দন্দুৱা দ্ৰোহ/ঊনচল্লিশ অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৫৭ ]

ঊনচল্লিশ অধ্যায়।

 আজি শগুণঠুটিৰ বালি লোকে লোকাৰণ্য। বৰফুকন তাত নিজেই উপস্থিত। হৰদত্তক আহোম সেনাই ধৰি বান্ধি আনি হাজিৰ কৰিছে।
 বৰফুকনে কলে:—“হেৰ হৰদত্ত! উইৰ দৰে মৰিবৰ কালত তোৰ পাখি গজিছিল। আজি সাত বছৰে তই ৰাজদ্ৰোহ কৰিলি!
 হৰদত্ত।—শুনা বৰফুকন! মই ৰাজাৰ দ্ৰোহ কৰা [ ১৫৮ ] নাছিলো; কিন্তু তোমাৰ উপৰি জনাৰ, অৰ্থাৎ বদনৰ নিচিনা পাষণ্ড অত্যাচাৰী বৰফুকনৰ বিৰুদ্ধেহে মই অস্ত্ৰ ধৰিছিলো। সি থাকিব লাগিছিল, তেহে সি বুজিলে হেঁতেন কামৰূপীয়া ভীৰু কাপুৰুষ নহয়। সি বুজিছিলেই।
 কলীয়া ভোমোৰা বৰফুকন। —অবশ্যে মই বদনে কি কৰিছিল কব নোৱাৰো, কিন্তু তই আহোম সৈন্যৰে সৈতে ৰণ কৰাটোৱেই ৰাজদ্ৰোহ হইছিল। তই জাননে যে ৰজাৰ আজ্ঞাত মই তোক শূলত দিবলৈ বাধ্য হৈছো। তই যদি এতিয়াও শৰণাপন্ন হৱ, তেন্তে তোক সদ্যহতে পোতাশালত বন্দী কৰি থৈ মই ৰজালৈ জনাব পাৰো।
 হৰদত্ত। —মোৰ বীৰ ভ্ৰাতৃ গল। মৰমৰ পত্নী গল। মোৰ বাচিবৰ ইচ্ছা নাই; মই শৰণাপন্ন নহওঁ। তুমি মোক শূলত বা বৰশীত যিহতে ইচ্ছা হয় দিব পাৰা।
 কলীয়া ভোমোৰা। —তেন্তে মোৰ গাত পাপ আৰু দোষ নাই। চাওডাঙ! ইয়াক সৌ খিনিতে শূলত দে। ৰাইজে দেখক ৰাজদ্ৰোহীৰ কি পৰিণাম হয়।
 হৰদত। —দে মোক শূলত। কিন্তু বৰফুকন! মই মৰণ কালত তোমাক কেই আষাৰমান কথা কওঁ —ৰজালৈ জনাই পঠিয়াবা। প্ৰথমতঃ—সি বদন বৰফুকনে আমাৰ কামৰূপীয়াক ইমান দুখ দিলে, ইমান অত্যাচাৰ কৰিলে, সেই বৰ ফুকনৰ আওমৰণে মৰণ হব। সিয়েই তহঁতৰ অহোম ৰাজ্য খাব। দ্বিতীয়তঃ—ৰজাই কাৰ দোষ কাৰ [ ১৫৯ ] গুণ বিচাৰ নকৰিলে। মাত্ৰ বৰফুকনক ইয়াৰ পৰা লৈ গৈ তেওঁৰ ঠাইত তোমাক পঠালে। এনেকুৱা বিলাক অন্যায় অত্যাচাৰৰ ফলত এই আহোম ৰাজ্য অচিৰতে ধ্বংস পাব। মই মা ভগবতীৰ আদেশত কলো। ” হৰদতৰ এনেকুৱা তেজঃপূৰ্ণ অভিশাপ শুনি বৰফুকনে খঙতে একো নাইকিয়া হৈ কলে :—চাওডাঙহঁত! কি চাই আছ। ইয়াক লৈ যা। শূলত দে গৈ। ”
