দন্দুৱা দ্ৰোহ/ত্ৰয়োত্ৰিংশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৩৮ ]
ত্ৰয়োত্ৰিংশ অধ্যায়।
১৭৯৫ শঁক

 এই শঁকৰ বহাগ মাহৰে পৰা হেনো হৰদত্ত বৰুৱাৰ সুদিন গই দুৰ্দ্দিন আহিল। দৈবজ্ঞ সকলে তেওঁৰ সোঁৱৰণীৰ ফলাফল চাই কোৱা মতে তেওঁক অশুভ গ্ৰহ সকলে বেড়ি ধৰিলে। যুঁজৰ পিছৰ পৰা শিখ সকলক আকৌ মাহে মাহে ৰছদ আৰু দৰমহা দি থাকিব লগীয়া হোৱাত হৰদত্ত বৰুৱা আৰু বিষম সমস্যাত পৰিল। যদিও কামৰূপীয়া বৰুৱা চৌধাৰী সকলেই পৰামৰ্শ দি পঞ্জাবৰ পৰা শিখ ৰণুৱা অনাইছিল, তথাপি এতিয়া এই শিখ সকলক মাহে মাহে দৰমহা দিয়া আৰু ৰছদ দিয়া সমস্ত বোলা অকল হৰদত্তৰ মূৰতে পৰিল! হৰদত্তে পোনে প্ৰথমে বৰুৱা চৌধাৰী সকলক অনেক কাবৌ-মিনতি কৰি কিছু কিছু ৰছদ আৰু ধন আনি তাৰেই পাল মাৰিছিল। কিন্তু পিছত বৰুৱা চৌধাৰী সকলেও মাহে মাহে গুদগুদাব ধৰিলে। এনেয়ে আজি এই গত পাচ বছৰে আহোমে সৈতে বছৰি ৰণ কৰাত ঢেৰ কামৰূপীয়া প্ৰজা মৰিছে, খেতি খালা নষ্ট হইছে আৰু গত দুবছৰ শিখক মাহে মাহে দৰমহা দিয়াত হাতৰ কোঁচৰ ধনো গইছে; এতিয়া আকৌ মাহে মাহে শিখক খুৱাবলৈ আৰু দৰমহা দিবলৈ কামৰূপৰ বৰুৱা চৌধাৰী- সকলে টান পাব ধৰিলে। হৰদতে এই শঁকৰ বহাগৰ [ ১৩৯ ] সাত বিহুৰ দিনাই আলচ যুক্তি হবলৈ বৰুৱা চৌধাৰী সকলক নিমন্ত্ৰণ কৰিলে। প্ৰায় দুভাগেই সেই নিমন্ত্ৰণলৈ নাহিল। যি এভাগ আহিছিল, সেই সকলেও জনালে বে তেওবিলাকে আৰু ধনেৰে সহায় কৰিবলৈ অক্ষম। বৰুৱা চৌধাৰী সকলে এই কথা কইয়েই নিজ নিজ ঘৰলৈ উলটিল। হৰদত্ত বৰুৱা কিংকৰ্ত্তব্য-বিমুঢ় হল। তেওঁ- বিলাক গুচি যোৱাৰ পিছত হৰদতে ভায়েক বীৰদত্তৰ সৈতে পৰামৰ্শ কৰিলে। তেওঁ বীৰদত্তক কলে, যে যেতিয়া কামৰূপীয়া বৰুৱা চৌধাৰী সকলে তেওঁক সহায় নকৰাত পৰিল আৰু ধনৰীয়া চৌধাৰীকে প্ৰমুখ্য কৰি দুই চাৰিজনে তেওঁৰ বৈৰীও হই উঠিল, এনেস্থলত তেওঁলোকৰ উচিত হল, যে তেওঁলোকে শিখ সকলক বিদায় দি বৰফুকনত আত্ম-সমৰ্পণ কৰিব লাগে, নতুবা কামৰূপ ৰাজ্য এৰি বিজনি বা বেহাৰ, বা ৰংপুৰ, এনেকুৱা ঠাইত গই আশ্ৰয় লব লাগে। হৰদত্তৰ এই পৰামৰ্শত বীৰদত্তে মান্তি নহই কলে—যে তেনেকুৱাটো সদ্যহতে কৰিব নোৱাৰি। বৰুৱা চৌধাৰীসকলেই মত দি এই শিখ অনাইছে যেতিয়া, তেতিয়া তেওঁবিলাকেই আৰু এবছৰ দুবছৰলৈ শিখক পোহ-পাল দি ৰাখিবই