দন্দুৱা দ্ৰোহ/পঞ্চত্ৰিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৪৫ ]

পঞ্চত্ৰিংশ অধ্যায়।

 ভাদ মাহ গাই আহিন পৰিল। বহাগৰে পৰা এই আহিন মাহলৈকে শিখ সকলে যিমান দূৰ পাৰিলে কাম- ৰূপীয়া প্ৰজাক লুটিলে। কামৰূপীয়া প্ৰজাইও ঠায়ে ঠায়ে দলবদ্ধ হই মাজে মাজে শিখ সকলক একো থেকচা দিলে। [ ১৪৬ ] শিখৰ চৰ্দাৰ কুমেদানে দেখিলে যে সদায় প্ৰজাৰ ওপৰত অত্যাচাৰ কৰি দৰমহা আৰু ৰছদ লই থকাটো সহজ আক সুবিধাৰ কাম নহয়; সেইদেখি তেওঁ এইবাৰ আহিন মাহ পৰোতেই বীৰদত্তক কই তেওঁৰ শিখ ৰণুৱা সকলক লগত লই পঞ্জাবলৈ উলটিবৰ মন কৰি জিকেৰি এৰি পচিম মুখে খোজ ললে। শিখসকলক যাব বুলি খৱৰ শুনি উদ্যোগী কলিয়া ভোমোৰা বৰফুকনে চোৰাং-চোৱা পঠিয়াই, নল বাৰিতে শিখ সকলক চোৰাং-চোৱা আৰু চাঁদকুচীয়া বুজৰ বৰুৱাক লগোৱাই, হাজোৰ বাটেৰে পচৰীয়া দলবাৰী আৰু বংশৰলৈ আনি ব্ৰহ্মপুত্ৰ পাৰকৰাই গুৱাহাটীলৈ আনিলে, আৰু পঞ্জাবলৈ উলটি যাবলৈ নিদি নিজৰ ইওৰোপীয় ধৰণে শিক্ষিত পাঁচ শ আহোম ৰণুৱাৰ লগত ভূক্ত কৰি ললে। বেলতলা, লুকী, ডুমুৰীয়া ইত্যাদি ৰজা সকলৰ পৰাও চাৰি পাঁচ শকৈ ৰণুৱা আনি মুঠতে ১৫০০ পোন্ধৰ শ ৰণুৱা, গোটাই লই খৰালিৰ আৰম্ভতে হৰদত্তৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। তেওঁ তেওঁৰ সেই পোন্ধৰ ষোল্ল শ সৈন্য তিনি ভাগ কৰি তিনিফাললৈ পঠিয়ালে। চেঁচামুখলৈ যোৱা ভাগৰ লগত তেওঁ আক কুমেদান উভয়ে গ’ল। আন দুভাগৰ লগত দুজন আহোম সেনাপতি পঠিয়ালে। তেওঁ আৰু কুমেদান উভয়ে যে চেঁচামুখৰ ভাগলই গইছিল ইয়াৰ কাৰণ এই, তেওঁ জানিছিল এইখান দুৱাৰলৈ বীৰদত্ত আহিব। [ ১৪৭ ] যদিও হৰদত্তৰ প্ৰতিভা কামৰূপীয়া বৰুৱা চৌধাৰী সকলৰ মাজত হ্ৰাস হইছিল; তথাপি চাৰি পাঁচ ঘৰ বৰুৱা আৰু চৌধাৰীয়ে তেওঁবিলাকৰ একেবাৰে এৰা দিয়া নাছিল। সেই কেইঘৰৰ সহায়ত আৰু নিজৰো গুণত বীৰদত্তে দুহেজাৰ ৰণুৱা। গোটাইছিল। চিলালৈ মহীৰাম আৰু কমাৰকুচীয়া বৰুৱাক পাঁচ শ ৰণুৱাদি পঠিয়াইছিল। দীৰ্ঘেশ্বৰীলৈ মদাৰতীয়া চৌধাৰীক পাচ শ ৰণুৱা দি পঠিয়াইছিল; আৰু নিজে এহেজাৰ ৰণুৱা লই চেচামুখলৈ আহিছিল।
 তিনিউ ঠাইতে তয়া ময়া ৰণ হল। যদিও কামৰূপীয়াই ধেনু কাড়েৰে আৰু তৰোৱালেৰে অসীম শৌৰ্য্য-বীৰ্য্য দেখুৱাই তিনিউ ঠাইতে যথেষ্ট ৰণ কৰিছিল; তথাপি শিক্ষিত আহোম আৰু শিখৰ আগত তিষ্ঠিব নোৱাৰিলে। পাহাড় আশ্ৰয় কৰিও তত নাপালে। বৰফুকনৰ হিলৈয়ে পাহাড়ো খহাব ধৰিলে। কামৰূপীয়া ৰণুৱা প্ৰত্যেক ঠাইতে শই শই মৰিল। তিনিউ ঠাইতে মাথোঁন দুকুৰি আঢ়ৈকুৰি মানকৈহে মানুহ ৰ’ল। মহীৰাম, কমাৰকুচীয়া আৰু মদাৰ তলীয়া এই তিনিউজনে কোনো ৰকমে প্ৰাণে নমৰি ঘৰলৈ উলটিল। কিন্তু চেঁচামুখৰ ৰণত, সিংহবিক্ৰমেৰে যুঁজি, তৰোৱালৰ কোবত আঠোটা দহটাকৈ আহোম ৰণুৱা কাটিও শেষত আহোম ৰণুৱাৰ বন্দুকৰ গুলিত পৰি কামৰূপৰ বাহুবলী বীৰ বীৰদত্ত বৰুৱাই জননী জন্মভূমি [ ১৪৮ ] কামৰূপ মাতৃৰ পৰা বিদায় লই অনন্তধামলৈ যাত্ৰা কৰিলে। আহোম ৰণুৱা সকলে চেঁচামুখৰ বাটেদি উত্তৰ কামৰূপৰ ভিতৰলৈ, বিশেষ জিকেৰি গাৱৰ ফাললৈ খোজ ললে। উদ্দেশ্য হৰদত্তক গই ধৰি অনাটো।