ ছাহাব গুৱাহাটী পাই গৌৰীনাথ সিংহৰ লগ লাগিল। কাপ্তান ওৱেল্‌ছৰ লগত মুঠেই এশ বন্দুকধাৰী ৰঙ্গা পোছাক পিন্ধা চিপাহি দেখি গৌৰীনাথ সিংহ ৰজাই হতাশ হৈ কাপ্তান চাহাবক জনালে যে এই এশ চিপাহিৰে লাখ লাখ মোৱামৰীয়াক দৰঙ্গি আৰু কামৰূপীয়া হাজাৰ হাজাৰ সৈন্যক নো কেনেকৈ জিকিব। ৰজাৰ কথাত কাপ্তান ছাহাবে হাঁহি কলে :- “ৰজা! যেতিয়া যুঁজ লাগিব তেতিয়াহে দেখিবা। সদ্যহতে মোক তোমাৰ দৰঙ্গলৈ লই বলা। তাত মই কৃষ্ণ নাৰায়ণক দমন কৰি উজনীলৈ সেই পিনে যাম। কাপ্তান চাহাবৰ এই কথাত গৌৰীনাথ সিংহে নিজে চাহাব আৰু চিপাহিক ডাঙ্গৰ ডাঙ্গৰ নাৱেৰে লৈ গল। চাহাবে ৰঙ্গামাটিৰ ঘাটৰ ওচৰত কোঠ মাৰি কৃষ্ণ নাৰায়ণ ৰজালৈ আত্মসমৰ্পণ কৰিবলৈ আদেশ দি চিঠি লেখি পাঠালে। কৃষ্ণনাৰায়ণে ইয়াৰ উত্তৰ স্বৰূপে তিনি হেজাৰ কাড় ধেনু [ ১২৭ ] ধৰা, জাঠি জোঙ চলোৱা কোচ সৈন্যক চাহাবৰ লগত যুঁজিবলৈ পঠাই দিলে। সেই ৰণুৱা বিলাক আহি পোৱাত কাপ্তান চাহাবে নিজৰ চিপাহিবিলাকক ৰীতিমতে ঠিয় কৰাই কোচৰ কাড়ে আহি ঢুকি নোপোৱা ঠাইত ৰাখি তাৰে পৰা বন্দুক মৰাব ধৰিলে। চিপাহিৰ বন্দুকৰ গুলিত কোচ সৈন্য ধাচ ধাচ কৰে মৰিল। বন্দুকৰ গুলিত তত নাপাই কোচ সৈন্যবিলাক যেয়ে যিপিনে পালো সেই পিনে পলাল। কাপ্তান চাহাবে সসৈন্যে দৰঙ্গৰ ৰজাক ধৰিবলৈ আগ বাঢ়িল। কিন্তু ভাগি যোৱা সৈন্যৰ মুখে ইংৰাজৰ প্ৰতাপ শুনিয়েই কৃষ্ণনাৰায়ণ ৰজা আগবাঢ়ি ভাৰে-ভেটীয়ে সৈতে আহি কাপ্তান চাহাবৰ শৰণাপন্ন হোৱাত কাপ্তান চাহাবে তেওঁক আগলৈ আকৌ আহোম ৰজাৰ বিৰুদ্ধে নুঠোঁ বুলি শপত খুৱাই এৰি দিলে। তাৰ পাছত জছাহাব ৰজাৰে সৈতে নাৱেৰে উজাই গই বহাগত ৰংপুৰ পালে।
 ৰংপুৰৰ মুকলি পথাৰ খনত আহোম আৰু ইংৰাজৰ চিপাহিয়ে সৈতে যুঁজ কৰিবলৈ প্ৰায় কুৰিহেজাৰ মোৱামৰীয়াই ধেনু কাড়, জাঠি জোঙ্গ, কাঠ বাঁহৰ চুন খুউৱা তৰোৱাল লৈ, লগত পানী পিঠাগুৰিৰে সৈতে আহি প্ৰায় আধা মাইল আঁতৰৰ পৰা কাপ্তান ছাহাবক ৰজা আৰু চিপাহি শৰে সৈতে চাৰিউপিনে বেঢ়ি ধৰি বহিল হি। ইংৰাজ কাপ্তানৰ মুঠেই এশ ৰঙ্গা কাপোৰ পিন্ধা চিপাহি দেখি সিহঁতে হাঁহি হাঁহি পৰস্পৰে কোৱাকুই [ ১২৮ ] কৰিলে, “ভাইহঁত। চা অ। এই এশটা টুনি চৰায়ে আমাৰে সৈতে যুঁজিবলৈ আহিছে। ভাইহঁত আমাৰ সকলোৱে পানী পিঠাগুৰি খাই ল। আৰু পিছত আমি তিলিক্‌তে গৈ সেই ৰঙ্গা টুনি শ জীয়াই জীয়াই ধৰি আনিম গৈ”—এই কথা কই মোৱা মৰীয়া সকলে লাহে ধীৰে আয়মেৰে গা পা তিয়াব ধৰি লে।