লাগিব। ব্ৰহ্মপুত্ৰ নৈ পাৰ হই গুৱাহাটীতে গই পাষণ্ড বৰফুকনটোক ধৰিবই লাগিব। যদি তেওঁ তাকে কৰিব নোৱাৰে, তেন্তে তেওঁ নিজেই আত্মহত্যা কৰিব। যুঁজ এৰি কাপুৰুষালী কৰিবলৈ [ ১৪০ ] বীৰদত্ত জীয়াই নাথাকে। তেওঁৰ এই কথাত হৰদত্তে আকৌ কলে—যে “যি স্থলত কামৰূপীয়া বৰুৱা চৌধাৰী সকলেও তেওঁবিলাকৰ ধনেৰে আৰু ৰছদেৰেও সহায় কৰিবলৈ আগ নবঢ়াত পৰিল আৰু সেই সকলৰ পৰামৰ্শ মতেই কামৰূপীয়াৰ প্ৰজাও যুঁজলৈ নোলোৱাত পৰিল, পবিল, তেনেস্থলত নো তেওঁলোকে আৰু কেনেকৈ বৰফুকনেৰে সৈতে যুঁজিব। ইয়াৰ উত্তৰত বীৰদত্তে কলে যে — “যদি তেওঁ ( হৰদত্ত ) নিজৰ প্ৰাণলৈ ভয় কৰিছে, তেন্তে তেওঁ উঠি বিজনী বা বেহাৰ বা ৰংপুৰলৈ সপৰিবাৰে যাব পাৰে; কিন্তু তেওঁ হলে নাযায়। তেওঁ সেই দুশ শিখ, আৰু যি পায় কামৰূপীয়া প্ৰজা, তাকে লইয়েই যুঁজি থাকিব। যুঁজত জিকিব পাৰে যদি ভালেই, নোৱাৰে যদিও তেওঁ সেই যুঁজতেই প্ৰাণ ত্যাগ কৰিব। ” ভায়েকৰ এনেকুৱা তেজোপূৰ্ণ বাক্য শুনি হৰদত্তে কলে —“যদি তেওঁ বীৰদত্তে তেওঁৰ লগত কামৰূপ এৰি যাবলৈ সন্মত নহয়, তেন্তে তেঁৱো এনেকুৱা কাপুৰুষ নহয় যে তেওঁ ভায়েকক এৰি নিজৰ প্ৰাণ বচাবলৈ বিদেশলৈ যাব। ” তেওঁৰ এই কথাত বীৰদত্তে কলে যে—বাৰু, তেনেহলে তেওঁ (হৰদত্তে) একো চিন্তা নকৰিব। শিখক ৰছদ দিয়া, দৰ্ম্মহা দিয়া, যুঁজ চলোৱা সমস্ত ভাৰ তেওঁ ( বীৰদত্তে ) ললে। ককায়েকে মনে মনে ঘৰৰ কাম যি হয় কৰক, আৰু নিজৰ ইষ্ট-দেবীক ধ্যান কৰক। [ ১৪১ ]  হৰদত্ত ভায়েকৰ এই কথা শুনি মনে মনে ৰল। বীৰদত্ত শিখ সেনাপতি কুমেদানক তেওঁলোকৰ ভিতৰুৱা অৱস্থা সমস্তকে জনাই কলে—যে তেওঁলোকে দৰ্ম্মহা আৰু ৰছদ নিজে নিজে এমাহত দুঘৰ বৰুৱা চৌধাৰী, আন মাহত আন দুঘৰ বৰুৱা চৌধাৰীৰ পৰা আদায় কৰি লব। বীৰদত্তৰ এই আদেশ পাই কুমেদানৰ শিখ সকলে ইমাহত চাৰি ঘৰ, সিমাহত চাৰি ঘৰ বৰুৱা চৌধাৰী আৰু তেওঁলোকৰ প্ৰজা সকলৰ পৰা জোৰ-জবৰদস্তি কৰি ৰচদ আৰু দৰমহা আদায় কৰিব ধৰিলে। যেতিয়াৰে পৰা শিখ সকলে এইদৰে জোৰ-জবৰদস্তি কৰি ৰছদ আৰু ধন তুলিব ধৰিলে, তেতিয়াৰে পৰা কামৰূপীয়া বৰুৱা চৌধাৰী প্ৰজা হৰদত্তৰ ওপৰত নাৰাজ হই উঠিল। তেওঁ বিলাকে হৰদত্তক দেশৰ বৈৰী বুলি ভাবিৱ ধৰিলে। জাকে জাকে প্ৰজাই আহি হৰদত্তৰ ওচৰত আৰাৱ কৰিব ধৰিলে। হৰদত্তে যথাসাধ্যে