 বৰফুকনৰ এই আদেশত আঠোটা চাওডাঙে হৰদতক টানি লৈ গল। হৰদতে আৰু কেনো মাত নামাতি চকু মুদি ইষ্টদেবীৰ ধ্যানত মগ্ন হল। চাওডাঙে তেওঁক জীয়াই জীয়াই শূলৰ ওপৰত তুলি দি সেই শূল গুহ্যদ্বাৰৰ পৰা একেবাৰে মূৰলৈকে ফুটাই দিলে। হৰদতে কোনো চিঞৰ বাখৰ নকৰাকৈ অকাতৰে শূলত প্ৰাণত্যাগ কৰিলে।
 শূলত তেওঁৰ প্ৰাণত্যাগ হৈছে মাথোঁন, এনেতে সিফালৰ পৰা উন্মত্তা পদ্মকুমাৰী লৰি পালেহি। তেওঁ মুক্তকেশী, প্ৰায় বিবস্ত্ৰা, বৰণ সোণৰ। লৰি আহি শূলত বাপেকৰ মৃত শৱটোক সাবটি ধৰিলে। কেৱে এৰাব বা বাধা দিব নোৱাৰিলে। সমস্ত প্ৰজা স্ততি! আন কি, তেওঁৰ ৰূপ লাৱন্য আৰু অবস্থা দেখি বৰফুকনো স্তম্ভিত। এনেতে পিছতে কুমেদানে খেদি আহি চিঞৰি কলে:— “মা। মা! সেইটো কৰবাৰ মৰা মানুহ। এৰি দে” এই বুলি কুমেদানে তেওঁক ধৰিবলৈ আগুৱাই গল। কুমেদানক খেদি [ ১৬০ ] দেখি পদ্মকুমাৰীয়ে জলদ গম্ভীৰ স্বৰে কলে —“বঙাল! বিশ্বাসঘাতক! তই মোক নুছুবি। মোক ছুলেই তই এই খিনিতেই সবংশে নিধন হবি। পহ্মকুমাৰীৰ এই বাক্যত কুমেদান হঠাতে থামিল। এনেতে সিফালৰ পৰা মহীৰামে মুকলি তৰোৱালে সৈতে আহি কুমেদানৰ আগত পদুমীক পিচত ৰাখি থিয় হৈ ক’লে:—“কি বঙাল! নিমখ হাৰাম! তোৰ এক কালৰ প্ৰভুক যে টকাৰ লোভত ধৰাই দিলিয়েই, এতিয়া সেই প্ৰভু কন্যাকো তই ধৰিব যাৱ। খোল তোৰ তৰোৱাল পাষণ্ড! দে মোৰে সৈতে যুজ। এই বুলি কৈয়েই মহীৰামে তৰোৱাল তুলিলে। কুমেদানেও আত্ম- ৰক্ষাৰ্থে তৎক্ষণাৎ ফাকৰ পৰা তৰোৱাল খুলিলে। কুমেদানে কোনো কথা কবলৈ বা জবাব দিবলৈ নৌ পাওঁতেই মহীৰামে অস্ত্ৰ চলালে: শিক্ষিত কুমেদান সিঙে সেই ঘাত নিজৰ তৰোৱাল পাতি আগুৰিলে। উভয়ৰে তৰোৱালে তৰোৱালে যুঁজ হল। পদ্মকুমাৰীয়েও খন্তেক পৰ শৱটো এৰি গড়াৰ কাষলৈ পিছুৱাই পিছুৱাই গৈ সেই যুঁজ চাব ধৰিলে। ৰাইজেও আৰু বৰফুকনেও তধা লাগি চাই ৰল। কুমেদানো শিখ বীৰ— অস্ত্ৰ চলোৱাত, বিশেষ, তৰোৱালৰ যুদ্ধত অতি নিপুন। মহীৰাম যদিও কোমল বয়সীয়া কামৰূপীয়া কলিতাৰ লৰা, তথাপি তেওঁৰো অস্ত্ৰ শিক্ষা কম নাছিল। কুমেদান ধীৰ আৰু অটল, কিন্তু মহীৰাম দুখে শোকে এক প্ৰকাৰ উন্মত্ত আছিল। অলপ বেলিৰ মূৰতে [ ১৬১ ] কুমেদানৰ তৰোৱালৰ কোবত মহীৰাম আহত হৈ অৱশ হল। কুমেদানো মহীৰামৰ তৰোৱালৰ কোব এটা হাতত লাগি তৰোৱাল এৰি দি ধাচ কৰে পৰিল। কুমেদানৰ সোঁ হাত খান হাৰলৈকে কাটিলে। কিন্তু মহীৰামে কুমেদানৰ তৰোৱালৰ পৰা যি আঘাত পাইছিল সি সাঙ্ঘাতিক। এটা গলত, এটা কলিজাৰ ওপৰত। মহীৰাম মাটিত পৰি অৱশ হল। মহীৰামৰ মৃত্যু ওচৰ চাপিল। কাতৰ কণ্ঠে পদুমীলৈ চাই কলে—“পদুম মই আহিলো। জননী জন্মভূমি কামৰূপ! তোমাত বিদায় মাগিলো। হাঁ কামৰূপ সূৰ্য্য পিতৃ হৰদত্ত! তুমিও গ’লা। ” এই বুলি কৈয়েই মহীৰামে অনন্ত কাললৈ চকু মুদিলে।
 পদ্মকুমাৰীৰ সেই সময়ত সুন্দৰ জ্ঞান উপস্থিত হল। তেওঁ কলে—“মহীৰাম! তুমিও গ’লা। তোমাৰ অবিহনে পদ্ম ৰয় কেনেকৈ? বাৰু যোৱা এই বুলি কৈয়েই বৰফুকনৰ ফালে চাই কলে—“ঐ বৰফুকন! তহঁতৰ অত্যাচাৰতে মই আজি কামৰূপ এৰিলো, আন কি, মই অসম ৰজাকো এৰিলো। জাননে, আহোম ৰজাৰ বংশ আৰু কুৰি বছৰৰ মুৰতে ধ্বংস হব। আহোম ৰজাৰ নাম নুমাব। এই বুলি কৈয়েই পদ্মকুমাৰীয়ে সৰুকালৰ সেই অতি মৰমৰ গীতটো গালে “সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা। ”
 তাৰ পিছতে কলে—“বাবা ব্ৰহ্মপুত্ৰ! তোৰ কোলাত মোক ঠাই দে। মাই ঔ! ৰবি, ময়ো যাব লাগিছো। [ ১৬২ ] পিছতে আকৌ “গালে—অক্ৰুৰে লৈয়া গল ৰথতে তুলি— গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি”। জেঠ মহীয়া অলপ অলপ পানীৰ বেগত গড়া খহিব ধৰিছিল। গীত গাই গাই পিছুৱাই পিছুৱাই গৈ পদ্মকুমাৰী গড়াৰ পাৰ পালে। এনেতে পানীৰ সোঁতত তেওঁ ঠিয় হোৱা গড়াটো হুৰুম কৰে খহি পৰিল। তেওঁ আৰু তেওঁৰ পিতাকৰ শৱও শূলে সমন্বিতে পানীত পৰিল। প্ৰজাই হাঁয়! হাঁয়! কৰিব ধৰিলে। পানীৰ সোঁতত গড়া, মানুহ, শূল, পদ্মকুমাৰী সোপায়ে ডুবিল। এবাৰ নৈৰ পাকত প্ৰায় দহ নলমান আতৰত পদ্মকুমাৰী পানীৰ তলৰ পৰা ওপঙি উঠিছিল তেতিয়াও তেওঁ গাইছিল:⸺
 “সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা। ” আকৌ পদ্মকুমাৰী ডুবিল। এইবাৰ আৰু তেওঁৰ দেহ কলৈ গল কেৱে নেদেখিলে। আন কি, তেওঁৰ দেহ বা শৱ আৰু কেৱে দেখা নাছিল।