 ইফালে কাপ্তান ছাহাবে তেওঁৰ দূৰবীণৰে চাৰিউপিনে ঘূৰি ঘূৰি চাই স্থিৰ কৰি ললে মোৱামৰীয়াৰ সৈন্য কিমান আৰু তেওঁ বিলাকৰ হাতত কি অস্ত্ৰ শস্ত্ৰ। ইয়াৰ পিছত তেওঁ চিপাহি বিলাকক পেৰেড কৰাই একুৰি পাঁচোটা কৈ চিপাহিৰে চাৰিটা লাইন কৰি এটা বগাকাৰ বেঁহু পাতিলে। সেই বেঁহুৰ মাজত ছাহাব, ৰজা, আৰু এজন হাবিলদাৰ ৰল। হাবিলদাৰ জনে এবাৰ নে দুবাৰ—“গুলি চলামনে” বুলি ছাহাবক সুধিলে। ছাহাবে কলে “আভি মত চালাও। উন্‌নোককো খানা পিনা কৰকে ইছ তৰফ আনে দেওঁ। ছাহাবৰ এই কথা শুনি হাবিলদাৰ মনে মনে থাকিল! ইফালে মোৱামৰীয়া সকলে পানী পিঠা- গুৰি খাই বই তামোল চালি খাই কঁকালত টঙ্গালি আতি কেউফানৰ পৰা জয়ধ্বনি কৰি আগ বাঢ়ি বাঢ়ি আহি যেতিয়া গুলিৰ সীমাৰ ভিতৰত সোমাল আৰু সিহঁতে তাৰে পৰা কাড় মাৰিব ধৰিলে তেতিয়া ছাহাবে Fire বুলি হুকুম দিলে। সেই এশ চিপাহিয়ে পূবে পচিমে, উত্তৰে [ ১২৯ ] দক্ষিণে চাৰিউফালে গিৰ্‌ গিৰ্‌ কৰি বন্দুক মাৰি ধৰিলে। সেই বন্দুকৰ প্ৰত্যেকটো গুলিতেই একোটা একোটা মোৱামৰীৱা ধাচ্‌ ধাচ্‌ কৈ পৰিব ধৰিলে। গুলিৰ কোবত মোৱামৰীয়া আগবাঢ়িব নোৱাৰি আৰু নিজৰ মানুহ দুই তিনি মিনিটে মিনিটে শই শই মৰা দেখি “আই ঐ! এই বিলাক টুনি নহয় ইন্দ্ৰৰ বজ্ৰহে ফিৰিঙ্গতি বুলি যেয়ে যি পিনে পালে পলাব ধৰিলে। চিপাহিহঁতে সঙ্গিন লগাই পিছে পিছে খেদি নিও কিছু মানক খুচি খুচি মাৰিলে। মোৱামৰীয়া সম্পূৰ্ণে পৰাজিত হল। ৰজাই মুখীয়াল মুখীয়াল মোৱামৰীয়া কিছু মানক ধৰি ধৰি অনাই শূলত দিয়ালে। মোৱামৰীয়াই বিদ্ৰোহ এৰি গৌৰীনাথ সিংহৰ শৰণাপন্ন হল।
 ৰজাৰ অনুৰোধত কাপ্তান ছাহাব এমাহ ৰংপুৰত থাকি আমোদ প্ৰমোদ কৰি, হাবি বননিত চিকাৰ খেলি আৰু বুঢ়া গোঁহাইৰ অনুৰোধ মতে তেওঁ গঠন কৰা ৫০০ আহোম ৰণুৱাক ইওৰোপীয় ধৰণে কাবাজ পেৰেড শিকাই ৰূপবান, নজৰ, ভাৰ ভেটী লৈ ৰংপুৰলৈ উলটিল। ৰজাই নিজেই দন্দুৱাদ্ৰোহ নিবাৰণ কৰি ৰাখিম বুলি কোৱাত কামৰূপৰ দন্দুৱাদ্ৰোহ নিবাৰণ কৰিবলৈ নৰল। কিন্তু বিজনি, কোচ বিহাৰ আৰু দৰঙ্গলৈ চিঠি লেখি দিলে তেওঁলোকে যেন কামৰূপীয়াক আৰু সহায় নকৰে। যদি সহায় কৰে তেন্তে আগলৈ ইংৰাজে সৈতে তেওঁলোকৰ ৰণ হব।