প্ৰজা সকলক বুজালে। কিন্তু এতিয়া তেওঁৰ বুজনি মানে কোনে? ঠায়ে ঠায়ে শিখে আৰু প্ৰজাই হতাহতি হব ধৰিলে। হৰদত্ত কিংকৰ্ত্তব্য-বিমূঢ় হল। শিখক ৰাখিলেও মৰণ, এৰি দিলেও মৰণ। তেওঁ নিজৰ কপালকে গুণি-গাথি এনিশা শুই আছে; এনেতে সপোন দেখিলে যেন দুৰ্গা দেবীয়ে আহি তেওঁক দেখা দি কইছে :- ”বাছা হৰদত্ত! তই বহুত দুখ পাইছ। তোৰ কৰ্ম্মও শেষ হল। এই অসম ৰাজ্যত আৰু দহ বাৰ বছৰৰ পিছতে [ ১৪২ ] ভয়ঙ্কৰ বিপ্লব হব। আহোমৰ ৰাজ্য নাথাকিব। তই মোৰ গুৰিলৈ সপৰিবাৰে আহিবি। ” এই কথা কইয়েই দেবী অন্তৰ্দ্ধান হল। হৰদত্ত “দুৰ্গে দুৰ্গে দুৰ্গতি নাশিনী, ভব ভয় হাৰিণী, তাৰিণী” বুলি সাৰ পালে। সাৰ পাই তেওঁ ভাবিব ধৰিলে। ভাবি ভাবি পালে যে, তেওঁৰ কি, তেওঁৰ ভায়েকৰো কোনো পুত্ৰ সন্তান নাই। আনকি দুয়ো ভায়েকৰ ভিতৰতে অকল পদ্মকুমাৰীত বাজে আন কোনো সতি-সন্তানেই নাই। সেই পদ্মকুমাৰীকে যেতিয়াই পাত্ৰস্থা কৰিছে, তেতিয়াই তেওঁৰ সংসাৰ-বন্ধন তো এক- প্ৰকাৰ ছিগিছেই। দেশৰ হঁকে তেও যথেষ্ট যুঁজ কৰিলে। এই পৰিমিত তেওঁ কামৰূপীয়াৰ গৌৰব ৰক্ষা কৰিছে। এতিয়া এই কামৰূপৰ বিষয়া আৰু প্ৰজা সকলেই যি স্থলত তেওঁক ভাল নোপোৱাত পৰিছে আৰু আহোমে সৈতে ৰণ কৰিবলৈ মান্তি নোহোৱাত পৰিছে, তেনে স্থলত তেওঁৰ আৰু দেশৰ হঁকে আহোমে সৈতেও ৰণ কৰাৰ ওৰ পৰিছে। এই ৰকমে ভাবি, এই কথাকে সাৰোগত কবি তেওঁ সেই নিশাৰে পৰা ৰণ, বিগ্ৰহ, বিষয় ইত্যাদি সমস্তৰে ধান্দা এৰি দিলে। মাথোঁন বীৰদত্তকে তেওঁ মাজে মাজে ক’ব ধৰিলে:— “বাপা বীৰদত্ত! আহোমৰ সৈতে আমাৰ ৰণ এৰাই ভাল। কামৰূপীয়া বৰুৱা, চৌধাৰী, প্ৰজা, সকলো আমাৰ ওপৰত অসন্তুষ্ট হইছে; শিখ সকলে প্ৰজাক পীড়ণ কৰিছে। ” বীৰদত্তে কলে:— “নহয় দাদা। এইবাৰ খৰা[ ১৪৩ ] লিৰ ৰণটো কৰি লওঁ। বাৰু, তাৰ পিছত যি হয় কৰা যাব। ” হৰদত্তে ঘৈণীয়েকক এদিন কলে:— “মাইছানাৰ মাক! আমি মাইছানা আৰু জোঁৱাই উভয়কে ধনৰালৈ পঠিয়াই দি ৰণ-বিগ্ৰহ এৰি তীৰ্থলৈকে যাওঁ বলা। ” ঘৈণীয়েকে কলে:—“আপুনি কি কথা কয়? মই প্ৰাণটো গলেও জী জোয়াইক ধনৰালৈ পঠিয়াব নোৱাৰোঁ। মোৰ অঙ্গীকাৰ এৰিব নোৱাৰোঁ। ঘৈণীয়েকৰ পৰাও এনেকুৱা সমিধান পাই তেওঁ মনে মনে ৰল। যুঁজৰ ভাব বীৰদত্ত, সংসাৰৰ ভাৰ ঘৈণীয়েকত অৰ্পি তেওঁ দিবা ৰাত্ৰি দুৰ্গা নাম জপিব ধৰিলে।

⸻—