দন্দুৱা দ্ৰোহ/চতুত্ৰিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৪৩ ]

চতুত্ৰিংশ অধ্যায়।

 ইফালে এই ১৭৯৫ শকৰ আৰম্ভতে আমাৰ ৰজা ৺গৌৰীনাথ সিংহ স্বৰ্গী হল। অসমৰ ৰাজ পাটত কমলেশ্বৰ সিংহ ৰজা হল। বুঢ়া গোহাঁই ৺ঘনশ্যাম পৰলোক হোৱাত তেওঁৰ পুত্ৰ মহামতি ৺পূৰ্ণানন্দ বুঢ়া গোহাঁই হল। ৺কমলেশ্বৰ সিংহে ৰাজপাটত উঠি ৺পূৰ্ণানন্দ বুঢ়া গোহাঁয়ে সৈতে আলচ যুক্তি কৰি বেছকৈ জানিলে যে ভাটীৰ দন্দুৱা দ্ৰোহটোৰ গুৰিত বদনচন্দ্ৰ বৰফুকনৰ কামৰূপীয়া প্ৰজাৰ [ ১৪৪ ] ওপৰত অত্যাচাৰ; আৰু ৰজা আৰু বুঢ়া গোহাঁই উভয়ে এইটোও জানিলে যে বদনৰ নিচিনা বৰফুকনে দ্ৰোহটো নিবাৰণ কৰিবলৈ অক্ষম। ইত্যাদি কাৰণে ৺কমলেশ্বৰ সিংহ স্বৰ্গদেৱে বদন বৰফুকনক উজনিলৈ মাতি পঠিয়ালে আৰু তেওঁৰ ঠাইত ৺কলীয়া ভোমোৰাক বৰফুকন পাতি তেওৰ লগত ইউৰোপীয় ধৰণে শিক্ষিত পাঁচ শ অহোম ৰণুৱা দি কামৰূপলৈ পঠিয়ালে। স্বৰ্গদেৱে ৺কলীয়া ভোমোৰা বৰফুকনক দঢ়াই কলে যে তেও গই অতি শীঘ্ৰে দ্ৰোহটো নিবাৰণ কৰিব লাগিব আৰু যদি যুঁজত নমৰি হৰিদত্ত বৰদত্ত ধৰা পৰে, তেন্তে সিহঁতক শূলত দিব। ৺কলীয়া ভোমোৰা বৰফুকনে ৰজাৰ এই আদেশ লই কামৰূপলৈ আহিল আৰু বহাগৰ মাহৰ ভিতৰতে গুৱাহাটী পাই ৺বদন ববফুকনৰ পৰা যিমান দূৰ পাৰিলে কামৰূপৰ ভিতৰুৱা অবস্থা সুধি-পুছি ললে।
 বুৰঞ্জীত আছে যে কলীয়া ভোমোৰা বৰবিচক্ষণ, ৰাজনীতিজ্ঞ আৰু তাৰ লগে লগে প্ৰায় লাচিত ফুকনৰে নিচিনা বাহুবলী বীৰ আছিল। প্ৰবাদ আছিল, যে তেওঁৰ গতি-বিধি এনেকুৱা আছিল যে তেওঁ কোন সময়ত কিদৰে কাম কৰে তাক কেৱে আগতে হঠাতে জানিব নোৱাৰিছিল। তেওঁ কামৰূপত ভৰি দিয়েই পোন প্ৰথমেই চোৰাংচোৱা লগাই হৰদত্ত বীৰদত্তৰ গতি-বিধি লক্ষ্য কৰিবলৈ ধৰিলে। ঠায়ে ঠায়ে কামৰূপীয়া দুই একজন বৰুৱা চৌধাৰী আৰু [ ১৪৫ ] প্ৰজাৰে মনৰ ভাব লবলৈ ধৰিলে। শিখে জোৰ জবৰদস্তি কৰি ৰছদ আৰু ধন উঠুৱাৰ বাবে যে কামৰূপীয়া বৰুৱা চৌধাৰীৰ দুই চাৰিজন হৰদত্তৰ ওপৰত বিৰক্তি হইছিল ইয়াকো জানি ললে। তাৰ পিছত তলে তলে কেবাজনো বৰুৱা চৌধাৰীক হাত কৰিলৈ তেওঁ হৰদত্তৰ বিৰুদ্ধে যুঁজিবলৈ বল বান্ধি ৰল।

 ইফালে আকৌ বৰুৱা চৌধাৰী সকলৰ পৰা সহায় নাপাই বৰং ঠায়ে ঠায়ে বৈৰীত আৰু বিৰূদ্ধ ভাব পাই বীৰদত্তেও মাহে মাহে কামৰূপীয়া বিষয়া সকলক শিখ লগোৱাই আৰু বেছিকৈ উৎপীড়ন কৰিবলৈ ধৰিলে। ইয়াতে কামৰূপীয়া অনেক বৰুৱা চৌধাৰীয়ে, বিশেষকৈ বিয়াত অপমান পাই থকা ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য কৰি অনেকেই তলে তলে বৰ ফুকনৰ শৰণাপন্ন হবলৈ ধৰিলে। ৺কলীৰা ভোমোৰা বৰফুকনে বঢ়িয়াকৈ জানিলে যে হৰদত্ত বীৰদত্তৰ পতন অনিবাৰ্য্য। তেওঁ খৰালিৰ ৰণলৈ বিপুল আয়োজন কৰি ৰল।