দন্দুৱা দ্ৰোহ/ষড়বিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১১৯ ]

ষড় বিংশ অধ্যায়।
বিদায়।

 হৰদত্তে মহীৰামক কোচবিহাৰলৈ যাবলৈ আদেশ কৰাৰ নিশাই মহীৰামে পদ্মকুমাৰীৰ হাত-ধৰী লিগিৰী জনীৰ সহায়ত পদ্মকুমাৰীক ফুলনিতে লগ ধৰি কলে :—
 “পদুম। মই কাইলৈ আকৌ কোচবিহাৰলৈ সিবছৰৰ [ ১২০ ] ৰণৰ নিমিত্তে সৈন্য আনিবলৈ যাব লগাত পৰিলোঁ। পিতিয়ে আজ্ঞা কৰিছে আৰু কোচ ৰাজকুমাৰেও পত্ৰ দিছে। মই কিমান দিনত উলটিম তাৰ কোনো ঠিকনা নাই। মই এইটোও জানিছো যে পিতিয়ে তোমাক কোচ ৰাজ- কুমাৰলৈ বিয়া দিবৰ স্থিৰ কৰিছে। সম্ভবতঃ মই সিফালে থাকোঁতেই ইফালে তোমাৰ বিয়া হৈয়ে যাব। যদি মই উলটি আহি নৌপাওঁতেই তোমাৰ বিবাহ হৈ যায় তেন্তে তোমাৰ পৰা-মই আজিয়েই বিদায় ললোঁ। মোৰ নিচিনা নিছলা দুখীয়াৰ কতো সুখ নাই। সৰুতেই পিতৃ মাতৃ হীন হলো—এতিয়া যৌবনত ভাবিছিলো তোমাক বিয়া কৰাই সুখী হম। মই জানো, আইৰ ইচ্ছা তোমাক মোত দিবলৈ; কিন্তু পিতিৰ মাত গতি অন্য ৰকম। পিতিয়ে তোমাক মোত নিদি তোমাক ৰজাৰ লৰালৈ ৰাণী কৰি দিবৰ হেঁপাহ। যিকিনহওঁক মই দেশৰ হকে সৈন্যও আনিম আৰু যদি তুমি কোচ কুমাৰৰহে অঙ্কশোভিতা হোৱা তেন্তে অহা বেলিৰ ৰণত আহোমে সৈতে যুঁজি ইচ্ছা পূৰ্ব্বকে সেই ৰণতে প্ৰাণত্যাগ কৰিম। মোৰ এইটো ধ্ৰুব সংকল্প বুলি জানিবা। তোমাক মই এই শেষবাৰ চাই ললো। তোমাৰ লগত মই এই শেষবাৰ কথা বতৰা“ হলো ”।
 পদ্মকুমাৰী—প্ৰিয়তম! তুমি নিৰাশ নহবা। আয়ে মোক কেতিয়াও আমাতকৈ নীহ কুলীয়া কোচলৈ বিয়া [ ১২১ ] দিবলৈ নিদিয়ে। আনকি খুড়াও কেতিয়াও এই কথাত সম্মত নহব। মই জানো খুড়াৰ আত্মগৌৰৱ কিমান। আই আৰু খুড়াক উবাৰি যদি পিতিয়ে মোক বল কৰি কোচ কুমাৰত দিব ওলায় তেন্তে মই বিয়াৰ আগ নিশাই অৰ্থাৎ তেলৰ ভাৰৰ দিনাই বিষখাই প্ৰাণত্যাগ কৰিম। তুমি এইটো ধুৰুপ বুজিবা।
 মহীৰাম—তেন্তে পদুম! মই চিন্তা নকৰো। শত বাধা বিঘিণি অতিক্ৰম কৰিও মই পামহি। ঈশ্বৰ আমাৰ সহায় হব। তুমি নিশ্চয় জানিবা ইপুৰীয়ে সিপুৰীয়ে তুমি মোৰ- মই তোমাৰ। এতিয়া যাওঁগৈ দেই সোণ! চুমা এটা জানো দিবা।
 পদ্মকুমাৰী— (আগবাঢ়ি গই চুমা এটা দি) যোৱাগৈ প্ৰিয়তম! ঈশ্বৰে তোমাক নিৰ্ব্বিঘ্নে ওলোটাই আনিবলৈ আৰু পিতিৰ মতি গতি ফিৰাবলৈ মই ঈশ্বৰক দিনে নিশাই খাটিম। ” এইদৰে নিশা সম্ভাষণ হোৱাৰ পিচ দিনাই মহীৰামে খাই বই কোচ বিহাৰলৈ যাত্ৰা কৰিলে।
 ইফালে কোচকুমাৰে হৰদত্তৰ ঘৰত থাকি দিনত হলে নিতৌ হাবিত ছিকাৰ খেলি, নিশা হলে সৰহ সৰহকৈ ওচৰৰ কছাৰি হঁতৰ পৰা গোটাই অনা মদ আৰু হৰদত্তৰ চৰ্ব্ব-চুব্য লেহ্য পেয় খাই, হৰদত্তৰ গোটোৱা ৰছদৰ পৰালি পাৰি, নিজৰ কোচ সৈন্যেৰে সৈতে কাল নিয়াব ধৰিলে। মাজে মাজে হৰদত্তক “কেতিয়া তেওঁলৈ পদ্ম কুমাৰীক বিয়া [ ১২২ ] দিব, এই বিষয়ে খেচ-খেচাবও ধৰিলে হৰদত্তই “বাৰু চাওঁ; সময় আছে”। ইত্যাদি ৰূপে বুজন দি কোচ কুমাৰৰ আও-ভাও দেখি বিমষ ভাবে দিন নিয়াব ধৰিলে।

⸻—