পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

 আহোম ৰজাসকলে কছাৰী, চুতীয়া, ভুঞা এই সকলক জয় কৰি অসম ৰাজ্য লোৱাৰ পিছত দূৰৰ সকলো ঠাইতে ৰজাৰ প্ৰতিনিধি স্বৰূপে একোজন আহোম বিষয়া ৰাখিছিল। শদিয়াত শদিয়াখোৱা গোঁহাই নাম দি এজনক, গোলাঘাটৰ মৰঙ্গিত মৰঙ্গিখোৱা গোঁহাই নাম দি এজনক ৰাখিছিল। সেইদৰে অসমৰ ভাটী অঞ্চল চলাবলৈ গুৱাহাটীত বৰফুকন নামেৰে এজন বিষয়া থৈছিল। এই বৰফুকনেই কামৰূপ ৰাজ্য শাসন কৰিছিল।

 বৰফুকনৰ তলত উত্তৰ পাৰে নলবাৰীৰ চাঁদকুচিত, চাঁদকুচীয়া বুজৰ বৰুৱা আৰু বৰপেটাৰ বৰনগৰত চণ্ডী বুজৰ বৰুৱা ( মানে কটা বৰুৱা) আছিল। এই দুয়োজনাই কামৰূপীয়া মানুহ। চণ্ডী বুজৰ বৰুৱা কায়স্থ আৰু চাঁদকুচীয়া বুজৰ বৰুৱা কলিতা আছিল। যদিও ৰাজ-কাৰ্যত বৰফুকনৰ অধীন, তথাপি তেওঁলোকক ৰজাইহে ভঙা-পতা কৰিব পাৰিছিল। এই দুজনাৰ তলত ঠায়ে ঠায়ে বৰুৱা সকল আছিল। এই বৰুৱা সকলক বৰফুকনেই ভাঙ্গিব পাতিব পাৰিছিল। বৰুৱা সকলৰ তলত আঠ দহজনকৈ চৌধাৰী আছিল। এই চৌধাৰী সকলক বুজৰ বৰুৱায়ে ভাঙ্গিব পাতিব পাৰিছিল।

 দক্ষিণ পাৰে যি সকল দাতিঅলীয়া ৰজা আছিল,